ETV Bharat / state

সুদৰ ব্যৱসায় কৰি ৰঙাঘৰলৈ মিঠু দাস

author img

By

Published : Apr 22, 2021, 11:16 AM IST

Updated : Apr 22, 2021, 11:32 AM IST

কোনো অজ্ঞাত লোকৰ তথ্যৰ ভিত্তিত মঙলবাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে চলোৱা তদন্তত গ্ৰেপ্তাৰ হ'ল চাবুৱা নগৰৰ ‘এ’ ৱাৰ্ডৰ নিবাসী সুদখোৰ মিঠু দাস ৷ বিগত দহ বছৰে আৰক্ষীৰ চকুত ধুলি দি ঋণ প্ৰদান কৰা ব্যক্তিৰ পৰা জামানত হিচাপে সংগ্ৰহ কৰি আহিছিল চেক আৰু দলিল ৷

অৱশেষত আৰক্ষীৰ জালত পৰিল সুদখোৰ মিন্টু দাস
অৱশেষত আৰক্ষীৰ জালত পৰিল সুদখোৰ মিন্টু দাস

মৰাণ,22 এপ্ৰিল : অৱশেষত চাবুৱা আৰক্ষীৰ জালত পৰিল সুদখোৰ মিঠু দাস ৷ বিগত দহ বছৰে আৰক্ষীৰ চকুত ধুলি দি চলাই আহিছিল সুদৰ ব্যৱসায় ৷ চাবুৱা নগৰৰ ‘এ’ ৱাৰ্ডৰ নিবাসী মিঠু দাসে ঋণ প্ৰদান কৰা ব্যক্তিৰ পৰা জামানত হিচাপে দীৰ্ঘদিনৰ পৰা সংগ্ৰহ কৰি আহিছিল চেক আৰু দলিল ৷ কিন্তু এই তথ্যৰ কোনো শুংসূত্ৰই লাভ কৰা নাছিল আৰক্ষীয়ে ৷ হঠাৎ কেইদিনমানৰ পূৰ্বে কোনো অজ্ঞাত লোকে ডাক যোগে আৰক্ষীৰ ওচৰত অভিযোগ দাখিল কৰাৰ পাচতে আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷

সুদৰ ব্যৱসায় কৰি ৰঙাঘৰলৈ মিঠু দাস

ব্যক্তি গৰাকীৰ তথ্যৰ ভিত্তিত মঙলবাৰে দণ্ডাধীশৰ উপস্থিতিত আৰক্ষীয়ে চলোৱা তদন্তত চাবুৱাৰ এটা ঘৰৰ পৰা ওলাইছে ধন লেনদেনৰ বহু তথ্যৰ লগতে উকা আৰু স্ব-লিখিত বিভিন্ন বেংকৰ চেক,চৰকাৰী চাকৰিয়ালৰ নিযুক্তি পত্ৰৰ জেৰক্স কপি,বহু হিচাপৰ বহীৰ লগতে 1,89,97,000 মূল্যৰ দলিল ৷ আৰক্ষীৰ তদন্তত জব্দকৃত নথিখিনিৰ পৰা চাবুৱাৰ বহু হাই প্ৰফাইল ব্যক্তিৰ সৈতে ধনৰ লেনদেন তথ্যও পোহৰলৈ অহাৰ সম্ভাৱনা প্ৰকাশ কৰি আৰক্ষীয়ে নিজাববীয়াকৈ গোচৰ ৰুজু কৰি গোচৰ নং 60/ 21 ভাৰতীয় দণ্ডবিধি ধাৰা 121/406/420/468 আৰু উপ-ধাৰা 4/5 (Prevention of Mony Landering Act 2002 ) আইনৰ অধীনত গ্ৰেপ্তাৰ কৰি ধৃত মিন্টু দাসক আদালতলৈ প্ৰেৰণ কৰিছে ৷

লগতে পঢ়ক: ৰাঙলুত বৃহৎ পৰিমাণৰ ড্ৰাগছসহ আটক দুই সৰবৰাহকাৰী

Last Updated : Apr 22, 2021, 11:32 AM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.