ETV Bharat / state

Cop died in Covid: ক'ভিডত মৃত্যু আৰক্ষী বিষয়াৰ

author img

By

Published : Jul 16, 2022, 4:41 PM IST

a
a

শনিবাৰে সোণাৰিৰ এজন আৰক্ষী বিষয়াৰ ক'ভিড পজিটিভত মৃত্যু হয় । সামান্য জ্বৰত আক্ৰান্ত হোৱাত আৰক্ষী বিষয়া মনোৰঞ্জন ফুকনক যোৱা ১৪ জুলাইত সোণাৰিৰ ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Police Officer of Assam Manoranjan Phukan died in covid) । তাত পৰীক্ষাৰ অন্তত তেওঁ ক'ভিড পজিটিভ বুলি চিনাক্ত হয় ।

মৰাণ, ১৬ জুলাই : ৰাজ্যত পুনৰ ক'ভিডে মুৰ দাঙি উঠিছে (Covid case rises in Assam) । ৰাজ্যৰ বিভিন্ন প্ৰান্তত ক'ভিড ৰোগী চিন্তাক্ত হোৱাৰ পাছতে শনিবাৰে সোণাৰিৰ এজন আৰক্ষী বিষয়াৰ ক'ভিড পজিটিভত মৃত্যু হয় । সামান্য জ্বৰত আক্ৰান্ত হোৱাত আৰক্ষী বিষয়া মনোৰঞ্জন ফুকনক যোৱা ১৪ জুলাইত সোণাৰিৰ ৰজাপুখুৰীস্থিত জিলা অসামৰিক চিকিৎসালয়ত ভৰ্তি কৰোৱা হয় (Police Officer of Assam Manoranjan Phukan died in covid) । তাত পৰীক্ষাৰ অন্তত তেওঁ ক'ভিড পজিটিভ বুলি চিনাক্ত হয় । পিছত উন্নত চিকিৎসাৰ বাবে ডিব্ৰুগড়লৈ প্ৰেৰণ কৰা হয় যদিও আজি চিকিৎসাধীন অৱস্থাতে ডিব্ৰুগড়ত আৰক্ষী বিষয়া মনোৰঞ্জন ফুকনৰ মৃত্যু ঘটে (Covid positive police officer died in Assam) ।

উল্লেখ্য, ৰাজ্যত বিগত ২৪ ঘণ্টাত নতুনকৈ ৭০৬জন ক'ভিড ৰোগী চিনাক্ত কৰা হৈছে । ইয়াৰে ভিতৰত এজনৰ মৃত্যু হৈছে । ৰাজ্যত ক'ভিডত আক্ৰান্তৰ হাৰ হৈছে ১১.১৫ শতাংশ । ইফালে বিগত ২৪ ঘণ্টাত ৰাজ্যৰ ভিতৰত সৰ্বাধিক ধুবুৰীত ৬৬ জন, ডিব্ৰুগড়ত ৬২, গোৱালপাৰাত ৫৯ আৰু কামৰূপত ৫৪জন সৰ্বাধিক ক'ভিড ৰোগী চিনাক্ত হৈছে । আনহাতে, ৰাজ্যত বৰ্তমান সক্ৰিয় ক'ভিড ৰোগীৰ সংখ্যা হৈছে ৪,৩৩৪জন (Assam active covid case 4334) ।

কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰালয়ৰ তথ্য অনুসৰি, দেশত বিগত ২৪ ঘণ্টাত ক'ভিডত আক্রান্তৰ সংখ্যা হৈছে ২০,০৪৪ (India covid infection 20044 in last 24 hours) । ৰাজ্যভিত্তিক ক'ভিড পৰিস্থিতি লক্ষ্য কৰিলে দেখা যায়, দৈনিক সংক্রমণৰ তালিকাত মহাৰাষ্ট্র আৰু কেৰালাক চেৰ পোলাই শীর্ষত উপনীত হৈছে পশ্চিমবঙ্গ । বিগত ২৪ ঘণ্টাত পশ্চিমবঙ্গত দৈনিক আক্রান্তৰ সংখ্যা ৩,০৬৭ । কেৰালাত আক্রান্তৰ সংখ্যা ২,৯৭৯ । ইয়াৰ পিছত আছে মহাৰাষ্ট্র (২,৩৭১), তামিলনাডু (২,৩১২) আৰু ওড়িশা (১,০৪৩)। আনহাতে, বিগত ২৪ ঘণ্টাত দৈনিক সংক্রমণৰ হাৰ হৈছে ৪.৮০ শতাংশ ।

ক'ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত দেশত মৃত্যু হৈছে ৫৬ জনৰ । পৰিসংখ্যা অনুযায়ী, ক'ভিডত আক্রান্ত হৈ ভাৰতত মুঠ মৃত্যু হৈছে ৫ লাখ ২৫ হাজাৰ ৬৬০। কেন্দ্রীয় স্বাস্থ্য মন্ত্রালয়ৰ ক'ভিড বুলেটিন অনুযায়ী, বিগত ২৪ ঘণ্টাত ক'ভিডৰ পৰা সুস্থ হৈছে ১৮,৩০১ জন। এই পর্যন্ত দেশত সুস্থ হৈছে ৪ কোটি ৩০ লাখ ৬৩ হাজাৰ ৬৫১ জন । বর্তমান সুস্থতাৰ হাৰা ৯৮.৪৮ শতাংশ । দেশজুৰি এই পর্যন্ত ১৯৯ কোটি ৭১ লাখ ৬১ হাজাৰ ৪৩৮ টীকাকৰণ হৈছে ।

লগতে পঢ়ক :African swine fever: টিংখাঙত আফ্ৰিকান ছোৱাইন ফিভাৰৰ আতংক

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.