ETV Bharat / state

Assam Govt distribute Bicycles: '২৪ ত BJP য়েই কেন্দ্ৰত চৰকাৰ গঠন কৰিব: ৰামেশ্বৰ তেলী

author img

By ETV Bharat Assamese Team

Published : Oct 13, 2023, 11:02 PM IST

বিৰোধী ঐক্যই চেষ্টা কৰিলেও ২৪ত কেন্দ্ৰত মোদীৰ নেতৃত্বত বিজেপি চৰকাৰ হ'ব । ১২৪৭৪ গৰাকী ছাত্ৰ-ছাত্ৰীক আনুষ্ঠানিকভাৱে বাইচাইকেল প্ৰদান কৰি এই মন্তব্য প্ৰকাশ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ । লগতে বিৰোধী ঐক্য মঞ্চক তীব্ৰ সমালোচনা কেন্দ্ৰীয় মন্ত্ৰীগৰাকীৰ ।

Rameshwar Teli distributes bicycle in Dibrugarh
২৪ ত BJP য়েই কেন্দ্ৰত চৰকাৰ গঠন কৰিব: ৰামেশ্বৰ তেলী

ডিব্ৰুগড়ত চাইকেল বিতৰণকেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীৰ

ডিব্ৰুগড়,১৩ অক্টোবৰ: ৰাজ্য চৰকাৰে ৰাজ্যজুৰি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰী সকলক চাইকেল প্ৰদানৰ ব্যৱস্থা কৰিছে । দৰিদ্ৰ পৰিয়ালৰ ছাত্ৰ-ছাত্ৰীসকলে কোনোধৰণৰ অসুবিধা নোহোৱাকৈ যাতে শৈক্ষিক জীৱন আগুৱাই নিব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে বিগত কেইবাবছৰ ধৰি নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলক বাইচাইকেল প্ৰদান কৰি আহিছে । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰৰ লগতে শুকুৰবাৰে ডিব্ৰুগড়ত চৰকাৰী বিদ্যালয়ৰ নৱম শ্ৰেণীৰ ছাত্ৰ-ছাত্ৰীসকলৰ মাজত অনুষ্ঠানিক ভাৱে চাইকেল বিতৰণ কৰে কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে ।

ডিব্ৰুগড় জিলাখনৰ ১২৪৭৪ ছাত্ৰ-ছাত্ৰীৰ মাজত বিতৰণ কৰে এই চাইকেলসমূহ । ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, বিধায়ক চক্ৰধৰ গগৈ, পৰ্যটন নিগমৰ অধ্যক্ষ ঋতুপৰ্ণ বৰুৱা, জ্যোতি চিত্ৰবনৰ উপাধ্যক্ষ সুনীল ৰাজকোঁৱৰ, অসম গেছ কোম্পানীৰ উপাধ্যক্ষ ইন্দ্ৰ গগৈৰ লগতে জিলা প্ৰশাসনৰ শীৰ্ষ বিষয়া সকলৰ উপস্থিতিত এই চাইকেল বিতৰণ কাৰ্যসূচীত অংশ লৈ কেন্দ্ৰীয় মন্ত্ৰী ৰামেশ্বৰ তেলীয়ে কয়, ডিব্ৰুগড় জিলাত বৰ্তমান শৈক্ষিক পৰিৱেশ উন্নত হৈ উঠিছে ।

চৰকাৰৰ প্ৰচেষ্টাত বিদ্যালয়সমূহৰ সমস্যাসমূহ নোহোৱা হৈছে । ডিব্ৰুগড় জিলাৰ বিধায়কসকলেও নিজ নিজ সমষ্টিৰ বিদ্যালয়সমূহৰ আন্তঃগাঁথনি উন্নত কৰাৰ লগতে বিদ্যালয়সমূহলৈ যোৱা পথসমূহ উন্নয়নৰ বাবে চেষ্টা কৰিছে বুলিও কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে উল্লেখ কৰে । লগতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে নিজাববীয়াকৈ সমগ্ৰ ডিব্ৰুগড় জিলাখনৰ বিদ্যালয়সমূহৰ বিভিন্ন সমস্যা সমাধানৰ বাবে চেষ্টা কৰাৰ কথা উল্লেখ কৰে ।

এই অনুষ্ঠানতে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে সমগ্ৰ ভাৰতবৰ্ষতে বিজেপিৰ বিৰুদ্ধে যি বিৰোধী ঐক্য গঠন হৈছে তাক তীব্ৰ ভাষাৰে সমালোচনা কৰে । কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে কয় যে বিজেপিৰ বিৰুদ্ধে বিৰোধী ঐক্যই যি ৰাজনৈতিক কৌশল অৱলম্বন কৰিলেও '২৪ ৰ লোকসভা নিৰ্বাচনত বিজেপিয়েই কেন্দ্ৰত চৰকাৰ গঠন কৰিব । বিজেপি চৰকাৰে কৰা উল্লেখনীয় কামৰ ফলশ্ৰুতিতে নৰেন্দ্ৰ মোদীৰ নেতৃত্বত '২৪ ত ভাৰতীয় জনতা পাৰ্টীয়ে চৰকাৰ গঠন কৰাটো প্ৰায় নিশ্চিত বুলি উল্লেখ কৰে কেন্দ্ৰীয় মন্ত্ৰীগৰাকীয়ে ।

লগতে পঢ়ক: Assam Govt distribute Bicycles: শিলচৰত চাইকেল বিতৰণ মন্ত্ৰী পীয়ুষ হাজৰীকাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.