ETV Bharat / state

Dehing Patkai National Park : দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বনকৰ্মী আৰু চোৰাং চিকাৰীৰ গুলীয়াগুলী

author img

By

Published : Dec 30, 2022, 7:14 PM IST

firing
firing

জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ ভিতৰত বন বিভাগ আৰু চোৰাং চিকাৰীৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা (firing in Dehing Patkai National Park) । নিয়মীয়া টহল দি থকাৰ সময়তে বনকৰ্মীৰ ওপৰত অতৰ্কিতে আক্ৰমণ চলায় চোৰাং চিকাৰীয়ে । প্ৰত্যুত্তৰত বনকৰ্মীয়েও গুলী চলায় ।

মৰাণ, 30 ডিচেম্বৰ : নৱবৰ্ষৰ প্ৰাকক্ষণত নাহৰকটীয়াৰ জয়পুৰৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত (Dehing Patkai National Park) সংঘটিত হৈছে গুলীয়াগুলীৰ ঘটনা । বন বিভাগ আৰু চোৰাং চিকাৰীৰ মাজত ৰাষ্ট্ৰীয় উদ্যানখনত সংঘটিত হয় প্ৰচণ্ড গুলীয়াগুলী (Firing in Dehing Patkai National Park) । দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ অসম-অৰুণাচল সীমান্তৰ দুৰ্গম পাহাৰীয়া অঞ্চল ট্ৰাকনলাত বৃহস্পতিবাৰে নিশা সংঘটিত হয় এই ঘটনা ।

অসম-অৰুণাচলৰ সীমান্তত থকা জয়পুৰ বন বিভাগৰ অধীনৰ শুকানজুৰি খণ্ড বন কাৰ্যালয়ৰ সাতজনীয়া বনকৰ্মীৰ এটা দলে বৃহস্পতিবাৰে নিশা নিয়মীয়া টহল দিবলৈ ৰাষ্ট্ৰীয় উদ্যানখনৰ বাসৱনলাৰ দিশে আগবাঢ়ি গৈছিল । তেনে সময়তে বনকৰ্মীৰ দল অহাৰ উমান পাই উক্ত স্থানত বনকৰ্মীৰ দলটোলৈ লক্ষ্য কৰি চোৰাং চিকাৰীৰ দলটোৱে ধাৰাসাৰ গুলীবৰ্ষণ কৰে (forest guard firing with poachers) । প্ৰত্যুত্তৰত বনকৰ্মীৰ দলটোৱেও গুলীবৰ্ষণ কৰে ।

প্ৰায় আধা ঘণ্টা ধৰি চলা দুয়োপক্ষৰ গুলীচালনাৰ পিছত নিশাৰ অন্ধকাৰৰ সুযোগ লৈ চোৰাং চিকাৰীৰ দলটো পলাই যাবলৈ সক্ষম হয় । অৱশ্যে এই গুলীচালনাৰ ঘটনাত বন বিভাগৰ কোনো লোক হতাহত হোৱা নাই ।

ইফালে পুৱতি নিশা 4 বজালৈকে চোৰাং চিকাৰীৰ সন্ধানত অভিযান চলায় বন বিভাগৰ দলটোৱে । উল্লেখ্য যে, চলিত বৰ্ষৰ ফেব্ৰুৱাৰী মাহতো অনুৰূপ ধৰণেৰে গুলীচালনাৰ ঘটনা সংঘটিত হৈছিল আৰু এয়া ৰাষ্ট্ৰীয় উদ্যানখনত দ্বিতীয়টো গুলীচালনাৰ ঘটনা । মন কৰিবলগীয়া যে, চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশৰ পৰা প্ৰায়ে চোৰাং চিকাৰী দলে ৰাষ্ট্ৰীয় উদ্যানখনত প্ৰৱেশ কৰি মূল্যৱান গছ আদি কটাৰ লগতে জীৱ-জন্তু আদি চিকাৰ কৰি বন ধ্বংসযজ্ঞ চলাই গৈছে ।

উল্লেখ্য, নতুনকৈ ঘোষণা হোৱা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ দৰেই চলি আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি । বিগত বছৰতো জয়পুৰ বন সংমণ্ডলৰ অধীনত থকা বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলীৰ ঘটনা সংঘটিত হৈছিল । উক্ত ঘটনাত থিতাতে নিহত হৈছিল চোৰাং কাঠৰ বেপাৰীয়ে কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এজনী হাতী । উক্ত ঘটনা সংঘটিত হোৱাৰ মাত্ৰ কেইটামান দিন পূৰ্বে বনমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে দিহিং পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল ৷

কিন্তু চৰকাৰ তথা বন বিভাগে দিহিং পাটকাইক ৰাষ্ট্ৰীয় উদ্যান ঘোষণাতে দায়িত্ব সামৰাৰ অভিযোগ উঠিছে । বৰ্তমান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কি পৰ্যায়ত আছে তাৰ খবৰ ল'বলৈ ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰৰ আহৰি নাই বুলিও একাংশই অভিযোগ কৰে । ইয়াৰ উপৰি সম্প্ৰতি চোৰাং কাঠ মাফিয়াই এফালৰ পৰা কাটি তহিলং কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰ চ'ৰাত থকা মূল্যৱান গছ-গছনিসমূহ । তাৰে পৰিপ্ৰেক্ষিতত বনকৰ্মীসকলে দিনে-নিশাই ৰাষ্ট্ৰীয় উদ্যানখনত চোকা দৃষ্টি ৰাখিলেও সীমিত সা-সুবিধাৰ ফলত চোৰাং চিকাৰীৰ তথা দুষ্কৃতিকাৰীৰ দুষ্কাৰ্য চলিয়ে আছে । দুপৰ নিশা অৰুণাচলী চোৰাং কাঠ ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্ত অঞ্চলত গছ কাটি থকাৰ খবৰ সময়ে সময়ে পোহৰলৈ আহে ।

লগতে পঢ়ক :Cabinet Meeting in Delhi: হঠাৎ অসমৰ সকলো মন্ত্ৰীকে দিল্লীলৈ তলৱ হিমন্ত বিশ্ব শৰ্মাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.