ETV Bharat / state

দিহিং পাটকাইত বনকৰ্মী-চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলি

author img

By

Published : Jul 21, 2021, 8:25 PM IST

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীবৰ্ষণ ৷ চোৰাং কাঠ ব্যৱসায়ীৰ সৈতে বনৰক্ষীৰে চলা গুলীয়াগুলিত নিহত হয় এজনী মাইকী হাতী ৷ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত পূৰ্বৰ দৰেই চলি আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি ৷

one-elephant-died-on-firing-at-dihing-patkai-national-park
দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত বন কৰ্মী আৰু চোৰাংচিকাৰীৰ মাজত হোৱা গুলীয়াগুলীত হাতীৰ মৃত্যু

মৰাণ, 21 জুলাই : নতুনকৈ ঘোষণা হোৱা দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত (dehing patkai national park) পূৰ্বৰ দৰেই চলি আছে চোৰাং কাঠ ব্যৱসায়ীৰ দপদপনি । মঙলবাৰে নিশা জয়পুৰ বন সংমণ্ডলৰ অধীনত থকা বনকৰ্মী আৰু অৰুণাচলী চোৰাং কাঠ মাফিয়াৰ মাজত প্ৰচণ্ড গুলীয়াগুলি সংঘটিত হয় । প্ৰায় ১ ঘণ্টা সময়জুৰি দুয়ো পক্ষৰ মাজত সংঘটিত হোৱা এই গুলীয়াগুলিত থিতাতে নিহত হয় চোৰাং কাঠৰ বেপাৰীয়ে কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এজনী মাইকী হাতী । উল্লেখযোগ্য যে, আজিৰে পৰা দুটামান দিনৰ আগত বনমন্ত্ৰী আৰু ৰাজ্য চৰকাৰে দিহিং-পাটকাই অভয়াৰণ্যক ৰাষ্ট্ৰীয় উদ্যান হিচাপে ঘোষণা কৰিছিল ৷

ইমানলৈকে সকলো ঠিকে ঠাকে আছিল । বৰ্তমান দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানখন কি পৰ্যায়ত আছে খবৰ লৈছেনে ৰাজ্য আৰু কেন্দ্ৰীয় চৰকাৰে ? সম্প্ৰতি চোৰাং কাঠ মাফিয়াই এফালৰ পৰা কাটি তহিলং কৰিছে ৰাষ্ট্ৰীয় উদ্যানখনৰ ভিতৰচ'ৰাত থকা মূল্যৱান গছ-গছনিসমূহ । সেই অনুসৰি মঙলবাৰে দুপৰ নিশা অৰুণাচলী (ARUNACHAL) চোৰাং কাঠ ব্যৱসায়ীয়ে ৰাষ্ট্ৰীয় উদ্যানখনৰ অসম-অৰুণাচল প্ৰদেশ সীমান্তত থকা বাখৱনলা অঞ্চলত গছ কাটি থকাৰ সময়তে বন বিভাগৰ তহলদাৰী এটা দলে গছ কটা মেচিনৰ শব্দৰ উমান পাই ঘটনাৰ উৎস বিচাৰি যাওঁতে মুখামুখি হয় চোৰাং কাঠচোৰৰ দলটোৰ ।

দিহিং পাটকাইত বনকৰ্মী-চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলি

সেই সময়তে বনকৰ্মীসকলক উদ্দেশ্য কৰি দলটোৱে ধাৰাষাৰ গুলীবৰ্ষণ কৰাত বনকৰ্মীসকলে প্ৰত্যুত্তৰ দিয়ে । বনকৰ্মী আৰু চোৰাং কাঠ ব্যৱসায়ীৰ মাজত গুলীবৰ্ষণ চলি থকাৰ সময়তে মৃত্যুমুখত পৰে দলটোৱে কুণ্ডা টানিবলৈ ব্যৱহাৰ কৰা এজনী মাইকী হাতী । উক্ত ঘটনাৰ পাচতে বুধবাৰে জয়পুৰ আৰক্ষীৰ সহযোগত ঘটনাস্থলীত উপস্থিত হয় বন বিভাগ আৰু চিকিৎসকৰ এটা দল ৷

চিকিৎসকৰ দলটোৱে হাতীজনীৰ মৃতদেহৰ মৰণোত্তৰ পৰীক্ষা সম্পন্ন কৰি বন্দুকৰ গুলীত নিহত হোৱাটো নিশ্চিত কৰে ৷ উল্লেখ্য যে, মাত্ৰ কেইগৰাকীমান বনকৰ্মীয়ে উদ্যানখন চোৱাচিতাৰ দায়িত্বত আছে । আনকি কোনো ধৰণৰ অত্যাধুনিক অস্ত্ৰ-শস্ত্ৰও প্ৰদান কৰা হোৱা নাই দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত নিয়োজিত হৈ থকা বনকৰ্মীৰ দলটোক । যি প্ৰদান কৰিছে, সেই আওপুৰণি অস্ত্ৰ-শস্ত্ৰৰে নিৰাপত্তা দিবলগা হৈছে সুবিশাল উদ্যানখন ।

যাৰ বাবেই সময়ে সময়ে তাৰ সুযোগ গ্ৰহণ কৰি আহিছে চোৰাং কাঠৰ বেপাৰীয়ে । মৃত হাতীজনীক মৰোণোত্তৰ পৰীক্ষাৰ পিছত চৰকাৰী নিয়ম অনুসৰি যাৱতীয় ব্যৱস্থা গ্ৰহণ কৰিব বুলি চিকিৎসকৰ দলটোৱে জানিবলৈ দিয়ে । এতিয়া প্ৰশ্ন হয় সময় থাকোতেই যদি বনবিভাগে ৰাষ্ট্ৰীয় উদ্যানখনত বনকৰ্মীৰ সংখ্যা বৃদ্ধি নকৰে, তেন্তে এদিন ইতিহাসৰ পাততহে পোৱা যাব দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যান নামৰ এখন যে ৰাজ্যত ৰাষ্ট্ৰীয় উদ্যান আছিল ৷

লগতে পঢ়কঃ বুকুত অজুত সপোন লৈ টকিঅ' অলিম্পিকলৈ লাভলীনা বৰগোঁহাই

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.