ETV Bharat / state

প্ৰধানমন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনা ৰূপায়নৰ বাবে তৎপৰ ডিব্ৰুগড় প্ৰশাসন

author img

By

Published : Dec 17, 2021, 10:09 PM IST

Minister Bimal Bora attends Khanij foundation meeting in dibrugarh
প্ৰধান মন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনা ৰূপায়নৰ বাবে তৎপৰ ডিব্ৰুগড় প্ৰশাসন

ডিব্ৰুগড়ত মন্ত্ৰী বিমল বৰাৰ উপস্থিতিত খনিজ ফাউণ্ডেছনৰ গুৰুত্বপূৰ্ণ সভা (Minister Bimal Bora attends Khanij foundation meeting) ৷ সবিশেষ জানো আহক ৷

মৰাণ, 17 ডিচেম্বৰ : ডিব্ৰুগড়ত প্ৰধানমন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনা (Pradhan Mantri Khanij Kshetra Kalyan Yojana) কাৰ্যকৰী কৰিবলৈ তৎপৰ হৈছে ডিব্ৰুগড় জিলা প্ৰশাসন । শুকুৰবাৰে অসম চৰকাৰৰ ক্ৰীড়া আৰু যুৱ কল্যাণ, সাংস্কৃতিক পৰিক্ৰমা, শক্তি আৰু পৰ্যটন বিভাগৰ মন্ত্ৰী বিমল বৰা(Minister Bimal Bora)ৰ উপস্থিতিত ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্য্যালয়ৰ সভাকক্ষত প্ৰধান মন্ত্ৰীৰ খনিজ ক্ষেত্ৰ কল্যাণ যোজনাৰ অন্তৰ্গত জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ এখনি গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত কৰা হয় ।

জিলা উপায়ুক্ত বিশ্বজিৎ পেগু(Dibrugarh DC Bishwajit Pegu)ৰ সভাপতিত্বত অনুষ্ঠিত হোৱা উক্ত সভাত জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ অধীনত বিভিন্ন উন্নয়নমূলক আঁচনিৰ অনুমোদনৰ সন্দৰ্ভত আলোচনা কৰা হয় । যিহেতু খনিজ ক্ষেত্ৰাধীন অঞ্চল সমূহত জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্ট একাউণ্টৰ মুঠ ধনৰাশিৰ ৬০% ধন বিশেষ গুৰুত্ব পোৱা ক্ষেত্ৰ আৰু ৪০% ধন অন্যান্য গুৰুত্ব পোৱা ক্ষেত্ৰত ব্যৱহাৰ কৰা হ’ব, সেয়েহে লোকসভাৰ সদস্য আৰু বিধায়কসকলৰ পৰা লাভ কৰা উন্নয়ন মূলক আঁচনিসমূহৰ ক্ষেত্ৰ বিশেষে অনুমোদন কৰাৰ ক্ষেত্ৰত উক্ত সভাখনত আলোচনা কৰা হয় ।

উক্ত সভাত ডিব্ৰুগড় সমষ্টিৰ বিধায়ক প্ৰশান্ত ফুকন, চাবুৱা সমষ্টিৰ বিধায়ক পোনাকণ বৰুৱা, জিলা উন্নয়ন বিষয়া সঞ্জয় দত্ত, অতিৰিক্ত উপায়ুক্ত জয় শংকৰ শৰ্মা, লগতে লোক-নিৰ্মাণ বিভাগৰ কাৰ্য্যবাহী অভিযন্তা, জিলা খনিজ ফাউণ্ডেছন ট্ৰাষ্টৰ সদস্যসকল আৰু আন বিধায়ক সকলৰ প্ৰতিনিধিবৰ্গ সকলো উপস্থিত থাকে ।

লগতে পঢ়ক : Land Grabbing Allegation: কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.