ETV Bharat / state

যাদৱ চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বীৰ সাহসিকতা বঁটা

author img

By

Published : Jan 28, 2020, 1:54 PM IST

Updated : Jan 28, 2020, 2:35 PM IST

জম্মু-কাশ্মীৰ‌ পুলৱামা জিলাত কৰ্মৰত 183 চিআৰপিএফৰ 880977743 বাহিনীৰ সহকাৰী উপ-পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰাক ৰাষ্ট্ৰপতিৰ বীৰ সাহসিকতা বঁটা প্ৰদান ৷

যাদৱ চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা
যাদৱ চন্দ্ৰ বৰালৈ ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা

মৰাণ, 28 জানুৱাৰীঃ ৰাষ্ট্ৰপতি বীৰ সাহসিকতা বঁটাৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনী (চি আৰ পি এফ) ৰ সহকাৰী উপ-পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰাই | দেশৰ হকে সীমান্তত শত্ৰুৰ বিৰুদ্ধে দৃঢ়তাৰে যুঁজি বীৰত্ব প্ৰদৰ্শন কৰি দেশ মাতৃক শত্ৰুৰ কৱলৰ পৰা ৰক্ষা কৰা কেন্দ্ৰীয় সংৰক্ষিত আৰক্ষী বাহিনীৰ 76 জন জোৱানলৈ প্ৰদান কৰা হয় ৰাষ্ট্ৰপতিৰ বীৰ সাহসিকতা বঁটা |

ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা
ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা

ইয়াৰ মাজতে আছে ডিব্ৰুগড় মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মৰাণ মিৰিহোলা নিবাসী তথা জম্মু-কাশ্মীৰ‌ পুলৱামা জিলাত কৰ্মৰত 183 চি আৰ পি এফৰ 880977743 বাহিনী সহকাৰী উপ-পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰা

যাদৱ চন্দ্ৰ বৰা
যাদৱ চন্দ্ৰ বৰা

অহা 9 এপ্ৰিলত নতুন দিল্লীত প্ৰদান কৰা হ’ব এই বঁটা | 2018 চনৰ 30 এপ্ৰিল তাৰিখে জম্মু-কাশ্মীৰ পুলৱামাত পি এম জি উগ্ৰপন্থীৰ সৈতে হোৱা সংঘৰ্ষত এজন শীৰ্ষ উগ্ৰপন্থী হত্যা কৰাৰ কাৰণে যাদৱ চন্দ্ৰ বৰাক এই সাহসিকতাৰ বঁটাটো প্ৰদান কৰা হয়।

ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা

এই খবৰৰ পাচতেই মৰাণৰ লগতে বীৰজনাৰ জন্মস্থান কোটোহা বালিগাঁও ভগামূৰত আনন্দৰ জোৱাৰ উঠিছে | বীৰগৰাকীয়ে 32 বছৰ দেশমাতৃৰ সেৱাত নিজকে নিয়োগ কৰিবলৈ পায় গৌৰৱ অনুভৱ কৰা বুলি উল্লেখ কৰি নৱ প্ৰজন্মক দেশ সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ জনায় ৷ দুটি সন্তানৰ মাতৃ তথা বীৰগৰাকীৰ পত্নী ৰেখা বৰাই স্বামীক ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত কৰাত অতি আনন্দ প্ৰকাশ কৰিছে ।

যাদৱ চন্দ্ৰ বৰাক ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা প্ৰদান

লগতে চাওক- 106 জনলৈ বৃদ্ধি কৰ’ণা ভাইৰাছত মৃত্যু হোৱাৰ সংখ্যা

Intro:প্ৰতিবেদক মৰাণ ২৮ জানুৱাৰী :-

ৰাষ্ট্ৰপতি বীৰ সাহসিকতা বঁটাৰে মৰাণলৈ গৌৰৱ কঢ়িয়াই আনিলে কেন্দ্ৰীয় সংৰক্ষিত বাহিনী (চি আৰ পি এফ) ৰ সহকাৰী উপ- পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰাই | 71 সংখ্যক গণৰাজ্য দিৱসৰ উপলক্ষ্যে দেশৰ হকে সীমান্তত শত্ৰু সেনাৰ সৈতে যুঁজি বীৰৰ প্ৰদৰ্শন দাঙি ধৰি দেশ মাতৃক শত্ৰুৰ কৱলৰ পৰা ৰক্ষা কৰা কেন্দ্ৰীয় সংৰক্ষিত বাহিনীৰ 76 জন জোৱানলৈ ৰাষ্ট্ৰপতিয়ে বীৰ সাহসীকতা বঁটা প্ৰদান কৰিছে | ডিব্ৰুগড় মৰাণ আৰক্ষী থানাৰ অন্তৰ্গত 1 নং মৰাণ মিৰিহোলা নিবাসী তথা জন্মু কাশ্মীৰ‌ পুলৱামা জিলাত কৰ্মৰত 183 চি আৰ পি এফৰ 880977743 বাহিনী সহকাৰী উপ- পৰিদৰ্শক যাদৱ চন্দ্ৰ বৰাকো ৰাষ্ট্ৰপতিৰ বীৰ সাহসীকতা বঁটা প্ৰদান কৰিছে | অহা 9 এপ্ৰিলত এই বঁটা সমূহ দিল্লীত প্ৰদান কৰিব | 2018 চনৰ ৩০ এপিল তাৰিখে জম্মু কাশ্মীৰ পুলৱামাত পি এম জি উগ্ৰপন্থী সৈতে হোৱা সংঘৰ্ষত এজন শীৰ্ষ উগ্ৰপন্থী হত্যা কৰাৰ কাৰণে যাদৱ চন্দ্ৰ বৰাক এই সাহসীকতাৰ বঁটাটো প্ৰদান কৰা হৈছে বুলি জানিব পৰা গৈছে । এই খবৰে মৰাণৰ লগতে বীৰজনাৰ জন্মস্থান কোটোহা বালিগাঁও ভগামূৰত আনন্দৰ জোঁৱাৰ উঠিছে | বীৰ গৰাকীয়ে 32 বছৰ দেশমাতৃৰ সেৱাত নিজকে নিয়োগ কৰিবলৈ পাই গৌৰৱ অনুভৱ কৰা বুলি কৈ লগতে নৱ প্ৰজন্মক দেশ সেৱা কৰিবলৈ আগবাঢ়ি যাবলৈ অনুৰোধ কৰিছে | আনহাতে দুটি সন্তানৰ মাতৃ তথা বীৰ গৰাকীৰ পত্নী ৰেখা বৰাই পতিক ৰাষ্ট্ৰপতি বঁটাৰে সন্মানিত কৰাত অতি আনন্দ প্ৰকাশ কৰিছে ।

Byte দিয়া হৈছেBody:ঐConclusion:ঐ
Last Updated : Jan 28, 2020, 2:35 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.