ETV Bharat / state

Marathon Race Competition at Tingkhong: টিংখাঙত প্ৰথমবাৰৰ বাবে ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা

author img

By

Published : May 4, 2023, 10:08 AM IST

টিংখাঙত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা ৷ কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু সাংস্কৃতিক মন্ত্ৰী বিমল বড়ায়ে শুভাৰম্ভ কৰে এই মাৰাথন প্ৰতিযোগিতাৰ ৷ দেশৰ বিভিন্ন ৰাজ্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীয়েও অংশগ্ৰহণ কৰে এই প্ৰতিযোগিতাত (Marathon Race Competition at Tingkhong) ৷

Marathon Race Competition at Tingkhong
ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা

ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা

ডিব্ৰুগড়, 4 মে’: টিংখাঙত প্ৰথমবাৰলৈ অনুষ্ঠিত হ’ল ৰাষ্ট্ৰীয় পৰ্যায়ৰ মাৰাথন প্ৰতিযোগিতা ৷ দেশৰ বিভিন্ন ৰাজ্যৰ প্ৰতিযোগীৰ অংশগ্ৰহণেৰে বৃহস্পতিবাৰে পুৱা অনুষ্ঠিত হ’ল এই মাৰাথন প্ৰতিযোগিতাখনৰ ৷ ৰঙালী-Tingkhong 2023" "Northeast - A Cultural Melting Pot" শীৰ্ষক উত্তৰ-পূৱৰ কথা-সুৰ-ৰং-সোৱাদৰ অপূৰ্ব সমাহাৰ শীৰ্ষক অনুষ্ঠানৰ লগত সংগতি ৰাখি পুৱা ৫ বজাৰ লগে লগেই আৰম্ভ হয় এই দৌৰ প্ৰতিযোগিতা ৷ দেশৰ বিভিন্ন ৰাজ্যৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগীয়েও এই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰা পৰিলক্ষিত হয় (Marathon Race Competition at Tingkhong) ৷

টিংখাঙৰ ঘুগুলনী চাৰিআলিত এই মাৰাথন প্ৰতিযোগিতাৰ শুভাৰম্ভ কৰে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী আৰু টিংখাঙৰ বিধায়ক তথা সাংস্কৃতিক মন্ত্ৰী বিমল বড়ায়ে ৷ পুৰুষ প্ৰতিযোগীয়ে চাৰি ঘণ্টা আৰু মহিলা প্ৰতিযোগীয়ে ৪ ঘণ্টা ৩০ মিনিটত মুঠ ৪২ কিলোমিটাৰ পথ অতিক্ৰম কৰে ৷ ৫২ নং বি ট্ৰান্স অৰুণাচল ৰাষ্ট্ৰীয় ঘাইপথেৰে আৰম্ভ হোৱা এই মাৰাথন টিংখাঙৰ বিভিন্ন গ্ৰামাঞ্চলৰ মাজেৰে গৈ লেঙেৰী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ খেলপথাৰত সামৰণি পৰে (National Level Marathon Race Competition) ৷

মাৰাথনত অংশগ্ৰহণ কৰা প্ৰতিযোগীসকলক স্থানীয় ৰাইজে পথৰ দাঁতিত ৰৈ, হাত চাপৰি বজাই শুভেচ্ছা জ্ঞাপন কৰে ৷ 147 গৰাকী পুৰুষ আৰু 46 গৰাকী মহিলা প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা এই প্ৰতিযোগিতাত প্ৰথম স্থান দখল কৰা প্ৰতিযোগীগৰাকীয়ে লাভ কৰিব 1 লাখ টকাৰ প্ৰথম পুৰস্কাৰ, দ্বিতীয় পুৰস্কাৰ 50 হাজাৰ আৰু তৃতীয় পুৰস্কাৰ হিচাপে ৩০ হাজাৰ টকা লাভ কৰিব ৷ ইয়াৰ পাছতেই ৰঙালী বিহু উদযাপনস্থলীত অনুষ্ঠিত হ’ব "ক্ৰীড়াংগন" শীৰ্ষক এক বিশেষ অনুষ্ঠান ৷ য’ত অংশগ্ৰহণ কৰিব লাভলীনা বৰগোঁহাই, হিমা দাস, নয়নমণি শইকীয়া, বিনীত ৰয়, যমুনা বড়োকে ধৰি বহুকেইগৰাকী ৰাষ্ট্ৰীয়-আন্তঃৰাষ্ট্ৰীয় খেলুৱৈয়ে (Rameswar Teli Inaugurate Marathon at Tingkhong) ৷

উল্লেখযোগ্য যে, টিংখাঙত তিনিদিনীয়া বৰ্ণাঢ্য কাৰ্যসূচীৰে আজিৰে পৰা অনুষ্ঠিত হৈছে ৰঙালী Tingkhong 2023। লেঙেৰী কেন্দ্ৰীয় ৰঙালী বিহু সন্মিলন আৰু টিংখাং সাংস্কৃতিক মঞ্চৰ উদ্যোগত আয়োজন কৰা হৈছে এই ৰঙালী উৎসৱৰ (Rongali Tingkhong 2023) ৷

লগতে পঢ়ক: Textbooks available online: ক শ্ৰেণীৰ পৰা দ্বাদশ শ্ৰেণীলৈ ৱেবচাইটত উপলব্ধ হ’ল পাঠ্যপুথি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.