ETV Bharat / city

Land Grabbing Allegation: কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

author img

By

Published : Dec 17, 2021, 7:58 PM IST

মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী প্ৰদেশ কংগ্ৰেছৰ ৷ এই কেলেংকাৰীৰ ন্যায়িক তদন্তৰ দাবীত গুৱাহাটীত প্ৰতিবাদ সাব্যস্ত কৰি ৰাজ্যপাললৈ পত্ৰ প্ৰেৰণ প্ৰদেশ কংগ্ৰেছৰ ৷

Land grabbing allegation against CM family
কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

গুৱাহাটী, 17 ডিচেম্বৰ : মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ পৃষ্ঠপোষকতাত তেওঁৰ পত্নী ৰিণিকি ভূঞা শৰ্মা আৰু আন সহযোগীকেইগৰাকীৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰী(Land grabbing allegation against CM family)ৰ উচ্চ পৰ্যায়ৰ তদন্তৰ দাবী জনায় শুকুৰবাৰে কংগ্ৰেছে গুৱাহাটীত উত্তাল প্ৰতিবাদ সাব্যস্ত কৰে । অসম প্ৰদেশ কংগ্ৰেছ কমিটি(Assam Pradesh Congress Committee Protest)ৰ উদ্যোগত গুৱাহাটীৰ শ্ৰীমন্ত শংকৰদেৱ কলাক্ষেত্ৰৰ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত তিনিদিনীয়া বিশেষ প্ৰশিক্ষণ শিবিৰৰ সামৰণিৰ পিছত কংগ্ৰেছ নেতা কৰ্মীসকলে কলাক্ষেত্ৰৰ ভিতৰৰ পৰা অসম সচিবালয়লৈ সমদল উলিয়ায় ।

কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

কিন্তু কলাক্ষেত্ৰৰ প্ৰৱেশদ্বাৰৰ সম্মুখত পূৰ্বৰ পৰা মোতায়েন কৰি ৰখা বৃহৎ আৰক্ষী বাহিনীয়ে সমদলকাৰীসকলক বাধা দিয়াত বহুত সময় ধৰি সমদলকাৰী আৰু আৰক্ষীৰ মাজত হতাহতি চলে । প্ৰতিবাদকাৰীসকলে "মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমি কেলেংকাৰীৰ তদন্ত কৰক", মুখ্যমন্ত্ৰী পৰিয়ালৰ ভূমিৰ দালালি বন্ধ কৰক" আদি শ্লোগান দি পৰিৱেশ উত্তাল কৰি তোলে । এই প্ৰতিবাদী কাৰ্যসূচীত কংগ্ৰেছৰ সাধাৰণ সম্পাদক (সাংগঠনিক) কে চি বেনুগোপাল, কংগ্ৰেছৰ সাধাৰণ সম্পাদক জীতেন্দ্ৰ সিঙ, প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, সাংসদ গৌৰৱ গগৈ, বিৰোধী দলৰ দলপতি দেৱব্ৰত শইকীয়া, ৰকিবুল হুছেইন, ৰাণা গোস্বামী উপস্থিত থাকে ।

প্ৰতিবাদী কাৰ্যসূচীৰ শেষত কংগ্ৰেছৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ ন্যায়াধীশৰ দ্বাৰা তদন্তৰ দাবী জনায় ৰাজ্যপাললৈ স্মাৰকপত্ৰ(APCC Memorandum to Governor) প্ৰেৰণ কৰা হয় । প্ৰতিবাদস্থলীত ভাষণ প্ৰসংগত সাংসদ গৌৰৱ গগৈয়ে কয় যে, মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ কথা সমগ্ৰ দেশতে জনাজাত হৈছে । এয়া বহুত লাজৰ কথা ।

গৌৰৱ গগৈয়ে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পদত্যাগ দাবী কৰে । আনহাতে প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ পত্নী ৰিণিকি ভূঞা শৰ্মাৰ বিৰুদ্ধে উত্থাপিত ভূমি কেলেংকাৰীৰ সম্পৰ্কত বি জে পি আৰু মিত্ৰ দল অগপ দল মৌন হৈ আছে । মুখ্যমন্ত্ৰীয়ে ভয় দেখুৱাইছে । কিন্তু কংগ্ৰেছে মুখ্যমন্ত্ৰীৰ ভয়ক খাতিৰ নকৰে ।

লগতে পঢ়ক : মুখ্যমন্ত্ৰীৰ পৰিয়ালৰ ভূমি কেলেংকাৰী: তদন্ত বিচাৰি ৰাজ্যপালক চিঠি কংগ্ৰেছৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.