ETV Bharat / state

Central established Day of TAYPA: জনজাতিকৰণৰ দাবীত চৰকাৰলৈ হুংকাৰ টাইপাৰ

author img

By

Published : Jul 17, 2023, 10:11 AM IST

Updated : Jul 17, 2023, 10:26 AM IST

TYPA observes 28th foundation day in Moran
টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

টাইপাৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে মৰাণত দিনযোৰা কাৰ্যসূচী উদযাপন কৰা হয় । টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷

টাইপাৰ 28 সংখ্যক কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস

ডিব্ৰুগড়, 17 জুলাই: মৰাণত অনুষ্ঠিত হ'ল টাইপাৰ কেন্দ্ৰীয় প্ৰতিষ্ঠা দিৱস ৷ আহোমক লৈ ৰাজনৈতিক খেলা বন্ধ কৰিবলৈ প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পৰা আহ্বান টাইপাৰ ৷

আহোম জনগোষ্ঠীৰ বিভিন্ন সমস্যা, জনগোষ্ঠীটোৰ উত্তৰণৰ বাবে দীৰ্ঘদিনে সংগ্ৰাম কৰি অহা টাই আহোম জনগোষ্ঠীৰ অন্যতম যুৱ সংগঠন টাই আহোম যুৱ পৰিষদ, অসম চমুকৈ টাইপাৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱস দেওবাৰে মৰাণত দিনযোৰা কাৰ্যসূচী উদযাপন কৰা হয় । 28 সংখ্যক প্ৰতিষ্ঠা দিৱস উদ্দেশ্যে টাইপা, মৰাণ মহকুমা সমিতিৰ উদ্যোগত মৰাণ মিলিত সমাজ প্ৰেক্ষগৃহত পুৱা পতাকা উত্তোলন, চাওলুং ছ্যুকাফাৰ প্রতিচ্ছবিত মাল্যাৰ্পণ, মহাবীৰ লাচিত বৰফুকনৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, মৈদাম তৰ্পন, বান-ফি মাংগলিক অনুষ্ঠানৰ পিছতে ৰূপায়ণ কৰা হয় বাৰেৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা ।

টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াসকলৰ লগতে সাংস্কৃতিক শোভাযাত্ৰাত অংশগ্ৰহণ কৰে ৰাজ্য চৰকাৰৰ মন্ত্ৰী যোগেন মহনে ৷ এই অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰী যোগেন মহনে কয় যে, টাইপাই আহোম জনগোষ্ঠীৰ উত্তৰণৰ বাবে যি প্ৰচেষ্টা হাতত লৈ আহিছে তাক লেখত ল'বলগীয়া ৷ আহোমৰ ছশ বছৰৰ ৰাজত্বৰ যি ইতিহাস, তাকো জীয়াই ৰাখিবলৈ চেষ্টা কৰিছে সংগঠনটোৱে ৷ লগতে মন্ত্ৰী গৰাকীয়ে কয় যে, অসমৰ প্ৰতিটো জনগোষ্ঠীয় সংগঠনসমূহ শক্তিশালী হোৱাটো বিচাৰো ৷ জনগোষ্ঠীয় সংগঠনসমূহ শক্তিশালী হ'লেই অসমখন শক্তিশালী হৈ উঠিব বুলি মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ৷

আনহাতে টাইপাৰ 28 সংখ্যক প্ৰতিষ্ঠা দিৱসৰ কাৰ্যসূচীৰ পৰাই পুনৰ জনজাতিকৰণৰ দাবীত চৰকাৰলৈ হুংকাৰ প্ৰদান কৰে টাইপাৰ কেন্দ্ৰীয় সমিতিয়ে ৷ আহোমক লৈ ৰাজনৈতিক খেলা বন্ধ কৰিবলৈ আহ্বান টাইপাৰ ৷ অন্যথা অসম জ্বলিব আৰু আহোমৰ যুৱকসকলে বিকল্প ব্যৱস্থা ল'বলৈ বাধ্য হ'ব বুলি উল্লেখ কৰে টাইপাৰ সভাপতি বিজয় ৰাজকোঁৱৰে ৷ বিশাল সাংস্কৃতিক শোভাযাত্ৰাৰ পাছতেই অনুষ্ঠিত হোৱা মুকলি সভাত আছু, আটাছু, অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদ ইত্যাদি দল-সংগঠনৰ বিষয়ববীয়াসকলৰ লগতে বহুকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

লগতে পঢ়ক : Constituency Delimitation: আঙুলিৰ ঠাৰত কোনে, কিয় নাচিছে ; কি ক’লে অখিল গগৈয়ে ?

Last Updated :Jul 17, 2023, 10:26 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.