ETV Bharat / state

Poachers cut down trees from DPNP: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন ধ্বংসযজ্ঞ

author img

By

Published : Dec 31, 2022, 9:24 PM IST

Poachers cut down trees from Dehing Patkai National Park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাং চিকাৰীয়ে কাটি নিলে গছ

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাং চিকাৰীয়ে কাটি লৈ গ’ল ৩০ জোপাকৈ হোলোং গছ (Dehing Patkai National Park) ৷ হোলোং গছ কটা এটা ভিডিঅ'ই এতিয়া তোলপাৰ লগাইছে বন বিভাগত ।

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ পৰা চোৰাং চিকাৰীয়ে কাটি নিলে গছ

ডিব্ৰুগড়, 31 ডিচেম্বৰ: দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পুনৰ বন ধ্বংসযজ্ঞ । চোৰাং চিকাৰীয়ে কাটি তহিলং কৰিলে ৩০ জোপাকৈ হোলোং গছ (Dehing Patkai National Park) । নাহৰকটীয়া জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ বন হুগৰি পথাৰ আৰু ট্ৰাক নলা এলেকাত প্ৰায় ৩০ জোপাকৈ প্ৰকাণ্ড প্ৰকাণ্ড হোলোং গছ কাটি তহিলং কৰিলে বনদস্যুয়ে । চুবুৰীয়া ৰাজ্য অৰুণাচলৰ পৰা প্ৰায়ে বনদস্যুৰ দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি বন ধ্বংসযজ্ঞ চলাই গৈছে (Poachers cut down trees from DPNP) । শেহতীয়াকৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ হোলোং গছ কটা এটা ভিডিঅ'ই তোলপাৰ লগাইছে বন বিভাগত ।

উল্লেখ্য যে, নৱবৰ্ষৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত সংঘটিত হৈছিল গুলীয়াগুলীৰ ঘটনা । বন বিভাগ আৰু চোৰাং চিকাৰীৰ মাজত ৰাষ্ট্ৰীয় উদ্যানখনত সংঘটিত হৈছিল প্ৰচণ্ড গুলীয়াগুলী (Firing in Dehing Patkai National Park) । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম-অৰুণাচল সীমান্তৰ দুৰ্গম পাহাৰীয়া অঞ্চল ট্ৰাকনলাত বৃহস্পতিবাৰে নিশা সংঘটিত হৈছিল এই ঘটনা ।

অসম-অৰুণাচলৰ সীমান্তত থকা জয়পুৰ বন বিভাগৰ অধীনৰ শুকানজুৰি খণ্ড বন কাৰ্যালয়ৰ সাতজনীয়া বনকৰ্মীৰ এটা দলে বৃহস্পতিবাৰে নিশা নিয়মীয়া টহল দিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসৱনলাৰ দিশে আগবাঢ়ি গৈছিল । তেনে সময়তে বনকৰ্মীৰ দল অহাৰ উমান পাই উক্ত স্থানত বনকৰ্মীৰ দলটোলৈ লক্ষ্য কৰি চোৰাং চিকাৰীৰ দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ কৰে (Forest guard firing with poachers) । প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও গুলীবৰ্ষণ কৰে । প্ৰায় আধা ঘণ্টা ধৰি চলা দুয়োপক্ষৰ গুলীচালনাৰ পিছত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং চিকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয় । অৱশ্যে এই গুলীচালনাৰ ঘটনাত বন বিভাগৰ কোনো লোক হতাহত হোৱা নাই ।

ইফালে পুৱতি নিশা 4 বজালৈকে চোৰাং চিকাৰীৰ সন্ধানত অভিযান চলায় বন বিভাগৰ দলটোৱে । উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো অনুৰূপ ধৰণেৰে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু এয়া ৰাষ্ট্ৰীয় উদ্যানখনত দ্বিতীয়টো গুলীচালনাৰ ঘটনা । মন কৰিবলগীয়া যে, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা প্ৰায়ে চোৰাং চিকাৰী দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি মূল্যৱান গছ আদি কটাৰ লগতে জীৱ-জন্তু আদি চিকাৰ কৰি বন ধ্বংসযজ্ঞ চলাই গৈছে ।

উল্লেখ্য, নতুনকৈ ঘোষণা হোৱা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ দৰেই চলি আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি । বিগত বছৰতো জয়পুৰ বন সংমণ্ডলৰ অধীনত থকা বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত থিতাতে নিহত হৈছিল চোৰাং কাঠৰ বেপাৰীয়ে কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এজনী হাতী । উক্ত ঘটনা সংঘটিত হোৱাৰ মাত্ৰ কেইটামান দিন পূৰ্বে বনমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল ৷

লগতে পঢ়ক: Dehing Patkai National Park : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ গুলীয়াগুলী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.