ETV Bharat / state

আলফা (স্বা) কেডাৰ দীপাংকৰ গগৈৰ আত্মসমৰ্পণ

author img

By

Published : Apr 21, 2021, 8:25 AM IST

মঙলবাৰে সন্ধিয়া নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ এগৰাকী কেডাৰে ডিব্ৰুগড়ৰ পল্টন বজাৰ সেনা শিবিৰত আত্মসমর্পণ কৰে। আত্মসমর্পণৰ সময়ত কেডাৰজনে এটা 9 mm পিস্তলসহ 6 টা সজীৱ গুলী জমা দিয়ে ৷

ulfa surrendered
ডিব্ৰুগড়ত আলফা স্বাধীনৰ কেডাৰৰ আত্ম সমৰ্পণ

ডিব্ৰুগড়,21 এপ্ৰিল : মঙলবাৰে সন্ধিয়া নিষিদ্ধ ঘোষিত সংগঠন আলফা স্বাধীনৰ এগৰাকী কেডাৰে আত্মসমৰ্পণ কৰে ৷ যোৰহাট তিতাবৰ দীপাংকৰ গগৈ ওৰফে টাইচেং গগৈয়ে ডিব্ৰুগড়ৰ পল্টন বজাৰ সেনা শিবিৰত আত্মসমর্পণ কৰে। কেডাৰজনে আত্মসমর্পণৰ সময়ত এটা 9mm পিস্তলসহ 6টা সজীৱ গুলী জমা দিয়ে ৷

ulfa surrendered
ডিব্ৰুগড়ত আলফা স্বাধীনৰ কেডাৰৰ আত্ম সমৰ্পণ

উল্লেখ্য যে, 2017 চনত কেডাৰজনে আলফা স্বাধীনত যোগদান কৰি চুবুৰীয়া ৰাজ্য অৰুণাচল প্ৰদেশত প্ৰশিক্ষণ গ্ৰহণ কৰি অসমলৈ ঘূৰি আহিছিল ৷ তাৰ পাচতে 2020 চনত আৰক্ষীৰ হাতত গ্ৰেপ্তাৰ হয় ৷ জামিন লাভ কৰি কেডাৰজনে পুনৰ আলফা সৈতে যোগসূত্র স্থাপন কৰি সাংগাঠনিক কাম- কাৰ্যত জড়িত হৈ পাৰিছিল বুলি আৰক্ষী সূত্ৰই প্ৰকাশ কৰে ৷

আনহাতে, সদস্য জনে কোনো অজ্ঞাত কাৰণ সংগঠনটোৰ প্ৰতি বিতুষ্ট হৈ সেনাৰ সৈতে যোগাযোগ কৰি আত্মসমৰ্পণ কৰে ৷ ইতিমধ্যে সেনা বাহিনীয়ে কেডাৰজনক ডিব্ৰুগড় আৰক্ষীৰ জিম্মালৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: বৰপেটা অসামৰিক চিকিৎসালয়ত ৯ গৰাকী ক’ভিড ৰোগী চিনাক্ত

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.