ETV Bharat / state

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা: চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

author img

By

Published : Jun 16, 2022, 8:30 PM IST

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা: চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা
ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা: চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা সমাধানৰ বাবে চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা ৷ চাহ কোম্পানী, খেতিয়কৰ সৈতে আলোচনাত বহিল উপায়ুক্ত ৷ জিলাখনত ৪০-৪৪ শতাংশ গুণগত মানদণ্ডৰ কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কেজিত ২৭ টকা নিৰ্ধাৰণ ৷

মৰাণ, 16 জুন: কেঁচা চাহপাতৰ মূল্যহ্ৰাসে বিপাঙত পেলাইছে ক্ষুদ্ৰ চাহ খেতিয়ক সকলক । বিভিন্ন অজুহাতত চাহ কোম্পানী সমূহে চাহ খেতিয়কসকলৰ কেঁচা চাহপাতৰ সঠিক মূল্য নিদিয়াক লৈ খেতিয়কসকলে বিভিন্ন সময়ত আন্দোলনৰ নমাৰ উপৰি চৰকাৰৰ সৈতে আলোচনাতো মিলিত হৈছে যদিও সমাধানৰ বাট মুকলি হোৱা নাই ।

তেনে সময়তেই চৰাইদেউ জিলা প্ৰশাসনে জিলাখনৰ চাহ খেতিয়কসকলক চাহৰ প্ৰকৃত মূল্য প্ৰদানৰ বাবে তৎপৰ হোৱা পৰিলক্ষিত হৈছে । চৰাইদেউ জিলাখনত সম্প্ৰতি কেঁচা চাহপাতৰ ক্ৰমহ্ৰাসমান মূল্যৰ বাবে ভুক্তভোগী ক্ষুদ্ৰ চাহ খেতিয়কসকলক সকাহ দিয়াৰ লক্ষ্যৰে আজি চৰাইদেউ জিলাৰ উপায়ুক্ত পল বৰুৱাৰ অধ্যক্ষতাত বটলিফ ফেক্টৰিৰ পৰিচালকসকল, সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকল আৰু শ্ৰম বিভাগৰ বিষয়াৰ সৈতে এক গুৰুত্বপূৰ্ণ সভা অনুষ্ঠিত হয় (Meeting at Charaideo Deputy Commissioner office for solving small tea farmers problem) ।

ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা: চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা
ক্ষুদ্ৰ চাহ খেতিয়কৰ সমস্যা: চৰাইদেউ উপায়ুক্ত কাৰ্যালয়ত গুৰুত্বপূৰ্ণ সভা

উপায়ুক্ত কাৰ্যালয়ৰ সভাকক্ষত অনুষ্ঠিত এই সভাত উপায়ুক্তগৰাকীয়ে উপস্থিত বটলিফ ফেক্টৰিৰ পৰিচালকসকল আৰু সদৌ অসম ক্ষুদ্ৰ চাহ খেতিয়ক সন্থাৰ প্ৰতিনিধিসকলৰ সৈতে কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণ সম্পৰ্কে বিতংভাৱে আলোচনা কৰে । জিলাখনৰ চাহ উদ্যোগৰ বিকাশৰ প্ৰতি লক্ষ্য ৰাখি তথা ক্ৰেতা আৰু বিক্ৰেতা দুয়োপক্ষক লাভজনক স্থিতিত উপনীত হ'বলৈ তেওঁ কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য নিৰ্ধাৰণৰ পোষকতা কৰে ।

বিতং আলোচনাৰ অন্তত তথা সৰ্বসন্মতিক্ৰমে সভাত ৪০ ৰ পৰা ৪৪ শতাংশ গুণগত মানদণ্ডৰ কেঁচা চাহপাতৰ ন্যূনতম সমৰ্থন মূল্য প্ৰতি কেজিত ২৭ টকা নিৰ্ধাৰণ কৰা হয় । উপায়ুক্ত বৰুৱাই এই নিৰ্ধাৰিত মূল্য পৰৱৰ্তী আদেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব বুলি ঘোষণা কৰে । আজিৰ সভাত অতিৰিক্ত উপায়ুক্ত জাবেদ আৰমান আৰু সহকাৰী আয়ুক্ত সমুজ্বল বড়া উপস্থিত থাকে ।

লগতে পঢ়ক: কংগ্ৰেছে ৰাজ্যপালক দিলে দুখনকৈ স্মাৰক পত্র

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.