ETV Bharat / state

Nandita Gorlosa in Charaideo Maidam : ন-ৰূপত সজাই পৰাই তোলা হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ

author img

By ETV Bharat Assamese Team

Published : Oct 5, 2023, 1:03 PM IST

Updated : Oct 5, 2023, 1:15 PM IST

ন-ৰূপত সজাই পৰাই তোলা হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ ৷ বিশ্ব ঐতিহ্য ক্ষেত্ৰ ৰূপে স্বীকৃতি পোৱাৰ দিশে চৰাইদেউ মৈদাম ৷ ৭ অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিব UNESCO ৰ এটা বিশেষ প্ৰতিনিধি দল ৷

Nandita Gorlosa in Charaideo Maidam
ন-ৰূপত সজাই পৰাই তোলা হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ

ন-ৰূপত সজাই পৰাই তোলা হৈছে চৰাইদেউ মৈদাম ক্ষেত্ৰ

ডিব্ৰুগড়, ৫ অক্টোবৰ : বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ স্বীকৃতি লাভৰ দিশত আগবঢ়িছে চৰাইদেউ মৈদাম । কোনো আসোঁৱাহ নথকাকৈ ইতিমধ্যে মৈদামৰ মনোনোয়ন UNESCO ত গ্ৰহণ কৰা পাচতেই বিশ্ব ঐতিহ্য ক্ষেত্ৰৰ নাম তালিকাত স্থান পোৱাৰ দিশে আগবাঢ়িছে আহোমৰ ৬০০ বছৰীয়া সোণালী ইতিহাস বহন কৰা ঐতিহাসিক চৰাইদেউ মৈদামস্থলী ।

অহা ৭ অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহিব UNESCO ৰ এটা বিশেষ প্ৰতিনিধি দল । ইয়াকে লৈ চৰাইদেউ মৈদামস্থলীত দিনে নিশাই চলিছে ব্যাপক প্ৰস্তুতি । নতুন ৰূপত আকৰ্ষণীয়কৈ সজাই -পৰাই তোলা হৈছে চৰাইদেউ মৈদামস্থলী ।

UNESCO ৰ প্ৰতিনিধি দল অহাৰ পূৰ্বে চৰাইদেউৰ মৈদামস্থলীত চলি থকা প্ৰস্তুতি তথা সৌন্দৰ্য বৰ্ধনৰ কাম-কাজৰ অগ্ৰগতি সম্পৰ্কে সঘনাই বুজ লৈছে অসম চৰকাৰৰ প্ৰতিনিধিৰ লগতে বিভাগীয় বিষয়াসকলে । কেইটামান দিনৰ পূৰ্বে অসম চৰকাৰৰ চাৰিগৰাকী কেবিনেট মন্ত্ৰী জয়ন্ত মল্ল বৰুৱা, কেশৱ মহন্ত, যোগেন মহন আৰু নন্দিতা গাৰ্লোচাই ঐতিহাসিক চৰাইদেউ মৈদাম পৰিদৰ্শন কৰি যাৱতীয় কাম-কাজৰ বুজ লৈছিল ৷

তাৰ পাচতে বুধবাৰে বিয়লি পুনৰ সোণাৰি সমষ্টিৰ বিধায়ক ধৰ্মেশ্বৰ কোঁৱৰৰ লগতে জিলা প্ৰশাসনৰ কেইবাগৰাকীও বিষয়ববীয়াক লগত লৈ মৈদামৰ কাম-কাজ পৰিদৰ্শন কৰি সমগ্ৰ ব্যৱস্থাপনা বুজ লয় মন্ত্ৰী নন্দিতা গাৰ্লোচাই । সকলো কাম পূৰ্ণ গতিত চলিছে বুলিও সংবাদ মাধ্যমৰ আগত মন্তব্য কৰে মন্ত্ৰীগৰাকীয়ে ।

উল্লেখ্য যে, ৭০৯ বিঘা মাটিক লৈ বিশ্ব ঐতিহ্য ক্ষেত্ৰ হ’ব লগা চৰাইদেউ মৈদাম সুন্দৰ ব্যৱস্থাপনাৰে গঢ়ি তোলাৰ বাবে চেষ্টা কৰা হৈছে ৷ যাতে ৭ অক্টোবৰত চৰাইদেউ মৈদাম ক্ষেত্ৰ পৰিদৰ্শন কৰিবলৈ আহি UNESCO ৰ বিশেষ প্ৰতিনিধি দলে কোনো ধৰণৰ দুৰ্বলতা বিচাৰি নাপায় ।

লগতে পঢ়ক : Submarine Accidents : ইয়েল’ চি ত দুৰ্ঘটনাত পতিত চীনৰ এখন চাবমেৰিন; ৫৫ জন লোকৰ মৃত্যু

Last Updated :Oct 5, 2023, 1:15 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.