ETV Bharat / state

ডিব্ৰুগড় প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল "কলীমতী গাভৰু বিহু"

author img

By

Published : Apr 6, 2021, 8:28 AM IST

Updated : Jul 21, 2022, 3:36 PM IST

বিহুৰ প্ৰস্তুতিৰ মাজতে অসমৰ এগৰাকী বিশিষ্ট বিহুৱা, লোক সংস্কৃতিৰ গৱেষক দুৰ্লভ বুঢ়াগোহাঁই ৰচিত "কলীমতী গাভৰু বিহু" নামৰ গ্ৰন্থখন ডিব্ৰুগড় প্ৰেছ ক্লাবত উন্মোচন কৰা হয় ।

ডিব্ৰুগড় প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল "কলীমতী গাভৰু বিহু"
ডিব্ৰুগড় প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল "কলীমতী গাভৰু বিহু"

ডিব্ৰুগড়,6 এপ্ৰিল : অসমীয়াৰ পদূলিত আকৌ আহিল হেঁপাহৰ ৰঙালী ৷ অসমীয়া জাতীয় জীৱনৰ আয়ুসৰেখা স্বৰূপ অতিকৈ চেনেহৰ ব'হাগৰ আগমনত এতিয়া সৰ্বত্ৰে পৰিলক্ষিত হ'ল ব্য়স্ততা ৷ এই বহাগক লৈ এতিয়া অসমীয়াৰ প্ৰাণে-মনে উঠিছে আনন্দৰ লহৰ ৷ প্ৰতিজন অসমীয়াই এতিয়া হেঁপাহৰ বিহু পাতিবলৈ বিভিন্ন ধৰণে চলাইছে প্ৰস্তুতি।

ডিব্ৰুগড় প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল
ডিব্ৰুগড় প্ৰেছ ক্লাৱত উন্মোচন কৰা হ'ল "কলীমতী গাভৰু বিহু"

বিহুৰ প্ৰস্তুতিৰ মাজতে অসমৰ এগৰাকী বিশিষ্ট বিহুৱা, লোক সংস্কৃতিৰ গৱেষক দুৰ্লভ বুঢ়াগোহাঁই ৰচিত "কলীমতী গাভৰু বিহু" নামৰ গ্ৰন্থখন ডিব্ৰুগড় প্ৰেছ ক্লাবত উন্মোচন কৰা হয় । গ্ৰন্থখন উন্মোচন কৰে ভাষাবিদ ড৹ ভীমকান্ত বৰুৱাই । গ্ৰন্থখন উন্মোচন কৰি বৰুৱাই কয়, বিহুৰ সময়ত বিহু সম্পৰ্কে এখন সুন্দৰ গ্ৰন্থ নতুন প্ৰজন্মৰ মাজলৈ আগবঢ়াই দিছে, য'ত অসমীয়া পৰম্পৰাগত বিহু নামক বহু চিন্তা চৰ্চা কৰি প্ৰণালীবদ্ধভাৱে সজোৱা হৈছে ।

লগতে পঢ়ক: প্ৰয়াত দুলু গগৈক স্মৰণ হোজাই জিলা জাতীয় পৰিষদৰ

Last Updated : Jul 21, 2022, 3:36 PM IST
ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.