ETV Bharat / state

মহিলা সমাজৰ প্ৰতিবাদৰ পাচতে আধাৰশিলা স্থাপন

author img

By

Published : Jul 11, 2021, 10:47 AM IST

শনিবাৰে মৰাণত পথৰ আধাৰশিলা স্থাপন (Laying Of Foundation Stone) সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)ৰ ৷ মহিলা সমাজৰ এঘণ্টীয়া পথ অৱৰোধৰ পাচতে গা লৰিল সাংসদগৰাকীৰ ৷

mp tapan kumar gogoi laying of foundation stone
সাংসদ তপন কুমাৰ গগৈৰ আধাৰশিলা স্থাপন

মৰাণ, 11 জুলাই : মৰাণত মহিলা সমাজৰ এঘণ্টীয়া পথ অৱৰোধৰ পাচতে শনিবাৰে পথৰ আধাৰশিলা স্থাপন (Laying Of Foundation Stone) কৰিলে যোৰহাট লোকসভা সমষ্টিৰ সাংসদ তপন কুমাৰ গগৈ (Tapan Kumar Gogoi)য়ে ৷ প্ৰতিবাদৰ তিনিদিনৰ পাচতে মৰাণৰ মাহমৰা সমষ্টিৰ উষাপুৰৰ পৰা নাৰদ কুমাৰ পথলৈ পথ নিৰ্মাণৰ বাবে স্থাপন কৰা হ’ল এই আধাৰশিলা ৷ প্ৰধানমন্ত্ৰী গ্ৰাম চড়ক যোজনা (Pradhan Mantri Gram Sadak Yojana) আঁচনিৰ অধীনত নিৰ্মাণ হ’বলগীয়া এই পথটোৰ দৈৰ্ঘ প্ৰায় 5 কিল’মিটাৰ ৷

প্ৰতিবাদ অবিহনে অসমত যেন কোনো সমস্যাই সমাধান নহয় । পুনৰ সেই কথা প্ৰমাণিত হ’ল মৰাণত । 7 জুলাইত পথ নিৰ্মাণৰ দাবীত মৰাণত মহিলা সমাজে পথ অৱৰোধৰ পাচতে পথৰ আধাৰশিলা স্থাপন কৰিবলৈ আগবাঢ়ি আহে সাংসদ তপন কুমাৰ গগৈয়ে ৷ সাধাৰণতে ৰাজ্যৰ প্ৰতিখন ঠাইতে আধাৰশিলা স্থাপনৰ বাবে স্থানীয় বিধায়ক তথা জন প্ৰতিনিধিসকলে উঠি-পৰি লাগে ৷

সাংসদ তপন কুমাৰ গগৈৰ আধাৰশিলা স্থাপন

নিৰ্বাচনৰ পূৰ্বেই হওক বা নিৰ্বাচনত জয়লাভ কৰাৰ পাচতেই হওক, তেওঁলোকে আধাৰশিলা স্থাপনৰ বাবে খদমদম লগোৱা পৰিলক্ষিত হয় ৷

কিন্তু স্থাপন কৰা আধাৰশিলাৰ বেছিভাগে সময়ত আধাৰশিলা হৈয়ে ৰয় ৷ জনপ্ৰতিনিধিয়ে ঠিকাদাৰক নিৰ্দেশ প্ৰদান কৰা পথ নিৰ্মাণৰ কামৰ বেছিভাগতে কেলেংকাৰী জড়িত হৈ থকাৰ বাতৰি সম্প্ৰচাৰিত হয় ৷ কিছুসংখ্যক ঠাইত আধাৰশিলা স্থাপনৰ পাচত নিৰ্মাণৰ কাম আগবাঢ়ে যদিও, সেই কাম আধাতে ৰহস্যজনকভাৱে স্থগিত ৰখা হয় ৷ এই ক্ষেত্ৰত যমৰ যাতনা ভুগিবলগীয়া হয় সেই অঞ্চলৰ ৰাইজ ৷

তথাপিও যেন পথৰ দুৰৱস্থাৰ প্ৰতি দৃষ্টিগোচৰ নহয় স্থানীয় বিধায়ক কিম্বা জন প্ৰতিনিধিৰ ৷ সেয়েহে ভুক্তভোগী ৰাইজে উপায়হীন হৈ পথ নিৰ্মাণৰ দাবীত প্ৰতিবাদ সাব্যস্ত কৰিবলগীয়া হয় ৷ একেদৰে মৰাণৰ আধাৰশিলা স্থাপন অনুষ্ঠানত সাংসদ তপন কুমাৰ গগৈৰ লগতে মাহমৰা সমষ্টিৰ বিধায়ক তথা মন্ত্ৰী যোগেন মহন (Jogen Mohan) উপস্থিত থকাৰ কথা আছিল যদিও কেবিনেটৰ সভা থকাৰ বাবে তেওঁৰ অনুপস্থিতিত অনুষ্ঠানত ভাগ লয় বিধায়ক তথা মন্ত্ৰীগৰাকীৰ পত্নী অলি মহনে । লগতে অনুষ্ঠানত উপস্থিত থাকে সোণাৰী সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰ (Dharmeswar Konwar) আৰু পঞ্চায়তৰ বিষয়ববীয়া তথা দলীয় কৰ্মকৰ্তাসকল ৷

লগতে পঢ়ক : টীয়কত ক'ভিড প্ৰট'কল ভংগকাৰীৰ বিৰুদ্ধে প্ৰশাসনৰ তৎপৰতা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.