ETV Bharat / state

টিকট দিয়াটো দলৰ কাম,আমাৰ কাম ৰাইজৰ সেৱা কৰা : বিধায়ক চক্ৰধৰ গগৈ

author img

By

Published : Sep 10, 2020, 3:56 PM IST

Three foundation set up by MLA Chakradhar Gogoi in Moran
টিকট দিয়া দলৰ কাম, আমাৰ কাম ৰাইজৰ সেৱা কৰা : বিধায়ক চক্ৰধৰ গগৈ

মৰাণৰ ধেমেচীত একেদিনাই তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক চক্ৰধৰ গগৈৰ ৷ আধাৰশিলা স্থাপন কৰিয়ে কৰ্ম তথা অগ্ৰাধিকাৰ ভিত্তিত মুখ্যমন্ত্ৰী,ৰাজ্যিক সভাপতি,ৰাষ্ট্ৰীয় সভাপতিয়ে টিকট কাক দিব সেইয়া স্থিৰ কৰিব বুলিও মন্তব্য কৰে বিধায়কগৰাকীয়ে ৷

মৰাণ, 10 ছেপ্তেম্বৰ : মৰাণৰ ধেমেচীত বুধবাৰে মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈয়ে একেদিনাই তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন কৰে । বিধায়কগৰাকীয়ে প্ৰথমে ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহৰ আধাৰশিলা স্থাপন কৰে । এই আধাৰশিলা অনুষ্ঠানত ধেমেচী উচ্চ মাধ্যমিক বিদ্যালয়ৰ প্ৰধান শিক্ষক মোহনলাল উপাধ্যায়,ধেমেচী গাঁও পঞ্চায়তৰ সভাপতি অতুল চাংমাই,সমাজকৰ্মী মৃদুল দিহিংগীয়া,চেপন জিলা পৰিষদৰ সদস্যা জ্যোস্না কৈৰীকে ধৰি অঞ্চলটোৰ বহু কেইগৰাকী বিশিষ্ট লোক উপস্থিত থাকে ।

তিনিখনকৈ আঁচনিৰ আধাৰশিলা স্থাপন বিধায়ক চক্ৰধৰ গগৈৰ

ইয়াৰ পিছতেই ধেমেচী স্বাস্থ্য উপ-কেন্দ্ৰ আৰু বেজপথাৰ নামঘৰৰো আধাৰশিলা স্থাপন কৰে বিধায়কগৰাকীয়ে । ইফালে বিধায়কগৰাকীয়ে সাংবাদিকে কৰা এক প্ৰশ্নৰ উত্তৰত কয় যে,টিকট দিয়াটো দলৰ কাম । আমাৰ কাম হৈছে ৰাইজৰ সেৱা কৰা । কৰ্ম তথা অগ্ৰাধিকাৰ ভিত্তিতেই মুখ্যমন্ত্ৰী,ৰাজ্যিক সভাপতি,ৰাষ্ট্ৰীয় সভাপতিয়ে টিকট কাক দিব তাক স্থিৰ কৰিব বুলিও মন্তব্য প্ৰদান কৰে ।

লগতে চাওক-ক'ৰণাত আক্ৰান্ত হৈ মৃত্যু অগপৰ মহিলা পৰিষদৰ ৰাজ্যিক নেত্ৰীৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.