ETV Bharat / state

তৰা পঘা বনোৱাত ব্যস্ত বন কুমাৰ গাঁওবাসী

author img

By

Published : Apr 11, 2021, 10:11 AM IST

বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱা কৃষক সকলেও বছৰেকৰ মূৰত গৰু বিহুৰ দিনাখন গোহালীৰ গৰুক ন-পঘা দিয়াৰ উদ্দেশ্যে মৰাণৰ জকাই বন কুমাৰ গাঁওবাসী ব্যস্ত হৈ পৰিছে তৰা পঘা বনোৱাত ৷ অসমীয়া সংস্কৃতিৰ পৰা যাতে এই সম্পদ সমূহ কোনো কালে বিলুপ্ত নহয় তাৰ বাবেও গাঁওবাসীয়ে দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন ৷

বন কুমাৰ গাঁওবাসী ব্যস্ত হৈ পৰিছে তৰা পঘা বনোৱাত
বন কুমাৰ গাঁওবাসী ব্যস্ত হৈ পৰিছে তৰা পঘা বনোৱাত

মৰাণ,11 এপ্ৰিল : অসমীয়াৰ আয়ুস ৰেখা তথা চহা অসমীয়াৰ স্বাভিমান ৰঙালী বিহুলৈ মাজত মাথো কেইটামান দিন বাকী ৷ ৰাজ্যৰ প্ৰান্তে প্ৰান্তে বিহুনাচৰ কৰ্মশালা চলি থকাৰ মাজতে মৰাণৰ জকাই বন কুমাৰ গাঁওবাসী ব্যস্ত হৈ পৰিছে তৰা পঘা বনোৱাত ৷ বৈজ্ঞানিক পদ্ধতিৰে কৃষি কৰ্ম কৰি স্বাৱলম্বী হোৱা কৃষক সকলেও বছৰেকৰ মূৰত গৰু বিহুৰ দিনাখন গোহালীৰ গৰুক নতুন-পঘা দিয়াৰ উদ্দেশ্যে সাজি উলিয়াইছে তৰা পঘা ৷

বন কুমাৰ গাঁওবাসী ব্যস্ত হৈ পৰিছে তৰা পঘা বনোৱাত

জিলা খনৰ বিভিন্ন ঠাইত বিক্ৰী কৰাৰ বাবে গাঁওখনৰ লোকসকলে সাজি উলিয়াইছে সৰু-বৰ এই তৰা পঘা ৷ অসমীয়া সংস্কৃতিৰ পৰা যাতে এই সম্পদ সমূহ কোনো কালে বিলুপ্ত নহয় তাৰ বাবেও গাঁওবাসীয়ে দাঙি ধৰিছে উৎকৃষ্ট নিদৰ্শন ৷

লগতে পঢ়ক: কভিড প্ৰট'কল মানি বিহু উদযাপনৰ বাবে সাজু ৰঙিয়াবাসী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.