ETV Bharat / state

Minister Ranjit Kumar Das: শীঘ্ৰে পঞ্চায়তৰ সচিব পদ পূৰণৰ প্ৰতিশ্ৰুতি গ্ৰামোন্নয়ন মন্ত্ৰীৰ

author img

By

Published : Oct 29, 2022, 1:11 PM IST

ডিব্ৰুগড়ত মাক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক আৰ্থিক সাহায্যৰ চেক প্ৰদান (macrofinance assistance cheques distribution) মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসৰ । উক্ত অনুষ্ঠানৰ পিছতেই মন্ত্ৰীগৰাকী উপস্থিত হয় চাবুৱাৰ জেৰাই গাঁও পঞ্চায়তত ।

Minister Ranjit Kumar Das
শীঘ্ৰে পঞ্চায়তৰ সচিব পদ পূৰণৰ প্ৰতিশ্ৰুতি গ্ৰামোন্নয়ন মন্ত্ৰীৰ

মৰাণ, ২৯অক্টোবৰ: "অতি কম সময়ৰ ভিতৰত খালি হৈ থকা পঞ্চায়তৰ সচিব পদসমূহ পূৰণ কৰা হ'ব । ইতিমধ্যে বিত্তীয় বিভাগে পদ পূৰণৰ বাবে অনুমোদন দিছে ।" ডিব্ৰুগড় জিলাৰ অভিভাৱক মন্ত্ৰীৰ দায়িত্ব লাভ কৰাৰ পাছত প্ৰথমবাৰলৈ জিলাখন ভ্ৰমণ কৰি পঞ্চায়ত আৰু গ্ৰামোন্নয়ন মন্ত্ৰী ৰঞ্জিত কুমাৰ দাসে (Minister Ranjit Kumar Das at Dibrugarh) এইদৰে কয় । শুকুৰবাৰে ডিব্ৰুগড়ত মাক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক আৰ্থিক সাহায্যৰ চেক প্ৰদান (macrofinanc assistance cheques distribution) কৰা অনুষ্ঠানত অংশগ্ৰহণ কৰি মন্ত্ৰীগৰাকীয়ে এইদৰে মন্তব্য় কৰে ।

তেওঁ ইয়াৰ পূৰ্বে প্ৰথমে ডিব্ৰুগড় জিলা উপায়ুক্ত কাৰ্যালয়ত এখন পৰ্যালোচনা সভাত অংশগ্ৰহণ কৰে । মন্ত্ৰী দাসে জিলাখনৰ উন্নয়নমূলক কাম-কাজৰো খাতিয়ান লয় । উক্ত অনুষ্ঠানৰ পিছতেই মন্ত্ৰীগৰাকী উপস্থিত হয় চাবুৱাৰ জেৰাই গাঁও পঞ্চায়তত (Minister Ranjit Kumar Das at Sabuwa)। মন্ত্ৰী দাসে পঞ্চায়তৰ কাম-কাজৰ খাতিয়ান লয় । ডিব্ৰুগড়, তিনিচুকীয়া জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে কাম-কাজৰ খাতিয়ান লোৱাৰ লগতে পঞ্চায়ত পৰ্যায়ৰ জন প্ৰতিনিধিৰ সৈতে মত বিনিময় কৰে । লগতে পঞ্চায়তত ৰূপায়ণ কৰা বহু কেইটা আঁচনিৰ হিতাধিকাৰীৰসকলৰ সৈতেও মন্ত্ৰীগৰাকীয়ে মত বিনিময় কৰে ।

শীঘ্ৰে পঞ্চায়তৰ সচিব পদ পূৰণৰ প্ৰতিশ্ৰুতি গ্ৰামোন্নয়ন মন্ত্ৰীৰ

জেৰাই গাওঁ পঞ্চায়তৰ কাম-কাজৰ খাতিয়ান লৈ সন্তুষ্ট হোৱাত পঞ্চায়তৰ সভানেত্ৰী মেদিনা মেচ বৰুৱাক উৎসাহিত কৰে মন্ত্ৰীগৰাকীয়ে । উক্ত অনুষ্ঠানত মন্ত্ৰীগৰাকীৰ সৈতে কেন্দ্ৰীয় ৰাজ্যিক মন্ত্ৰী ৰামেশ্বৰ তেলী,ডিব্ৰুগড় জিলা উপায়ুক্ত বিশ্বজিৎ পেগু উপস্থিতিত থাকে ।

উল্লেখ্য় যে মুখ্যমন্ত্ৰী ড৹ হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্বাচনী প্ৰতিশ্ৰুতি আছিল মাইক্ৰ'ফাইনেন্সৰ ঋণ লৈ পৰিশোধ কৰিব নোৱাৰা মহিলা সকলক সহায় কৰাৰ । শাসনলৈ অহাৰ পাছতেই মুখ্যমন্ত্ৰীক এই ক্ষেত্ৰত তৎপৰ হোৱা পৰিলক্ষিত হৈছে । ইয়াৰে অংশৰূপেই শুকুৰবাৰে ডিব্ৰুগড়ত মাক্ৰ'ফাইনেন্সৰ ঋণগ্ৰস্ত মহিলাক আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা হয় ।

প্ৰথম পৰ্যায়ত ৰাজ্যৰ প্ৰায় সমূহ জিলাতেই মহিলাসকলক ‘‘অসম মাইক্ৰ’ফাইনেন্স উদগনি আৰু সকাহ আঁচনি,২০২২’’ৰ (Microfinance loan waiver scheme) আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰা পাছতেই দ্বিতীয় পৰ্যায়ৰ আৰ্থিক সাহায্যৰ চেক প্ৰদান কৰাৰ ব্যৱস্থা গ্ৰহণ কৰিছে ৰাজ্য চৰকাৰে ।

লগতে পঢ়ক:Cheques Distribution at Sonari: চৰাইদেউত 779 গৰাকী মহিলাক চেক প্ৰদান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.