ETV Bharat / state

Assam BJP's internal conflict: বিজেপিৰ দলৰ পতাকাখন ভালদৰে চালে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে ফটো দেখিব: প্ৰশান্ত ফুকন

author img

By

Published : Aug 17, 2023, 7:44 PM IST

ন-বিজেপি, পুৰণি বিজেপি প্ৰসংগত বিধায়ক প্ৰশান্ত ফুকনৰ বক্তব্য ৷ এজনী ছোৱালীক ৪০ বছৰ আগতে বিয়া পাতিলে আমি ন-বোৱাৰী কম । ৪০ বছৰ পাছতো সেইজনীক আমি ন-বোৱাৰী বুলিয়েই কম । ঠিক সেইদৰে দলতো এনেকুৱাই কথা ।

Assam BJP's internal conflict
ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন

ডিব্ৰুগড়, ১৭ আগষ্ট: বৃহৎ ৰাষ্ট্ৰীয় দল এটাত সংঘাত থাকিবই । এইবোৰ বিশেষ ডাঙৰ কথা নহয় । এটা দিনৰ পূৰ্বে পুৰণা বিজেপিক দলত এলাগী কৰা বুলি বিধায়ক সিদ্ধাৰ্থ ভট্টাচাৰ্যই উত্থাপন কৰা অভিযোগৰ প্ৰতিক্ৰিয়া ব্যক্ত কৰি ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকনে এই মন্তব্য কৰে । বিধায়কজনে কয়, এনেবোৰ সংঘাত সকলো দলতে থাকে । দলত কোনোৱেও কাকো এলাগী কৰা নাই বুলি মন্তব্য কৰি কয়, সিদ্ধাৰ্থ ভট্টাচাৰ্য যিধৰণে পুৰণা বিজেপি, ঠিক সেইদৰে দলৰ ময়ো পুৰণি কৰ্মী ।

তেওঁ আৰু কয়, সিদ্ধাৰ্থ ভট্টাচাৰ্য দলৰ দুবাৰকৈ সভাপতি আৰু মন্ত্ৰী আছিল । দলৰ পতাকাখন যদি ভালদৰে চোৱা হয় তেনেহ'লে সিদ্ধাৰ্থ ভট্টাচাৰ্যৰে ফটো দেখিব । আজিৰ তাৰিখত নতুন-পুৰণাৰ প্ৰাসংগিকতা নাই । এজনী ছোৱালীক ৪০ বছৰ আগতে বিয়া পাতিলে আমি ন-বোৱাৰী কম । ৪০ বছৰ পাছতো সেইজনীক আমি ন-বোৱাৰী বুলিয়েই কম । ঠিক সেইদৰে দলতো এনেকুৱাই কথা । ৮ বছৰৰ আগতে যিখিনিয়ে কাম কৰিছে পুৰণা কৰ্মী বুলি যদি কাম নকৰে, নতুন বুলি যদি ৰাতি ১২ বজালৈকে পোষ্টাৰ লগাই থাকে, তেতিয়া নতুনক গ্ৰহণ কৰাই ভাল । ন-বিজেপি, পুৰণা বিজেপি প্ৰসংগত এইদৰে যুক্তি দিলে বিজেপিৰ জ্যেষ্ঠ বিধায়কজনে ।

উল্লেখ্য যে, ৰাজ্যত দুবাৰকৈ চৰকাৰ গঠন কৰিবলৈ সক্ষম হোৱা পাচতেই শাসক দল বিজেপিত আৰম্ভ হৈছে অন্তঃকন্দল । ন-পুৰণি বিজেপিৰ মাজত ক্ৰমাৎ আৰম্ভ হৈছে সংঘাত । বহুকেইজন জ্যেষ্ঠ বিজেপি নেতাই মুকলিকৈ ন-পুৰণি বিজেপিৰ সংঘাতক লৈ বিষোদগাৰ প্ৰকাশ কৰা পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Indrani Tahbildar Death: ইন্দ্ৰাণী কাণ্ডত বিজেপি দল আৰু চৰকাৰত জোকাৰণি; মুখ্যমন্ত্রীৰ নিৰ্দেশৰ পিছতেই তৃষ্ণা শৰ্মাক বহিষ্কাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.