ETV Bharat / state

চৰকাৰে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিছেঃ টাইপা

author img

By

Published : Mar 23, 2021, 8:18 PM IST

জনাজাতিকৰণৰ প্ৰতিশ্ৰুতি দি প্ৰতিবাৰেই ৰাজনৈতিক দলে আহোম জনগোষ্ঠীৰ ভোট লাভ কৰিছে আৰু চৰকাৰ গঠন কৰিছে । কিন্তু শাসনৰ গাদীত অধিষ্ঠিত হোৱাৰ পিছতে ৰাজনৈতিক দলে পাহৰি যায় নিৰ্বাচনৰ পূৰ্বে দিয়া প্ৰতিশ্ৰুতিৰ কথা । মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি এই অভিযোগ উত্থাপন কৰে টাই আহোম যুৱ পৰিষদৰ কেন্দ্ৰীয় সমিতিয়ে । লগতে আহোম জনগোষ্ঠীৰ হকে চিন্তা কৰা প্ৰাৰ্থীকহে এইবাৰ বিধানসভা নিৰ্বাচনত জয়যুক্ত কৰাবলৈ জনগোষ্ঠীটোৰ লোকক আহ্বান জনালে সংগঠনটোৰ নেতৃত্বই ।

চৰকাৰে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিছেঃ টাইপা
চৰকাৰে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিছেঃ টাইপা

মৰাণ, ২৩ মাৰ্চ: বিধানসভা নিৰ্বাচনৰ পূৰ্বে পুনৰ জনজাতিকৰণৰ প্ৰসংগ উত্থাপন কৰি চৰকাৰৰ বিৰুদ্ধে ক্ষোভ উজাৰে টাই আহোম যুৱ পৰিষদে । মৰাণত মঙলবাৰে এক সংবাদমেল সম্বোধন কৰি সংগঠনটোৰ কেন্দ্ৰীয় সমতিয়ে আহোম জনগোষ্ঠীৰ প্ৰায় ৪২ লাখ লোকক জনগোষ্ঠীটোৰ হকে কাম কৰা প্ৰাৰ্থীকহে জয়যুক্ত কৰাবলৈ আহ্বান জনায় ।

সংগঠনটোৰ নেতৃত্বই ক্ষোভ প্ৰকাশ কৰি কয় যে, চৰকাৰ সলনি হৈছে, কিন্তু আহোম জনগোষ্ঠীৰ দাবী আজিও পূৰণ কৰা নাই । কংগ্ৰেছ অথবা বিজেপিয়ে নিৰ্বাচনৰ পূৰ্বে প্ৰতিশ্ৰুতি দিয়ে । কিন্তু শাসনৰ গাদী দখল কৰাৰ পিছতে তেওঁলোকৰ জনজাতিকৰণৰ বিষয়টোৰ প্ৰতি পিঠি দিয়ে । মুঠতে কোনো ৰাজনৈতিক দলে আজি পৰ্যন্ত আহোম জনগোষ্ঠীৰ দাবী পূৰণ নকৰিলে ।

চৰকাৰে আহোম জনগোষ্ঠীক প্ৰতাৰণা কৰিছেঃ টাইপা

সেয়ে, এইবাৰ বিধানসভা নিৰ্বাচনত আহোম জনগোষ্ঠীৰ প্ৰাৰ্থীকহে এইবাৰ বিধানসভা নিৰ্বাচনত জয়ী কৰাবলৈ জনগোষ্ঠীটোৰ লোকক আহ্বান জনালে সংগঠনটোৰ নেতৃত্বই । লগতে শিৱসাগৰৰ পৰা প্ৰতিদ্বন্দিতা আগবঢ়োৱা কৃষক নেতা অখিল গগৈক জয়যুক্ত কৰাবলৈও শিৱসাগৰৰ ৰাইজৰ প্ৰতি আহ্বান জনায় সংগঠনটোৰ কেন্দ্ৰীয় সমিতিৰ সভাপতি বিজয় ৰাজকোঁ‌ৱৰে ।

লগতে পঢ়ক:নাগৰিকত্ব সংশোধনী আইন শীঘ্ৰে বলৱৎ কৰাৰ হুংকাৰ নাড্ডাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.