ETV Bharat / state

টাই আহোম উন্নয়ন পৰিষদত প্ৰায় 24 কোটি টকাৰ জালিয়াতিৰ অভিযোগ টাইপাৰ

author img

By ETV Bharat Assamese Team

Published : Dec 13, 2023, 10:57 PM IST

টাই আহোম উন্নয়ন পৰিষদত দুৰ্নীতিৰ অভিযোগ ৷ ২৪ কোটি টকাৰ জালিয়াতি হোৱা ঘটনাক চি এম ভিজিলেঞ্চৰ যোগেদি তদন্তৰ আহ্বান জনায় টাইপাই ।

Tai Ahom development council
TAYPA

টাই আহোম উন্নয়ন পৰিষদত প্ৰায় 24 কোটি টকাৰ জালিয়াতি

মৰাণ, 13 ডিচেম্বৰ: অসমৰ জনগোষ্ঠী সমূহৰ উন্নয়নৰ বাবে ৰাজ্য চৰকাৰে গঠন কৰি দিছে উন্নয়ন পৰিষদ । ৰাজ্যখনৰ টাই আহোম জনগোষ্ঠীৰ সৰ্বাংগীন উন্নয়ন বিকাশ অধিক ক্ষীপ্ৰতৰ কৰাৰ স্বাৰ্থত গঠন কৰা হৈছে টাই আহোম উন্নয়ন পৰিষদ । এই টাই আহোম উন্নয়ন পৰিষদ গঠন হোৱাৰে পৰা জনগোষ্ঠীটোৰ উন্নয়নৰ বাবে এনে কি বিশেষ কাম কৰিছে সেই বিষয়ত জনগোষ্ঠীৰ ৰাইজ জ্ঞাত নহয় যদিও উন্নয়ন পৰিষদে প্ৰতি বছৰে ঠায়ে ঠায়ে প্ৰেছাৰ কুকাৰ, কাপোৰ চিলাই কৰা মেছিন, পানী ফিল্টাৰ বিতৰণ কৰি অহাটো সকলোৰে জ্ঞাত ।

ইয়াকে লৈ টাই আহোম উন্নয়ন পৰিষদক জনগোষ্ঠীটোৰ সচেতন ৰাইজে সমালোচনা কৰি আহিছিল । কিন্তু ইয়াৰ মাজতেই টাই আহোম উন্নয়ন পৰিষদত প্ৰায় ২৪ কোটি টকাৰ জালিয়াতিৰ অভিযোগ উত্থাপন কৰিছে টাই আহোম যুৱ পৰিষদে ।

মৰাণত বুধবাৰে টাই আহোম যুৱ পৰিষদে সংবাদমেল অনুষ্ঠিত কৰি টাই আহোম উন্নয়ন পৰিষদত 24 কোটি টকাৰ জালিয়াতি হোৱা ঘটনাক চি এম ভিজিলেঞ্চৰ যোগেদি তদন্তৰ আহ্বান জনায় । অন্যথা উচ্চ ন্যায়ালয়ৰ দ্বৰাস্থ হোৱাৰ হুংকাৰ প্ৰদান কৰিছে সংগঠনটোৰ কেন্দ্ৰীয় নেতৃত্বই । এই সংবাদমেলত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰ আৰু সম্পাদক ৰুদ্ৰসাগৰ বুঢ়াগোহাঁইকে ধৰি বহুকেইজন বিষয়ববীয়া উপস্থিত থাকে ।

সংবাদমেলত টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে কয় যে জনগোষ্ঠীৰ উন্নয়নৰ বাবে যি কাউন্সিল গঠন কৰিছিল সেই কাউন্সিলে ৰাস্তা-ঘাট, শ্মাশান, স্কুল আদি নিৰ্মাণৰ নামত বহু কোটি টকা মোকলাই অনা হৈছে ৷ কিন্তু তাৰ মাজতেই দুৰ্নীতি সংঘটিত কৰিছে একাংশই ৷ গতিকে সমগ্ৰ বিষয়টোৰ উপযুক্ত তদন্ত কৰাৰ বাবে চৰকাৰক আহ্বান জনায় নেতাগৰাকীয়ে ৷ টাইপাৰ এই অভিযোগৰ পাছতে সমগ্ৰ বিষয়টোত ৰাজ্য চৰকাৰে কেনেদৰে পদক্ষেপ গ্ৰহণ কৰে সেইয়াহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক: কাছাৰত ভাতৃঘাতী সংঘৰ্ষত NNCৰ এজন সদস্য নিহত, এজন চিকিৎসাধীন

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.