ETV Bharat / state

Thengal Kachari Election : ডিব্ৰুগড়ৰ ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়ন পত্ৰ দাখিল

author img

By

Published : Dec 31, 2021, 9:39 PM IST

ডিব্ৰুগড়ৰ ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল
ডিব্ৰুগড়ৰ ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল

২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচনৰ (Thengal Kachari Autonomous Council election) মনোনয়ন পত্ৰ দাখিল প্ৰক্ৰিয়া শুকুৰবাৰে সমাপ্ত হয় ৷ মনোনয়ন পত্ৰ দাখিলৰ দ্বিতীয় তথা অন্তিম দিনটোত পৰিষদৰ ডিব্ৰুগড় জিলাৰ ২২ নং মেৰবিল সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী মনদ্বীপ বড়াই মনোনয়ন দাখিল কৰে ।

মৰাণ, 31 ডিচেম্বৰ : নৱবৰ্ষৰ আৰম্ভণিতে ৰাজ্যত অনুষ্ঠিত হ’ব ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ নিৰ্বাচন (Thengal Kachari Autonomous Council election) । অহা ২০ জানুৱাৰীত অনুষ্ঠিত হ'বলগীয়া পৰিষদৰ নিৰ্বাচনৰ বাবে 30 আৰু 31 ডিচেম্বৰত গ্ৰহণ কৰা হয় মনোনয়ন পত্ৰ ।

শুকুৰবাৰে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ ডিব্ৰুগড় জিলাৰ একমাত্ৰ সমষ্টি নাহৰকটীয়াৰ ২২ নং মেৰবিল সমষ্টিৰ বাবে বিজেপিৰ প্ৰাৰ্থী মনদ্বীপ বড়াই মনোনয়ন দাখিল কৰে । ডিব্ৰুগড় জিলা নিৰ্বাচনী বিষয়াৰ ওচৰত মনোনয়ন পত্ৰ দাখিল কৰাৰ সময়ত প্ৰাৰ্থীগৰাকীক সংগ দিয়ে কেইবাজনো বিধায়কে ৷

ডিব্ৰুগড়ৰ ২২ নং মেৰবিল সমষ্টিৰ বিজেপি প্ৰাৰ্থীৰ মনোনয়নপত্ৰ দাখিল

ডিব্ৰুগড়ৰ বিধায়ক প্ৰশান্ত ফুকন, লাহোৱালৰ বিনোদ হাজৰিকা, দুলীয়াজান সমষ্টিৰ বিধায়ক তেৰচ গুৱালাকে ধৰি জিলা বিজেপিৰ শীৰ্ষ নেতৃত্বসকলে মনদ্বীপ বড়াৰ মনোনয়ন দাখিলৰ সময়ত উপস্থিত থাকে । উল্লেখ্য যে, ২০ জানুৱাৰীত পৰিষদৰ ভোটদান সম্পন্ন হোৱাৰ পিছতেই ২২ জানুৱাৰীত সম্পন্ন হ'ব ভোটগণনা প্ৰক্ৰিয়া ।

আনহাতে ঠেঙাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ লখিমপুৰ জিলাৰ অন্তৰ্গত ৫ টা সমষ্টিৰ বাবে মুঠ ১১ জন প্ৰাৰ্থীয়ে মনোনয়ন পত্ৰ দাখিল কৰে ।

লগতে পঢ়ক: Thengal Kachari Election : অন্ত পৰিল ঠেঙাল কছাৰী পৰিষদৰ মনোনয়ন দাখিল পৰ্ব

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.