ETV Bharat / state

বিজেপিক মুকলি সমৰ্থন সদৌ অসম সচেতন মহিলা মঞ্চৰ

author img

By

Published : Mar 11, 2021, 11:07 AM IST

আমি সকলো বিত্ত মন্ত্ৰী ড0 হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী ৷ তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে ৷ তেওঁক সাক্ষাৎ কৰাৰ পিচতেই আমি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক নিৰ্বাচনত বিজেপিক মুকলি সমৰ্থন কৰি চৰকাৰৰ গঠনত সহায় কৰিম ৷ বুধবাৰে টিংখাঙৰ ৰাজগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকনৰ ৷

press-meet-at-tingkhong
বিজেপিক মুকলি সমৰ্থন সদৌ অসম সচেতন মহিলা মঞ্চৰ

টিংখাং,11মাৰ্চ: আমি সকলো বিত্ত মন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ অনুৰাগী ৷ তেওঁৰ ওপৰত আমাৰ সম্পূৰ্ণ আস্থা আছে ৷ তেওঁক সাক্ষাৎ কৰাৰ পিচতেই আমি এই গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰি আগন্তুক নিৰ্বাচনত বিজেপিক মুকলি সমৰ্থন কৰি চৰকাৰৰ গঠনত সহায় কৰিম ৷ বুধবাৰে টিংখাঙৰ ৰাজগড়ত এখন সংবাদমেল অনুষ্ঠিত কৰি এই গুৰুত্বপূৰ্ণ মন্তব্য কৰে সদৌ অসম সচেতন মহিলা মঞ্চৰ সভানেত্ৰী অনুপমা ফুকনৰ ৷

বিজেপিক মুকলি সমৰ্থন সদৌ অসম সচেতন মহিলা মঞ্চৰ

তদুপৰি সভানেত্ৰী অনুপমা ফুকনে কয় যে, মাইক্ৰ'ফাইনেন্সৰ কবলত পৰি অসমৰ লাখ লাখ মহিলা দিশহাৰা হৈ পৰিছে ৷ সেই সকল মহিলাক উদ্ধাৰ কৰিবলৈ ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বত কেবিনেটত এক বৃহৎ পুঁজি মুকলি কৰি দিয়াৰো সিদ্ধান্ত গ্ৰহণ কৰা হৈছে ৷ এই ক্ষেত্ৰত কেৱল আনুষ্ঠানিকতাহে বাকী বুলি কয় সভানেত্ৰীগৰাকীয়ে ৷ আনহাতে, সংবাদমেলতে অসমৰ লাখ লাখ মহিলাক লৈ মাইক্ৰ'ফাইনেন্সৰ বিৰুদ্ধে গঠন হোৱা সদৌ অসম সচেতন মহিলা মঞ্চই আগন্তুক নিৰ্বাচনত প্ৰতিগৰাকী বিজেপি প্ৰাৰ্থীক সমৰ্থন কৰি চৰকাৰ গঠন কৰাত সহযোগিতা আগবঢ়োৱাৰো সিদ্ধান্ত গ্ৰহণ কৰা হয় ৷

লগতে পঢ়কঃ প্ৰাৰ্থিত্বকেন্দ্ৰিক সংঘাতত জুৰুলা নগাঁও কংগ্ৰেছঃ জ্বলিল বেনাৰ,হ'ৰ্ডিং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.