ETV Bharat / state

হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষ

author img

By ETV Bharat Assamese Team

Published : Jan 10, 2024, 10:56 AM IST

oil india authorities to talks with satra mukti sangram samiti
হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষ

Satra Mukti Sangram Samiti Protest : অৱশেষত গা-লৰিল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ৷ অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত বিসংগতিৰ সন্দৰ্ভত তদন্তৰ বাবে কৰা প্ৰতিবাদলৈ সঁহাৰি অইলৰ ৷ শীঘ্ৰে আলোচনাত বহিবলৈ সাজু আইল কৰ্তৃপক্ষ ৷

হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ সাজু অইল কৰ্তৃপক্ষ

ডিব্ৰুগড়, 10 জানুৱাৰী : গণতান্ত্ৰিক আন্দোলনৰ ওচৰত হাৰ মানি আন্দোলনকাৰীৰ সৈতে আলোচনাত বহিবলৈ মান্তি হ’ল অইল ইণ্ডিয়াৰ কৰ্তৃপক্ষ ৷ উল্লেখ্য যে, 2023 ৰ 20 অক্টোবৰত 187 টা কাৰিকৰী পদৰ বাবে অইল ইণ্ডিয়া লিমিটেডে অনুষ্ঠিত কৰা কাৰিকৰী পদৰ পৰীক্ষাত ব্যাপক বিসংগতি হোৱাৰ গুৰুতৰ অভিযোগ উত্থাপন কৰিছিল বিভিন্ন দল সংগঠনে ৷

ধাৰাবাহিকভাবে প্ৰতিবাদ সাব্যস্ত কৰি আহিছিল ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ কৰ্মীয়ে ৷ কিন্তু বিসংগতিপূৰ্ণ পৰীক্ষা সম্পৰ্কত অইল ইণ্ডিয়া কৰ্তৃপক্ষই কোনোধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত দুলীয়াজান অইলৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত মুক্তি সংগ্ৰাম সমিতিয়ে শুকুৰবাৰৰ পৰা আমৰণ অনশন কাৰ্যসূচী ৰূপায়ণ কৰিছিল ৷

তৈল প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্যালয়ৰ সন্মুখত ছাত্ৰ মুক্তিয়ে ৰূপায়ণ কৰা এই অনশন কাৰ্যসূচীত কৃষক মুক্তি সংগ্ৰাম সমিতি, ৰাইজৰ দলৰ লগতে বিভিন্ন দল সংগঠনে সমৰ্থন আগবঢ়াইছিল ৷ আনকি অইল ইণ্ডিয়াৰ স্বীকৃতিপ্ৰাপ্ত শ্ৰমিক সংগঠন ইণ্ডিয়ান অইল ৱকাৰ্ছ ইউনিয়নেও সমৰ্থন আগবঢ়াইছিল ৷ ইয়াৰ সমান্তৰালকৈ ডিব্ৰুগড় জিলাৰ টেঙাখাত, চাবুৱা, দেওশাল আৰু ডিকম আদি তৈলক্ষেত্ৰ এলেকাত অনিৰ্দিষ্টকালীন অইল বন্ধ কাৰ্যসূচী গ্ৰহণ কৰিছিল ছাত্ৰ মুক্তিকে ধৰি কেইবাটাও দল-সংগঠনে ৷

অৱশেষত গা-লৰিল অইল ইণ্ডিয়া কৰ্তৃপক্ষৰ ৷ মঙলবাৰে অইলৰ জন পৰিক্ৰমা বিভাগৰ প্ৰতিনিধি অনশনস্থলীত উপস্থিত হৈ ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ সদস্যসকলক সাক্ষাৎ কৰে আৰু অহা 18 জানুৱাৰীত আলোচনাৰ প্ৰস্তাৱ দিয়ে ৷ অইলৰ প্ৰস্তাৱ মানি লোৱাত ছাত্ৰ মুক্তিয়ে তেওঁলোকৰ 5 দিনীয়া অনশন কাৰ্যসূচী মঙলবাৰে সামৰণি মাৰে ৷

দুলীয়াজানৰ জ্যেষ্ঠ সাংবাদিক পবিত্ৰ বৰঠাকুৰে অনশনকাৰীসকলক ফলৰ ৰস খুৱাই অনশন ভংগ কৰে ৷ যদিহে আলোচনাত কোনো ধৰণৰ কাৰিকৰী পদৰ নিযুক্তি প্ৰক্ৰিয়াত বিসংগতিৰ তদন্ত আগবঢ়োৱাত অইল ইণ্ডিয়াই গুৰুত্ব প্ৰদান নকৰিলে পুনৰ আন্দোলনৰ কৰাৰ হুংকাৰ প্ৰদান কৰে ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ নেতৃত্বই ৷

লগতে পঢ়ক : ধ্বংসস্তূপত পৰিণত হোৱাৰ দিশে ঐতিহ্যমণ্ডিত হৰেঘাট দলং

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.