ETV Bharat / state

ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান মন্ত্ৰী তেলীৰ

author img

By

Published : Aug 13, 2022, 8:15 AM IST

Updated : Aug 13, 2022, 3:51 PM IST

rameswar teli talking about 75th independence day
ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

মৰাণত ঘৰে ঘৰে ত্ৰিৰংগ পতাকা(Har Ghar Tiranga) অনুষ্ঠানত অংশ গ্ৰহণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে । অনুষ্ঠানত অংশগ্ৰহণ কৰি ভাৰতবৰ্ষক ভালপোৱা প্ৰতিগৰাকী লোককে ১৫ আগষ্টত ৰাষ্ট্ৰীয় পতাকা উৰুৱাবলৈ জনালে আহ্বান(Rameswar Teli urges to hoist national flag) ।

মৰাণ,১৩ আগষ্ট: ভাৰতবৰ্ষক ভালপোৱা সকলো লোককে ১৫ আগষ্টত জাতীয় পতাকা উৰুৱাবলৈ আহ্বান কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ(Rameswar Teli urges to hoist national flag) । শুকুৰবাৰে মৰাণত সাংবাদিকৰ আগত কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে ভাৰতবৰ্ষত পাকিস্তানৰ গুণ গোৱা মানুহো আছে । আলফা স্বাধীনৰ নাম উল্লেখ নকৰাকৈ মন্ত্ৰীজনে কয় যে এনে কোনো বিদ্ৰোহী সংগঠনো আছে যিয়ে ১৫ আগষ্ট বা ২৬ জানুৱাৰী পালন কৰিব নালাগে বুলি আহ্বান জনায় । কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে স্বাধীনতাৰ ৭৫ বছৰ সম্পূৰ্ণ হোৱাৰ মুহুৰ্তত বিভিন্ন কাৰ্যসূচী হাতত লৈছে ।

উল্লেখযোগ্য যে স্বাধীনতাৰ অমৃত মহোৎসৱ(Azadi Ka Amrit Mahotsav) উপলক্ষে শুকুৰবাৰে মৰাণৰ তিলৈ নগৰ গ্ৰাম্য বজাৰ প্ৰেক্ষাগৃহত মৰাণ সমষ্টিৰ ৭৫ গৰাকী বিশিষ্ট ব্যক্তিক সম্বৰ্ধনা আৰু চেক বিতৰণৰ এক অনুষ্ঠান অনুষ্ঠিত হয় । ইয়াৰে শিক্ষা আৰু সামাজিক ক্ষেত্ৰলৈ সেৱা আগবঢ়োৱা ২৫ গৰাকী ব্যক্তিক সম্বৰ্ধনা আৰু ৫০ গৰাকী ব্যক্তিক মুখ্যমন্ত্ৰীৰ সাহাৰ্য্য পুঁ‌জিৰ চেক বিতৰণ কৰা হয় ।

ভাৰতবৰ্ষক ভালপোৱা সকলোকে জাতীয় পতাকা উৰুৱাবলৈ আহ্বান মন্ত্ৰী তেলীৰ

অনুষ্ঠানটোত মন্ত্ৰী তেলী মুখ্য অতিথি হিচাপে উপস্থিত থকাৰ লগতে বিধায়ক চক্ৰধৰ গগৈসহ বহু কেইগৰাকী দলীয় নেতা কৰ্মী উপস্থিত থাকি বক্তব্য আগবঢ়ায় । অনুষ্ঠানটোত পৱিত্ৰ ৰাখী বন্ধন উপলক্ষে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক কৰ্মীসকলে ৰাখীও পিন্ধায় ।

লগতে পঢ়ক: Amir Khan will be in Assam: অসমলৈ আহিব বলীউডৰ তাৰকা আমিৰ খান

Last Updated :Aug 13, 2022, 3:51 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.