ETV Bharat / state

Dibrugarh tragic Story: জীৱনৰ ভাটি বেলাত শেষ আশ্ৰয়স্থল শৌচাগাৰ

author img

By ETV Bharat Assamese Team

Published : Sep 28, 2023, 7:46 PM IST

এটা ৰাজহুৱা শৌচাগাৰত জীৱন যাপন কৰিছে এজন 70 উৰ্ধৰ ব্যক্তিয়ে ৷ ৰাজহুৱা শৌচাগাৰতে জীৱন কটাইছে জীৱনৰ বিয়লি বেলা ৷

Dibrugarh Sad Story
ৰাজহুৱা শৌচাগাৰতে জীৱন কটাইছে 70 বছৰীয়া বৃদ্ধই

ৰাজহুৱা শৌচাগাৰতে জীৱন কটাইছে 70 বছৰীয়া বৃদ্ধই

ডিব্ৰুগড়, 28 ছেপ্টেম্বৰ : এটা ৰাজহুৱা শৌচাগাৰ ৷ সেই শৌচাগাৰতে দুৰ্বিসহ জীৱন যাপন এজন 70 উৰ্ধৰ ব্যক্তিৰ ৷ ইফালে দৰিদ্ৰ সীমাৰেখাৰ তলৰ ৰাইজৰ বাবে কোটি কোটি টকা খৰচ কৰি অভিলাষী আঁচনি ৰূপায়ণ কৰিছে ৰাজ্য চৰকাৰে । মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মা চৰকাৰে গৃহহীন লোকৰ বাবে পকী ঘৰ আৱণ্টন দিছে ৷ কিন্তু তেনে সময়তে দেখা গৈছে এক বিপৰীত দৃশ্য ৷

জীৱনৰ বিয়লি বেলাত নিজৰ এডখৰ থাকিবলৈ ঠাই নোহোৱাত লাহোৱালত ৰাজহুৱা শৌচাগাৰতে জীৱন পাৰ কৰিছে এগৰাকী 70 উৰ্দ্ধৰ ব্যক্তিয়ে ৷ ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত ফুকনৰ খাট গাঁও পঞ্চায়তৰ কামাখ্যাবাৰীৰ ফন্টু ভূমিজে এটা বছৰে ৰাজহুৱা শৌচাগাৰতে অতিবাহিত কৰিছে দুৰ্বিসহ জীৱন ৷

ৰাজহুৱা শৌচাগাৰতে খাই, ৰাজহুৱা শৌচাগাৰতে শুৱে ৷ ৰাজহুৱা শৌচাগাৰে হৈছে ফন্টু ভূমিজৰ ঠিকনা ৷ কিয়নো বহুবাৰ এটা ঘৰ নিৰ্মাণৰ বাবে পঞ্চায়ত আৰু উন্নয়ন খণ্ড কাৰ্যালয়ত অনুৰোধ কৰিও হাৰ মানিলে ফন্টু ভূমিজে । চকু নপৰে পঞ্চায়ত প্ৰতিনিধিৰ ৷ অৱশেষত জীৱনৰ বাকী থকা দিন কেইটা অলপো আক্ষেপ নকৰাকৈ ৰাজহুৱা শৌচাগাৰতে বিগত এটা বছৰে বসবাহ কৰি আছে দুৰ্ভগীয়া ফন্টুৱে ৷

চৰকাৰী আঁচনিয়ে ঢুকি নাপালেও কিন্তু সুখেৰে জীৱন পাৰ কৰিছে ৷ জানিব পৰা অনুসৰি কিছু লোকে প্ৰতিদিনে তেওঁক খাদ্য যোগান ধৰি আহিছে । সুস্থ নোহোৱা বাবে কোনো লোকে খাদ্য যোগান নধৰিলে নোখোৱাকৈ থাকিব লাগে ফন্টু ভূমিজে । এতিয়াও কথা হ'ল পৰিৱৰ্তনৰ কথা কোৱা চৰকাৰৰ চকুত পৰিব নে ফন্টু ভূমিজৰ জীৱন সংগ্ৰাম । জিলা প্ৰশাসন, জন-প্ৰতিনিধি, দল-সংগঠনৰ দৰদ উপজিব নে ফন্টু ভূমিজৰ প্ৰতি !

লগতে পঢ়ক:Rashtriya Poshan Maah 2023: ডিব্ৰুগড়ত দিনযোৰাকৈ অনুষ্ঠিত হ'ল ৰাষ্ট্ৰীয় পোষণ মাহ কাৰ্যসূচী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.