ETV Bharat / state

ডিব্ৰুগড়ত ভয়াবহ পথ দুৰ্ঘটনা, নিহত 1

author img

By

Published : Oct 1, 2022, 4:43 PM IST

Road accident in Dibrugarh
ডিব্ৰুগড়ত ভয়াবহ পথ দুৰ্ঘটনা, নিহত 1

মহাষষ্ঠীৰ দিনাই ডিব্ৰুগড়ত অঘটন ৷ ডিব্ৰুগড়ৰ বিচিপিএলৰ সন্মুখত এখন মটৰ চাইকেল আৰু এখন যাত্ৰীবাহী উইংগাৰৰ মুখামুখি সংঘৰ্ষ থিতাতে মৃত্যু হয় বিপুল গগৈ (62) নামৰ এজন লোকৰ (Road accident in Dibrugarh) ৷

ডিব্ৰুগড়, 1 অক্টোবৰ : আজি মহা ষষ্ঠী (Durga Puja 2022) ৷ ৰাজ্যজুৰি সৃষ্টি হৈছে এক উৎসৱমুখৰ পৰিৱেশ ৷ ইয়াৰ মাজতে ডিব্ৰুগড় চহৰত সংঘটিত হোৱা এক ভয়াবহ দুৰ্ঘটনাই জোকাৰি গৈছে সমগ্ৰ অঞ্চলটো (Road accident in Dibrugarh)৷

মা দুৰ্গাক বেদীত প্ৰতিষ্ঠা কৰাৰ দিনাই অৰ্থাৎ শনিবাৰে ডিব্ৰুগড়ত সংঘটিত হয় এক ভয়াবহ পথ দুৰ্ঘটনা ৷ এই দুৰ্ঘটনাত থিতাতে নিহত হয় এজন । নিহত লোকজনৰ নাম বিপুল গগৈ (62) বুলি জানিব পৰা গৈছে ৷ নিহত বিপুল গগৈৰ ঘৰ বকুল জাপি সজীয়া বাইপাছত ৷

Road accident in Dibrugarh
ডিব্ৰুগড়ত ভয়াবহ পথ দুৰ্ঘটনা, নিহত 1

ঘটনাৰ বিৱৰণি অনুসৰি, নিহত বিপুল গগৈয়ে মটৰ চাইকেলেৰে ঘৰলৈ আহি আছিল ৷ তেনে সময়তে মৰাণৰ অভিমুখে গৈ থকা এখন যাত্ৰীবাহী উইংগাৰৰ সৈতে বিচিপিএলৰ সন্মুখত মুখামুখি সংঘৰ্ষ হয় ৷ মটৰ চাইকেল আৰু যাত্ৰীবাহী উইংগাৰৰ সংঘৰ্ষত অকাল মৃত্যুক সাৱতিব লগাত পৰে 62 বছৰীয়া বিপুল গগৈয়ে(Terrible road accident in Dibrugarh) ৷

জানিব পৰা মতে, নিহত বিপুল গগৈ বকুল চাহ বাগিচাৰ অৱসৰপ্ৰাপ্ত কৰ্মচাৰী আছিল ৷ বিপুল গগৈৰ মৃত্যুত এতিয়া সমগ্ৰ অঞ্চলটোত পৰিছে শোকৰ ছাঁ ৷

লগতে পঢ়ক : দিল্লীত বন্ধুৰ দ্বাৰা যৌন নিৰ্যাতৰ বলি ১০ বছৰীয়া কিশোৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.