ETV Bharat / state

খোৱাঙত অচিন ৰোগত আক্ৰান্ত পশুধন

author img

By

Published : Oct 11, 2020, 12:05 PM IST

খোৱাঙত পশুধন অচিন ৰোগত আক্ৰান্ত
খোৱাঙত অচিন ৰোগত আক্ৰান্ত পশুধন

খোৱাঙত অচিন ৰোগত আক্ৰান্ত হৈ বহু সংখ্যক পশুধনৰ মৃত্যু ৷ খোৱাঙৰ কেইবাখনো গাঁৱত বসন্ত ৰোগৰ লগতে ভৰি ফুলাৰ দৰে ৰোগত আক্ৰান্ত হৈ মৃত্য হৈছে এই সমূহ পশুধনৰ ৷ ৰোগৰ লগতে বাঘৰ আতংকই চিন্তাত পেলাইছে কৃষকক ৷ বছৰৰ আৰম্ভণিতে টিকাকৰণৰ ব্যৱস্থা কৰাৰ পাছতো পশুধনসমূহ আক্ৰান্ত হৈছে অচিন ৰোগত ৷

খোৱাঙ, 11 অক্টোবৰ: বান আৰু ক'ৰণা অতিমাৰীৰ ফলত সৃষ্টি হোৱা সমস্যাৰ ওৰ নপৰোতেই আকৌ এক নতুন সমস্যাৰ সন্মুখীন ডিব্ৰুগড় খোৱাঙৰ কৃষক ৰাইজ ৷ খোৱাঙত বহুকেইখন গাঁৱৰ পশুধন আক্ৰান্ত হৈছে কোনো অচিন ৰোগত ৷ অচিন ৰোগত আক্ৰান্ত হৈ ইতিমধ্যে বহু পশুধনৰ মৃত্যু হোৱাত এতিয়া দুশ্চিন্তাত পৰিছে কৃষকসকল ৷

খোৱাঙত অচিন ৰোগত আক্ৰান্ত পশুধন

জানিব পৰা মতে অঞ্চলটোৰ বহুকেইখন গাঁৱৰ পশুধন বসন্ত ৰোগৰ লগতে ভৰি ফুলাৰ দৰে ৰোগত আক্ৰান্ত হৈছে ৷ খোৱাঙৰ মইনা গাওঁ, চৰাইহাবি, লেজাই ,কলাখোৱা, হালধিবাৰী অঞ্চলত এই ৰোগৰ প্ৰভাৱ অধিক বুলি ৰাইজে জানিবলৈ দিছে ৷ বছৰটোৰ আৰম্ভণিতে জিলা প্ৰশাসনে বিনামূলীয়া টিকাকৰণৰ ব্যৱস্থা কৰিছিল যদিও পশুধন সমূহক ৰোগৰ পৰা ৰক্ষা কৰিব নোৱাৰাত এতিয়া সমস্যাত পৰিছে কৃষি আৰু পশুপালনৰ ওপৰতে নিৰ্ভৰশীল কৃষক ৰাইজ ৷ অঞ্চলটোৰ এজন কৃষকে জানিবলৈ দিয়া অনুসৰি অচিন ৰোগৰ মাজতে ভূতৰ ওপৰত দানহৰ দৰে বাঘৰ আতংকই এতিয়া কৃষক ৰাইজৰ টোপনি হৰি নিছে ৷ ইতিমধ্যে দিনে দুই তিনিটাকৈ গৰু বাঘৰ পেটলৈ গৈছে বুলিও তেওঁ জানিবলৈ দিয়ে ৷ বিভাগীয় কৰ্তৃপক্ষৰ পৰা কোনো সঁহাৰি নাপাই চিন্তাত দিন কটোৱা কৃষক ৰাইজে স্থানীয় পশু চিকিৎসা বিষয়াৰ লগতে জিলা প্ৰশাসনক এই বিষয়ত তৎকালীন ব্যৱস্থা গ্ৰহণৰ দাবী জনাইছে ৷

লগতে পঢ়ক: পলিটেকনিক স্কুল নিৰ্মাণৰ দাবীত টিংখাঙত প্ৰতিবাদ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.