ETV Bharat / state

লক্ ডাউনৰ পাছতে গাহৰি পালকক সহায় কৰাৰ প্ৰতিশ্ৰুতি বিধায়ক চক্ৰ গগৈৰ

author img

By

Published : May 11, 2020, 4:30 PM IST

MLA of Moran Chakra Gogoi comes to help Pig farmers
লক্ ডাউনৰ পাছতে গাহৰি পালকক সহায় কৰাৰ প্ৰতিশ্ৰুতি বিধায়ক চক্ৰ গগৈৰ

আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰি পালক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিধায়ক চক্ৰ গগৈ ৷ লক্ ডাউনৰ পিছতো সকলোকে সহায়ৰ প্ৰতিশ্ৰুতি বিধায়ক গৰাকীৰ ৷ ইতিমধ্যে বিধায়ক গৰাকীয়ে মৃত গাহৰিৰ তালিকা প্ৰস্তুক কৰিবলৈ বিভাগীয় কতৃৰ্পক্ষক নিৰ্দেশ প্ৰদান কৰিছে ৷

মৰাণ, 11 মে' : আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ মৃত্যু হোৱা গাহৰি পালক সকলক সহায় কৰিবলৈ আগবাঢ়ি আহিছে বিধায়ক চক্ৰ গগৈ ৷ গাহৰিৰ মৃত্যুৱে দৰিদ্ৰ কৃষক সকলক হতাশ কৰাৰ পাছতে আজি সমষ্টিৰ বিভিন্ন ঠাইত গাহৰি পালকৰ ঘৰলৈ গৈ সাহাৰ্য্য প্ৰদানৰ আশ্বাস দিয়ে মৰাণৰ বিধায়ক চক্ৰ গগৈয়ে ৷

উল্লেখযোগ্য যে, অসমৰ বহু কেইখন জিলাৰ লগতে ডিব্ৰুগড় জিলাৰ মৰাণ বিধানসভা সমষ্টিত আফ্ৰিকান ছোৱাইন ফিভাৰত আক্ৰান্ত হৈ নিয়মিতভাৱে পশুধনৰ মৃত্যু হোৱাত পশুপালক তথা কৃষক সকলৰ মাজত হাহাকাৰৰ পৰিবেশ সৃষ্টি হৈছে ।

কিন্তু সোমবাৰে দৰিদ্ৰ কৃষক সকলৰ ঘৰে-ঘৰে গৈ লক্ ডাউন আঁতৰিলেই সহায় কৰাৰ প্ৰতিশ্ৰুতি প্ৰদান কৰে বিধায়ক গৰাকীয়ে ৷ বিধায়ক গৰাকীয়ে জানিবলৈ দিয়া অনুসৰি, ইতিমধ্যে বিভাগীয় মন্ত্ৰী অতুল বৰাৰ লগত এই সম্পৰ্কে আলোচনা কৰিছে । আনকি বিধায়ক গৰাকীয়ে পশু চিকিৎসক, গাঁওবুঢ়া সকলক প্ৰতিখন গাঁৱৰ মৃত গাহৰিৰ সংখ্যা সঠিক ৰূপে তালিকা প্ৰস্তুত কৰিবলৈ নিৰ্দেশ দিয়া বুলি উল্লেখ কৰে ।

লক্ ডাউনৰ পাছতে গাহৰি পালকক সহায় কৰাৰ প্ৰতিশ্ৰুতি বিধায়ক চক্ৰ গগৈৰ

উল্লেখযোগ্য যে, মৰাণ বিধানসভা সমষ্টিৰ গ্ৰাম্যাঞ্চলৰ ৰাইজে সাধাৰণ ভাৱে গাহৰি পালন কৰি আছিল যদিও বৰ্তমান সময়ত বহু নিবনুৱা শিক্ষিত যুৱকে ব্যৱসায়িক ভিত্তিক গাহৰি পালন কৰিছিল । কিন্তু আফ্ৰিকান ছোৱাইন ফিভাৰে নিৱনুৱা যুৱক-যুৱতী সকলক হতাশ কৰাৰ সময়তে বিধায়ক গৰাকীয়ে গাহৰি পালক সকলৰ খবৰ লোৱাৰ লগতে সাহাৰ্য্য প্ৰদানৰ আশ্বাসক সমষ্টিবাসী ৰাইজে আদৰণি জনাইছে ৷

লগতে পঢ়ক : কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত মৃত অৱস্থাত উদ্ধাৰ ঢেঁকীয়াপতীয়া !

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.