ETV Bharat / state

মৰাণত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাঃ অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু

author img

By

Published : Feb 3, 2021, 4:05 PM IST

মৰাণৰ হাটখোলাত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা । অগ্নিকাণ্ডত এটা বাসগৃহ ভষ্মীভূত হোৱাৰ লগতে অগ্নিদগ্ধ হৈ মৃত্যু হয় এগৰাকী বৃদ্ধাৰ ।

terrible-fire-in-moran
মৰাণত বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনাঃ অগ্নিদগ্ধ হৈ বৃদ্ধাৰ মৃত্যু

মৰাণ, 3 ফেব্ৰুৱাৰী : বুধবাৰে মৰাণত সংঘটিত হয় এক বিধ্বংসী অগ্নিকাণ্ডৰ ঘটনা ।‌ অগ্নিকাণ্ডত এটা বাসগৃহ ভষ্মীভূত হোৱাৰ লগতে অগ্নিদগ্ধ হৈ মৃত্যু হয় এগৰাকী বৃদ্ধাৰ । মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত হাটখোলাৰ মনোজ সিং নামৰ ব্যক্তিজনৰ ঘৰত বৈদুতিক শ্বৰ্ট চাৰ্কিটৰ ফলত জুইৰ সুত্ৰপাত হোৱা বুলি জানিব পৰা গৈছে ৷ এই অগ্নিকাণ্ডত মনোজ সিঙৰ বৃদ্ধা মাতৃ ৰাজৰাণী সিং (90) জীৱন্তে অগ্নিদগ্ধ হৈ নিহত হয় ৷

ঘটনাৰ খবৰ লাভ কৰি ঘটনাস্থলীত অগ্নি নিৰ্বাপক বাহিনীৰ লোক উপস্থিত হৈ জুই নিৰ্বাপন কৰে যদিও তেতিয়ালৈকে ঘৰখন ভষ্মীভূত হোৱাৰ লগতে সেই সময়ত ঘৰৰ ভিতৰত অকলে থকা মহিলাগৰাকীও অগ্নিদগ্ধ হৈ মৃত্যুক আঁকোৱালি লয় ৷

লগতে পঢ়ক : ৰাজ্যপালৰ স্বাক্ষৰৰ পিছতে অসমত বন্ধ হ'ল চৰকাৰী মাদ্ৰাছা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.