ETV Bharat / state

Poor Road Condition at Moran: পুনৰ নিৰ্বাচনত জিকিলেহে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়ক চক্ৰধৰ গগৈৰ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 9:28 PM IST

Poor Road Condition at Moran
পুনৰ নিৰ্বাচনত জিকিলেহে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুত বিধায়ক চক্ৰধৰ গগৈৰ

এটা বিধ্বস্ত পথে জ্বলা-কলা খুৱাইছে মৰাণ সমষ্টিৰ ১নং তিলৈজান গাঁওবাসীক ৷ পুনৰ নিৰ্বাচনত জিকিলেহে পথটো নিৰ্মাণৰ প্ৰতিশ্ৰুতি বিধায়কৰ ৷

পুনৰ নিৰ্বাচনত জিকিলেহে পথ নিৰ্মাণৰ প্ৰতিশ্ৰুত বিধায়ক চক্ৰধৰ গগৈৰ

ডিব্ৰুগড়, 28 ছেপ্টেম্বৰ : উন্নয়নৰ ৰঙীণ বিজ্ঞাপনেৰে ৰাজ্যত হোৱা উন্নয়নৰ কথা ৰাইজক অৱগত কৰিছে চৰকাৰে । অসমত উন্নয়নৰ নতুন জোৱাৰ অনা বুলি মুখ্যমন্ত্ৰীৰ পৰা মন্ত্ৰী, বিধায়কসকলে কৈ থকা সময়ত ডিব্ৰুগড়ৰ মৰাণ সমষ্টিৰ ৰাইজে উন্নয়ন বিচাৰি হাহাকাৰ কৰিব লগা হৈছে ।

অমৃত কালতো সুচল যাতায়ত ব্যৱস্থাৰ বাবে হাহাকাৰ কৰিবলগীয়া হৈছে মৰাণ সমষ্টিৰ অন্তৰ্গত দলপা গাঁৱৰ ৰাইজে । বিধায়ক চক্ৰধৰ গগৈয়ে ৰাইজৰ উন্নয়নৰ পৰিৱৰ্তে নিজৰ লগতে পৰিয়ালৰ উন্নয়নত ব্যস্ত হোৱাৰ হে অভিযোগ এতিয়া সমষ্টিৰ ৰাইজৰ মুখে মুখে ।

ৰাইজে সমস্যাৰ কথা অৱগত কৰিলেও বিধায়কজনে তৰল মন্তব্য কৰি ৰাইজক উপেক্ষিত কৰে । সেয়ে মৰাণৰ ১নং তিলৈজান গাঁৱৰ মাজেদি যোৱা মৰাণ-নাহৰকটীয়া সংযোগী পথে জ্বলাকলা খুৱাইছে ৰাইজক ৷ কাৰণ উক্ত পথচোৱাৰ ঘোঁৰাঘাচ গাঁৱৰ পথটিয়ে বাৰুকৈ জ্বলা-কলা খুৱাইছে কেইবাখনো গাঁৱৰ কেইবা সহস্ৰাধিক ৰাইজক ।

মৰাণ সমষ্টিৰ বিধায়ক চক্ৰধৰ গগৈক বাৰম্বাৰ পথ মেৰামতিৰ বাবে ৰাইজে আবেদন জনাই আহিছে যদিও আজিলৈকে কাণসাৰ নিদিয়াৰ অভিযোগ উত্থাপন হৈছে । যাৰ বাবে এতিয়া ৰোগীৰ ক্ষেত্ৰতে হওক বা গাঁৱৰ ৰাইজ পথটোৱেদি অহা যোৱাৰ ক্ষেত্ৰত জমৰ যাতনা ভুগিব লগা হৈছে ।

ৰাইজৰ অভিযোগ,‘‘পথটোৰ সংক্ৰান্তত বিধায়কৰ ওচৰলৈ গ'লে আকৌ এবাৰ জিকিলে হে পথটো মেৰামতি কৰি দিয়াৰ কথা কয় । কেতিয়া জিকিব, কেতিয়া পথ নিৰ্মাণ কৰিব !’’ দুবাৰ কৈ বিধায়ক হৈ ৰাইজৰ বাবে পথ নিৰ্মাণ কৰাত ব্যৰ্থ বিধায়কগৰাকীয়ে পথ নিৰ্মাণৰ বাবে তৃতীয়বাৰ বিধায়ক হোৱাৰ মন মেলিছে।

পৰিৱৰ্তনৰ প্ৰতিশ্ৰুতি দিয়া চৰকাৰৰ দিনত পথৰ লগতে সমষ্টি উন্নয়নত ব্যৰ্থ হোৱা বিধায়কগৰাকীক পুনৰ ৰাইজে বিধায়ক হ'বলৈ সুবিধা দিয়ে নে নাই সময়তহে পৰিলক্ষিত হ'ব ।

লগতে পঢ়ক:Dibrugarh tragic Story: জীৱনৰ ভাটি বেলাত শেষ আশ্ৰয়স্থল শৌচাগাৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.