ETV Bharat / state

ভূত বাংলালৈ পৰিণত মৰাণৰ অৰ্ধনিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান

author img

By

Published : Oct 10, 2021, 5:56 PM IST

২০১৪-১৫ বৰ্ষতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী পৃথিৱী মাঝিয়ে মৰাণৰ মিৰিহোলাত এখন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা কৰিছিল । সম্প্ৰতি শিক্ষানুষ্ঠান খন প্ৰায় ৭ বছৰে অৰ্ধনিৰ্মিত হৈ পৰিত্যক্ত অৱস্থাত তথা ভূত বাংলালৈ পৰিণত হ'ব ধৰিছে ।

ত বাংলালৈ পৰিণত মৰাণৰ অৰ্ধনিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান
ত বাংলালৈ পৰিণত মৰাণৰ অৰ্ধনিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান

মৰাণ, 10 অক্টোবৰ : শিক্ষা ক্ষেত্ৰলৈ আমূল পৰিৱৰ্তন অনাৰ কথা কৈ ৰঙীণ বিজ্ঞাপন দি থকা সময়তে ৰাজ্যৰ কেবিনেট মন্ত্ৰী যোগেন মহনৰ ঘৰৰ কাষতে ভূত বাংলালৈ পৰিণত হৈছে মৰাণৰ অৰ্ধনিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান ।

উল্লেখযোগ্য যে, ২০১৪-১৫ বৰ্ষতে সেই সময়ৰ কংগ্ৰেছ চৰকাৰৰ মন্ত্ৰী পৃথিৱী মাঝিয়ে মৰাণৰ মিৰিহোলাত এখন কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানৰ আধাৰশিলা কৰিছিল । সম্প্ৰতি শিক্ষানুষ্ঠান খন প্ৰায় ৭ বছৰে অৰ্ধনিৰ্মিত হৈ পৰিত্যক্ত অৱস্থাত তথা ভূত বাংলালৈ পৰিণত হ'ব ধৰিছে ।

ত বাংলালৈ পৰিণত মৰাণৰ অৰ্ধনিৰ্মিত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠান

মনকৰিবলগীয়া যে, পৰিৱৰ্তনৰ শ্ল'গান দি শাসনলৈ অহা বিজেপি মিত্ৰজোঁট চৰকাৰৰ পাঁচ বছৰীয়া কাৰ্যকাল অন্ত পৰি নতুন চৰকাৰ খনৰো কেইবামাহো পাৰ হোৱাৰ পাছতো বিভাগীয় কৰ্তৃপক্ষ তথা স্থানীয় জনপ্ৰতিনিধিৰ দৃষ্টি নপৰাটো চৰম দুৰ্ভাগ্যৰ বিষয় তথা মৰাণবাসী ৰাইজৰ আশাক চৰম উপেক্ষা কৰা বুলি সৰব চৰ্চা চলিছে ।

আনহাতে উক্ত পৰিত্যক্ত অৰ্ধনিৰ্মিত বাংলাটোত একাংশ লোকৰ বাবে অনৈতিক কৰ্মৰ ঘাটি হিচাপে পৰিণত হোৱাৰ অভিযোগ কৰিছে স্থানীয় ৰাইজে । মৰাণ বিধানসভা সমষ্টিৰ অন্তৰ্গত উক্ত কাৰিকৰী শিক্ষা প্ৰতিষ্ঠানটো অতি শীঘ্ৰে পুনঃ নিৰ্মাণৰ বাবে মৰাণৰ বিধায়ক চক্ৰধৰ গগৈ আৰু মন্ত্ৰী যোগেন মহনক পদক্ষেপ গ্ৰহণ কৰিবলৈ মৰাণৰ দল-সংগঠনৰ লগতে স্থানীয় ৰাইজে দাবী জনাইছে ।

লগতে পঢ়ক : উপ নিৰ্বাচনৰ আটাইকেইখন আসনত জয়লাভ কৰিব বিজেপি দলে: তৰংগ গগৈ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.