ETV Bharat / state

টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক

author img

By

Published : Jan 18, 2020, 7:41 PM IST

টিংখাঙৰ তিনিআলি চাহ বাগিচাত বাঘৰ আক্ৰমণ । বাঘৰ আক্ৰমণত গুৰতৰভাৱে আহত হয় দুজন ব্যক্তিৰ লগতে এগৰাকী মহিলা ।

Tingkhang Leopard Attacked
টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক

টিংখাং,18 জানুৱাৰী : টিংখাঙত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস । টিংখাঙৰ তিনিআলি চাহ বাগিচাত শণিবাৰে দুপৰীয়া চলিল বাঘৰ আক্ৰমণ । তিনিআলি বিল দলঙৰ কাষত খৰি কাটিবলৈ যাওঁতে মিনা ঝাৰা নামৰ এগৰাকী মহিলাক আক্ৰমণ কৰে । বাঘৰ আক্ৰমণত মূৰ আৰু মুখমণ্ডলত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ স্থানীয় তিনিআলি চাহ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পাচত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে । ইয়াৰ পাছতে পুনৰ বাঘটোৱে আন দুজন ব্যক্তিক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । আহত ব্যক্তি দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় । বৰ্তমান ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ বাঘটো ধৰিবলৈ পিঞ্জৰা পতাৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে বুলি স্থানীয় ৰাইজে সদৰি কৰে ৷

টিংখাঙত নাহৰফুটুকীৰ আক্ৰমণত আহত তিনিজনকৈ লোক

লগতে পঢ়ক:অসমতে ভগনীয়া হ’ল অসমীয়া সংস্কৃতি

Intro:টিংখাঙৰ তিনিআলি চাহ বাগিচাত বাঘৰ আক্ৰমণ । তিনিজন আহত ।
Body:
টিংখাং-টিংখাঙত নাহৰফুটুকী বাঘৰ সন্ত্ৰাস। টিংখাঙৰ তিনিআলি চাহ বাগিচাত আজি দুপৰীয়া চলিল বাঘৰ আক্ৰমণ। তিনিআলি বিল দলঙৰ কাষত খৰি কাটিবলৈ যাওঁতে মিনা ঝাৰা নামৰ এগৰাকী মহিলাক মূৰ আৰু মুখত বাঘে আক্ৰমণ কৰে। বাঘৰ আক্ৰমণত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত মহিলাগৰাকীক ততাতৈয়াকৈ স্থানীয় তিনিআলি চাহ বাগিচা চিকিৎসালয়ত প্ৰাথমিক চিকিৎসা কৰাৰ পাচত উন্নত চিকিৎসাৰ বাবে প্ৰেৰণ কৰা হৈছে। ইয়াৰ পাছতে পুনৰ বাঘটোৱে আন দুজন ব্যক্তিক আক্ৰমণ কৰি গুৰুতৰ ভাৱে আহত কৰে । আহত ব্যক্তি দুজনক উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয়। বৰ্তমান ঘটনাস্থলিত বন বিভাগৰ লোক উপস্থিত হৈ বাঘটো ধৰিবলৈ পিঞ্জৰা পতাৰ ব্যৱস্থা কৰিছে । উল্লেখযোগ্য যে অঞ্চলটোত দীৰ্ঘদিন ধৰি কেইবাটাও নাহৰফুটুকী বাঘে সন্ত্ৰাস চলাই আহিছে বুলি স্থানীয় ৰাইজে সদৰি কৰে -

Byte-

টিংখাঙৰ পৰা দীপক গগৈ।Conclusion:ঐ
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.