ETV Bharat / state

প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি

author img

By ETV Bharat Assamese Team

Published : Dec 31, 2023, 1:20 PM IST

Ras Mahotsav at Tingkhang: শীতৰ হিমচেঁচা নিশা ৰাসৰ আনন্দ দিবলৈ টিংখাঙত ব্যাপক প্ৰস্তুতি । ৩ জানুৱাৰীৰ পৰা বৃহত্তৰ টিংখাংবাসী ৰাইজৰ উদ্যোগত অনুষ্ঠিত হ'ব প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰীশ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । টিংখাং গান্ধী ময়দানৰ বাকৰিত অনুষ্ঠিত হ'ব এই দুদিনীয়া ৰাস মহোৎসৱ ।

Preparations for Sri Krishna Ras Mahotsav at Tingkhang
প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি

প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱৰ প্ৰস্তুতি

মৰাণ,৩১ ডিচেম্বৰ: ৰাজ্যত বৰ্তমানেও অব্যাহত আছে ৰাসৰ আনন্দ । ২০২৪ চনৰ ৩ আৰু ৪ জানুৱাৰীত টিংখাঙত অনুষ্ঠিত হ'ব প্ৰথম বাৰ্ষিক টিংখাং আঞ্চলিক শ্ৰী শ্ৰী কৃষ্ণৰ ৰাস মহোৎসৱ । বৃহত্তৰ টিংখাংবাসী ৰাইজৰ উদ্যোগত টিংখাং গান্ধী ময়দানৰ বাকৰিত অনুষ্ঠিত হ'ব এই দুদিনীয়া ৰাস মহোৎসৱ । যাৰ বাবে এতিয়া চলিছে ব্যাপক প্ৰস্তুতি ।

টিংখাঙৰ গান্ধী ময়দান প্ৰাংগনত অহা ৩ আৰু ৪ জানুৱাৰী তাৰিখে আয়োজন কৰা ৰাস মহোৎসৱখনি সাফল্যমণ্ডিত কৰিবলৈ আখৰাস্থলীত ব্যস্ত হৈ পৰা দেখিবলৈ পোৱা গৈছে কলা-কুশলীসকলক । বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত হ'বলগীয়া এই ৰাস কাৰ্যসূচীত ৩ জানুৱাৰী তাৰিখে ধৰ্মধ্বজা উত্তোলন কৰিব উদযাপন সমিতিৰ সভাপতি দিগন্ত গগৈয়ে । স্মৃতি তৰ্পণ কৰিব উদযাপন সমিতিৰ মুখ্য সম্পাদক পৰাগ গগৈয়ে ।

ইয়াৰ পাছত ক্ৰমে বৃক্ষৰোপণ কৰিব পংকজ গগৈ, নৰেন্দ্ৰ বৰুৱা আৰু একান্ত হাজৰিকাই । নাম প্ৰসংগৰ শুভাৰম্ভ কৰিব নামাচাৰ্য পাৰ্থ প্ৰতীম বড়াই । সন্ধিয়া বন্তি প্ৰজ্বলন কৰিব অৱসৰপ্ৰাপ্ত শিক্ষক দিক্ষেশ্বৰ গগৈয়ে । ইয়াৰ পাছতেই ৰাসলীলা মহোৎসৱৰ শুভ উদ্বোধন কৰিব অসম চৰকাৰৰ কেবিনেট মন্ত্ৰী বিমল বড়াই । তেনেদৰে ৪ জানুৱাৰীত আইসকলৰ দ্বাৰা দিহানাম প্ৰৰ্দশন কৰা হ'ব ।

সন্ধিয়া ৫ বজাত বন্তি প্ৰজ্বলন কৰিব লক্ষেশ্বৰ ফুকনে । পূৰ্ণাংগ মহাৰাস শুভাৰম্ভ কৰিব সদৌ অসম ভাওনা সন্মিলনীৰ সম্পাদক সৌৰভ শইকীয়াই । মহাৰাসত মুখ্য অতিথি ৰূপে অংশগ্ৰহণ কৰিব সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক শংকৰজ্যোতি বৰুৱাই । অতিথিৰূপে অংশগ্ৰহণ কৰিব ক্ৰমে জীৱেশ্বৰ মহন, ড৹ জ্যোতিমালা গোহাঁই ফুকন, ড৹ মৌচুমী গগৈ আৰু অশোক গগৈয়ে । মুঠৰ ওপৰত শীতৰ হিমচেঁচা নিশা ৰাসৰ আনন্দ দিবলৈ টিংখাঙত ব্যাপক প্ৰস্তুতি চলিছে ।

লগতে পঢ়ক: মুখ্যমন্ত্ৰীয়ে কংগ্ৰেছ-AIUDF ৰ মিত্ৰতা হ’ব বুলি অপপ্ৰচাৰ চলাই আছে : ৰাণা গোস্বামী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.