ETV Bharat / state

ৰাজহ মন্ত্ৰীৰ গৃহ নগৰতে ভূ-মাফিয়াৰ অতপালি

author img

By

Published : Mar 1, 2022, 7:35 PM IST

temple-land-occupied-by-land-mafia-at-moran
ৰাজহ মন্ত্ৰীৰ গৃহ নগৰ মৰাণতে ভূ-মাফিয়াৰ অতপালি

তিনিচুকীয়া জিলাৰ টেঙাখাট আলিমূৰ নিৱাসী এজন লোকে বেদখল কৰাৰ লগতে জালিয়াতিৰে ভূমি বিক্ৰী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে (Temple land occupied by Land mafia at Moran) ৷

মৰাণ, 1 মাৰ্চ : মৰাণৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত ২ নং সৰুপথাৰত অৱস্থিত ঐতিহাসিক কালি মন্দিৰৰ ভূমিত চলিছে ভূ-মাফিয়াৰ অতপালি (Temple land occupied by Land mafia at Moran) ৷ তিনিচুকীয়া জিলাৰ টেঙাখাট আলিমূৰ নিৱাসী লক্ষ্মণ চাহু নামৰ এজন লোকে বেদখল কৰাৰ লগতে জালিয়াতিৰে বিক্ৰী কৰাৰ ষড়যন্ত্ৰত লিপ্ত হোৱা বুলি অভিযোগ উত্থাপন কৰিছে মন্দিৰ পৰিচালনা সমিতিয়ে ৷

ৰাজহ মন্ত্ৰীৰ গৃহ নগৰ মৰাণতে ভূ-মাফিয়াৰ অতপালি

উল্লেখ্য যে, ৰাজহ মন্ত্ৰী যোগেন মহনৰ গৃহ নগৰ মৰাণতে এই ভূ-মাফিয়াৰ কাণ্ড অব্যাহত আছে (Land mafia in revenue minister's home town) ৷ সোমবাৰে আবেলি মন্দিৰৰ চৌহদত এখন সংবাদমেল সম্বোধন কৰি মন্দিৰ পৰিচালনা সমিতিৰ সভাপতি নিৰেশ্বৰ বকলীয়াল, উপ-সভাপতি সূৰ্য বৰগোহাঁই আৰু সম্পাদক জান শইকীয়াই ভূমি জালিয়াতিত লিপ্ত অসাধু ব্যক্তিজনৰ বিৰুদ্ধে আইনগত শাস্তি প্ৰদানৰ দাবী জনায় ।

উল্লেখ্য যে, চৰাইদেউ জিলাৰ মাহমৰা ৰাজহ চক্ৰৰ অন্তৰ্গত 2 নং সৰুপথাৰ (অভয়পুৰ)ত বিগত প্ৰায় 100 বছৰ পূৰ্বে কালি মন্দিৰ নিৰ্মাণৰ বাবে স্থানীয় এজন লোকে দান সূত্ৰে আগবঢ়াইছিল এডোখৰ ভূমি । ইয়াৰপাছতে 1 কঠা 9 লেচা ভূমি কালি মন্দিৰ (থান)ৰ নামত আবন্টন দিছিল চৰকাৰে ৷

পিছে টেঙাখাটৰ লক্ষ্মণ চাহু নামৰ লোকজনে ভূমিখণ্ড বেদখল কৰি আন এজন লোকক বিক্ৰী কৰাৰ অভিযোগ তোলে মন্দিৰ পৰিচালনা সমিতিয়ে । ইফালে লক্ষ্মণ চাহুৱে মৰাণৰ 2 নং সৰুপথাৰত থকা শহুৰেকৰ ভূমি জালিয়াতি কৰি বিক্ৰী কৰাৰো অভিযোগ উঠিছে ।

লগতে একেডোখৰ ভূমি কেইবা গৰাকীও লোকক বিক্ৰী কৰি বিয়াগোম জালিয়াতিৰ আশ্ৰয় লোৱা লক্ষ্মণ চাহুক শীঘ্ৰে কঠোৰ আইনগত শাস্তি প্ৰদানৰ দাবী উত্থাপন কৰে মন্দিৰ পৰিচালনা সমিতিয়ে । আনহাতে মন্দিৰটোৰ সমীপতে থকা আন এডোখৰ শহুৰেকৰ ভূমি ধন আদায় লোৱাৰ পাছতো দীৰ্ঘদিনে হস্তান্তৰ কৰা নাই বুলি কেইবাগৰাকীও ভুক্তভোগীয়ে আজিৰ সংবাদমেলত আন এক গুৰুতৰ অভিযোগ তোলে ৷

লগতে পঢ়ক : Maha Shivratri at Maha Mrituynjay Mandir: মহা মৃত্যুঞ্জয় মন্দিৰত পূজা আগবঢ়ালে ৰাজ্যপালে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.