ETV Bharat / state

Professor was attacked by stuntman: উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত অধ্যাপক

author img

By ETV Bharat Assamese Team

Published : Sep 16, 2023, 7:23 PM IST

ডিব্ৰুগড়ৰ জামিৰাত উদণ্ড যুৱকৰ আক্ৰমণত আহত অধ্যাপক । মৰাণ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহঃ অধ্যাপক ৰোহিনী চেতিয়াক আক্ৰমণ কৰি ভাঙিলে তেওঁৰ চাৰিচকীয়া বাহন । ডিব্ৰুগড়ৰ জামিৰা তিনিআলিৰ পৰা বগীবিল সংযোগী পথত সংঘটিত এই লাজলগা ঘটনা ।

Professor injured in youth beating in Dibrugarh
উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত অধ্যাপক

উদণ্ড যুৱকৰ প্ৰহাৰত আঘাতপ্ৰাপ্ত অধ্যাপক

ডিব্ৰুগড়,১৬ ছেপ্টেম্বৰ: ডিব্ৰুগড় জিলাখনত দিনক দিনে বৃদ্ধি পাইছে অপৰাধজনিত ঘটনা । ঘটিছে সামাজিক অৱক্ষয় । উদণ্ড যুৱকে যেন মানিবই নোখোজো কাকো । নিশাটো বাদেই দিন দুপৰতে একাংশ উদণ্ড যুৱকে সন্ত্ৰাস চলাইছে ডিব্ৰুগড়ৰ বিভিন্ন প্ৰান্তত । নিচাজাতীয় দ্ৰব্যৰ প্ৰতি আসক্ত হোৱাকে আদি কৰি বিভিন্ন অপৰাধপ্ৰৱণ মনোভাৱে গ্ৰাস কৰিছে যেন যুৱকসকলক । ৰাজ্যৰ বিভিন্ন প্ৰান্তত একাংশ উদণ্ড বাইক আৰু চাইকেল ষ্টাণ্টকাৰীৰ বিৰুদ্ধে আৰক্ষী কঠোৰ হোৱা সময়তো গা-লৰা নাই একাংশ উদণ্ড যুৱকৰ ।

এইবাৰ উদণ্ডতাৰ সীমা চেৰাই গ'ল ডিব্ৰুগড়ৰ একাংশ উদণ্ড যুৱক । শুকুৰবাৰে বিয়লিভাগত চাইকেল ষ্টাণ্টকাৰীৰ প্ৰহাৰত গুৰুতৰভাৱে আঘাতপ্ৰাপ্ত হয় মৰাণ মহাবিদ্যালয়ৰ অৰ্থনীতি বিভাগৰ সহ-অধ্যাপক ৰোহিনী চেতিয়া । উদণ্ড চাইকেল ষ্টাণ্টকাৰীয়ে অধ্যাপকজনক শাৰীৰিকভাৱে প্ৰহাৰ কৰাৰ ওপৰিও ভাঙিলে অধ্যাপকজনৰ চাৰিচকীয়া বাহন । অধ্যাপকগৰাকীক প্ৰহাৰ কৰা ষ্টাণ্টকাৰীয়ে কেইজন ক্ৰমে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ সমীপৰ দীঘলা গাঁৱৰ হেমন্ত গগৈ আৰু জ্যোতিষ্মান বুলি জানিবলৈপৰা গৈছে ।

আহত অধ্যাপকগৰাকীয়ে ইতিমধ্যে বৰবৰুৱা আৰক্ষী চকীত দাখিল কৰে এখন এজাহাৰ । একাংশ ষ্টাণ্টকাৰী আৰু উদণ্ড যুৱকে এই পথচোৱাৰ কাষতে মদ-ভাং আদি খোৱাৰ উপৰিও বহু অসামাজিক কামত লিপ্ত হোৱাৰো অভিযোগ উত্থাপন কৰিছে স্থানীয় লোকে । এইক্ষেত্ৰত ডিব্ৰুগড় জিলা প্ৰশাসনক বিহীত ব্যৱস্থা গ্ৰহণ কৰিবলৈ আহ্বান জনায় মটক যুৱ ছাত্ৰ সন্মিলনী বৰবৰুৱা আৰু জামিৰা আঞ্চলিক সমিতিয়ে । এগৰাকী সহ-অধ্যাপকক আক্ৰমণ কৰা ঘটনা পোহৰলৈ অহাৰ পাছতে ডিব্ৰুগড়ত তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । সকলোৱে এই কাৰ্যক একেমুখে গৰিহণা দিয়া পৰিলক্ষিত হৈছে ।

লগতে পঢ়ক: Deepor Beel: অৱহেলিত দীপৰ‌ বিল; দীপৰ‌ বিলৰ‌ উন্নয়ন সম্পৰ্কত বিধানসভাত সাত বছৰে একেটা উত্তৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.