ETV Bharat / state

Rameshwar Teli on PM Modi:প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে বিশ্বাস নকৰে জাত-পাতৰ কথাত

author img

By

Published : Jul 17, 2023, 3:36 PM IST

Rameshwar Teli says PM Narendra Modi does not talk about caste
মোদীয়ে বিশ্বাস নকৰে জাত-পাতৰ কথাত

ৰাজনীতিত জাত-পাতৰ কথা চলি থাকিলেও প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও জাত-পাতৰ কথা নকয়: কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলী ৷

ৰামেশ্বৰ তেলী

ডিব্ৰুগড়, 17 জুলাই : শেহতীয়াকৈ আহোম জনগোষ্ঠীক লৈ অসমৰ ৰাজনৈতিক পৰিস্থিতি একপ্ৰকাৰে উত্তাল হৈ পৰিছিল । জনগোষ্ঠীসমূহক লৈ ৰাজ্যৰ ৰাজনৈতিক পৰিৱেশ উত্তাল হৈ থকা সময়তে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে মৰাণত এক অনুষ্ঠানত অংশগ্ৰহণ কৰিবলৈ আহি মত প্ৰকাশ কৰে যে, ‘ৰাজনীতিত জাত-পাতৰ কথা চলি থাকিলেও কিন্তু প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কেতিয়াও জাত-পাতৰ কথা নকয় । দেশৰ প্ৰধানমন্ত্ৰীয়ে সবকা সাথ, সবকা বিকাশ, সবকা বিশ্বাস, সবকা প্ৰয়াসেৰেই দেশ আগুৱাই নিছে আৰু সেই ধৰণেৰে আমি কাম কৰি গৈ আছো’ ।

কেন্দ্ৰীয় মন্ত্ৰী তেলীয়ে লগতে কয়, ‘প্ৰধানমন্ত্ৰী উজ্বলা যোজনা আঁচনিত 9 কোটি 80 লাখ মহিলাক গেছ চিলিণ্ডাৰ প্ৰদান কৰিছো, য’ত কোনো জাত-পাত, ধৰ্মৰ বিচাৰ কৰা হোৱা নাই । একেদৰে সকলো আঁচনি জাত-পাত, ধৰ্ম নিৰ্বিশেষেই দিয়াৰ সিদ্ধান্ত গ্ৰহণ কৰা হৈছে’ ।

নিৰ্বাচন সন্দৰ্ভত কেন্দ্ৰীয় মন্ত্ৰীজনে কয়, ৰাজ্যত 2024 ত লোকসভা নিৰ্বাচন, 2026 ত বিধানসভা নিৰ্বাচন হ’ব । এই কেইদিনতে দেশৰ চাৰিখন ৰাজ্যৰ নিৰ্বাচন আছে । এই চাৰিখন ৰাজ্যৰ নিৰ্বাচনৰ কাৰণে তেওঁলোকৰ দলে পূৰ্ণ প্ৰস্তুতি চলাইছে বুলি উল্লেখ কৰে তেওঁ । চাৰিখন ৰাজ্যৰ কেৱল মধ্য প্ৰদেশতহে ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ আছে কিন্তু ছত্তীশগড়, ৰাজস্থান আৰু তেলেংগানাত যিহেতু বিজেপিৰ চৰকাৰ নাই, সেইগতিকে বিজেপিয়ে এই কেইখন ৰাজ্যৰ নিৰ্বাচনত যথেষ্ট গুৰুত্ব দিছে । 24 ৰ নিৰ্বাচনত 100 শতাংশই ভাৰতীয় জনতা পাৰ্টীৰ চৰকাৰ হ’ব আৰু নৰেন্দ্ৰ মোদীয়েই ভাৰতৰ প্ৰধানমন্ত্ৰী হ’ব বুলি ডাঠি কয় কেন্দ্ৰীয় মন্ত্ৰীজনে ।

লগতে পঢ়ক : General Election 2024: কেন্দ্ৰত পুনৰ শাসনলৈ আহিব বিজেপি; দাবী সৰ্বানন্দ সোণোৱালৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.