ETV Bharat / state

Namrup BVFCL : ৰাসায়নিক সাৰৰ ভয়ংকৰ কেলেংকাৰী সন্দৰ্ভত নামৰূপত আছুৰ সংবাদমেল

author img

By

Published : Aug 21, 2023, 10:27 PM IST

নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধিতাৰ লগতে ৰাসায়নিক সাৰ কেলেংকাৰীৰ উচিত আৰু নিৰপেক্ষ তদন্ত নোহোৱা সন্দৰ্ভত সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাৰ সংবাদমেল ৷ সংবাদমেলত সাৰ উদ্যোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে আছু নেতৃত্ব ৷

Press Met of Dibrugarh District AASU at Namrup
নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধীতাৰে আছুৰ সংবাদমেল

নামৰূপত আছুৰ সংবাদমেল

ডিব্ৰুগড়, 21 আগষ্ট : নামৰূপ সাৰ কাৰখানা বন্ধ কৰাৰ সিদ্ধান্তৰ বিৰোধীতা আৰু চতুৰ্থ উৎপাদন গোট স্থাপনৰ সমান্তৰালকৈ সাৰ উদ্যোগটোত সংঘটিত হৈ যোৱা ৰাসায়নিক সাৰ কেলেংকাৰীৰ উচিত আৰু নিৰপেক্ষ তদন্ত নোহোৱা সন্দৰ্ভত সোমবাৰে সদৌ ডিব্ৰুগড় জিলা ছাত্ৰ সন্থাই এক সংবাদমেল আয়োজন কৰে ৷ সংবাদমেলত সাৰ উদ্যোগ কৰ্তৃপক্ষৰ বিৰুদ্ধে সৰৱ হৈ পৰে আছু নেতৃত্ব ৷

উল্লেখ্য যে নামৰূপ এ পি এল গেষ্ট হাউচত অনুষ্ঠিত এই সংবাদমেলত সংগঠনটোৰ ডিব্ৰুগড় জিলা সমিতিৰ সাধাৰণ সম্পাদক অৱনী কুমাৰ গগৈয়ে 2021 চনত পোহৰলৈ অহা ৰাসায়নিক সাৰ কেলেংকাৰীৰ বিষয়টোত ভিজিলেন্সৰ দলে কেইজনমান বিষয়াক মাত্ৰ তদন্তৰ আওতালৈ আনিয়েই পুংখানুপুংখ তদন্তৰ বিপৰীতে এই তদন্ত সামৰণি মাৰি বাকী দুৰ্নীতিগ্ৰস্ত বিষয়াসকলক পুনৰ দুৰ্নীতি চলাই যাবলৈ সুযোগ প্ৰদান কৰা বুলি অভিযোগ উত্থাপন কৰে ৷ লগতে ছাত্ৰ নেতাজনে 2021 চনত সাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহা বহু আগৰে পৰা সাৰৰ এই কলা বজাৰ চলি আহিছিল বুলি উল্লেখ কৰি সাৰ কাৰখানাৰ মুখ্য প্ৰবন্ধকৰ দায়িত্বত থকা এছ কে সিং নামৰ বিষয়াগৰাকী, যিগৰাকী বিষয়াই সাৰ কেলেংকাৰীৰ তথ্য পোহৰলৈ অহাৰ পূৰ্বে মাৰ্কেটিং বিভাগৰ গুৰু দায়িত্বত থকা স্বত্তেও তেওঁক তদন্তৰ আওঁতালৈ কিয় অনা নহ'ল বুলি প্ৰশ্নৰ অৱতাৰণা কৰে ৷

তাৰোপৰি বি ভি এফ চি এলে চলিত বৰ্ষৰ ফ্ৰেব্ৰুৱাৰীৰ পৰা প্ৰায় 700 নতুন ডিলাৰশ্বীপ দিয়াৰ তথ্য পোহৰলৈ আহিছে আৰু ডিলাৰশ্বীপ বিতৰণৰ নামতো এছ কে সিং নামৰ বিষয়া গৰাকীয়ে ধনৰ লেনদেন কৰাৰ সন্দেহ প্ৰকাশ কৰিছে সংগঠনটোৱে ৷ গতিকে ছাত্ৰ সন্থাই পূৰ্বৰে পৰা অভিযোগ উত্থাপন কৰি অহা এই বিষয়াজনৰ বিৰুদ্ধে অসম তথা কেন্দ্ৰীয় চৰকাৰক শীঘ্ৰেই ব্যৱস্থা ল'বলৈ দাবী জনাইছে ৷

লগতে পঢ়ক : Maligaon flyover accident : মালিগাঁৱৰ উৰণ সেঁতুত বিদ্যুৎস্পৃষ্ট দুই শ্ৰমিক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.