ETV Bharat / state

মৰাণত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি

author img

By

Published : Oct 20, 2020, 7:18 PM IST

কৰ'ণাৰ সংক্ৰমণৰ মাজতে মৰাণত চলিছে শাৰদীয় দুৰ্গোৎসৱ পালনৰ প্ৰস্তুতি ৷ সম্পূৰ্ণ COVID প্ৰট'কল মানি যো-জা চলোৱা হৈছে দুৰ্গা পূজা পালনৰ ৷

শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি
শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি

মৰাণ, 20 অক্টোবৰ: দেশজুৰি অব্যাহত আছে কৰ'ণাৰ সংক্ৰমণ ৷ তাৰ মাজতে এটা দিনৰ পাচতেই আৰম্ভ হ'ব শাৰদীয় দুৰ্গোৎসৱ ৷ ৰাজ্য চৰকাৰে নিৰ্ধাৰণ কৰি দিয়া নিয়ম অনুসৰি ৰাইজে যো-জা চলাইছে দুৰ্গোৎসৱ পালনৰ বাবে ৷ ব্যতিক্ৰম নহ'ল মৰাণবাসীও ৷ মৰাণত পূজা সমিতিসমূহ এতিয়া ব্যস্ত পূজাৰ মণ্ডপসমূহ সজাই-পৰাই তোলাত ৷

মৰাণত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি
মৰাণত শাৰদীয় দুৰ্গোৎসৱৰ প্ৰস্তুতি

মৰাণৰ ঐতিহাসিক পূজা মণ্ডপ শিৱ মন্দিৰ পূজা মণ্ডপ পৰিচালনাৰ দায়িত্বত থকা মৰাণৰ সমাজকৰ্মী অকণ ভূঞাই জানিবলৈ দিয়া মতে, এইবাৰ মহামাৰীৰ পয়োভৰৰ বাবে অনুষ্টুপীয়াকৈ পালন কৰা হ'ব দুৰ্গা পূজা ৷ সম্পূৰ্ণ COVID প্ৰট'কল মানি পূজা মণ্ডপ পৰিচালনা সমিতিৰ লোকে আয়োজন কৰিছে পূজা ভাগৰ ৷ মৰাণ চহৰৰ ওপৰিও মৰাণৰ দাঁতি কাষৰীয়া চাহ বাগিছা সমূহতো আনুষ্ঠানিকতা ৰক্ষা কৰি কেৱল নিয়মমাফিকভাৱে দুৰ্গা পূজা উদযাপন কৰা হ'ব বুলি জানিব পৰা গৈছে ৷

লগতে পঢ়ক: বৰপেটাত বৈদ্যুতিক যন্ত্ৰৰ সহায়ত মাটিৰ পাত্ৰ নিৰ্মাণ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.