ETV Bharat / state

Grantha Mahotsav:পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰিলে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে

author img

By

Published : Dec 15, 2022, 8:52 AM IST

ৰাজ্যত এতিয়া কিতাপৰ বতৰ ৷ ডিব্ৰুগড়ত বুধবাৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে "খোজ অসম" (Khoj Assam)ৰ উদ্যোগত পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ (Dibrugarh Grantha Mahotsav)৷

Pitambar Devagoswami inaugurated Grantha Mahotsav in Dibrugarh
Grantha Mahotsav:পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰিলে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে

Grantha Mahotsav:পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ উদ্বোধন কৰিলে সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে

মৰাণ, 15 ডিচেম্বৰ: ৰাজ্যত এতিয়া কিতাপৰ বতৰ ৷ গ্ৰন্থ হৈছে মানৱ জীৱনৰ অমূল্য সম্পদ ৷ কিতাপৰ সমান পৰম বন্ধু নাই বুলি কোৱা কথাষাৰ যুগ যুগ ধৰি সত্য প্ৰমাণিত হৈ আহিছে ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে এইবাৰ ডিব্ৰুগড়ত গ্ৰন্থ মহোৎসৱ ৷

ডিব্ৰুগড়ত বুধবাৰৰ পৰা ১২ দিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হৈছে "খোজ অসম" (Khoj Assam)ৰ উদ্যোগত পঞ্চম ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱ (Dibrugarh Grantha Mahotsav)৷ ডিব্ৰুগড় নিৰ্মালী গাঁও হাইস্কুল খেলপথাৰত অনুষ্ঠিত হোৱা এই গ্ৰন্থ মহোৎসৱৰ উদ্বোধন কৰে আউনীআটী সত্ৰৰ সত্ৰাধিকাৰ ড৹ পীতাম্বৰ দেৱ গোস্বামীয়ে (Pitambar Devagoswami inaugurated Grantha Mahotsav)৷

এই বিশেষ অনুষ্ঠানত প্ৰথিতযশা সাহিত্যিক ড৹ নগেন শইকীয়া (Dr Nagen Saikia), বিশিষ্ট ঔপন্যাসিক অৰূপা পটংগীয়া কলিতা (Novelist Arupa Patangia Kalita), বিশিষ্ট গৱেষক ড৹ সুখ বৰুৱা (Researcher Dr Sukh Baruah)আদিকে ধৰি ভালেকেইগৰাকী বিশিষ্ট ব্যক্তি উপস্থিত থাকে ৷

উখল-মাখল পৰিৱেশৰ মাজেৰে অনুষ্ঠিত এই গ্ৰন্থ মহোৎসৱত প্ৰায় ৫০ খনৰো অধিক গ্ৰন্থ বিপনী স্থাপন কৰা হয় ৷ ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা অহা গ্ৰন্থ বিপনীয়ে অংশ লৈছে এইবাৰ ডিব্ৰুগড়ত গ্ৰন্থ মহোৎসৱত । পূৰ্বৰ বৰ্ষসমূহত ডিব্ৰুগড় গ্ৰন্থ মহোৎসৱত অভিলেখ সংখ্যক গ্ৰন্থ বিক্ৰী হৈছিল ৷

এইবাৰো এই ধাৰাবাহিকতা অক্ষুন্ন থাকিব বুলি আশা প্ৰকাশ কৰিছে উদ্যোক্তাসকলে ৷ ইফালে এই গ্ৰন্থ মহোৎসৱৰ প্ৰথম দিনাই তিনিখনকৈ গুৰুত্বপূৰ্ণ গ্ৰন্থ উন্মোচন (3 books Inaugurated) কৰা হয় ৷

লগতে পঢ়ক: Gamocha gets GI tag: হেঁপাহৰ গামোচাখনে বিশেষ স্বীকৃতি লাভৰ পাছতে উৎফুল্লিত ৰাজ্যবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.