ETV Bharat / state

এচ আই পৰীক্ষা কেলেংকাৰী: বিধায়ক বিমল বৰাৰ বিৰুদ্ধে দল সংগঠন

author img

By

Published : Sep 26, 2020, 5:31 PM IST

টিংখাঙৰ বিধায়ক বিমল বৰাৰ বিৰুদ্ধে প্ৰতিবাদ ৷ অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ গাফিলতিত টিংখাঙৰ বিধায়ক বিমল বৰাj নাম সাঙোৰ খোৱাৰ বাতৰি বৈদ্যুতিন মাধ্যমত সম্প্ৰচাৰ হোৱা পাচতে বিধায়কগৰাকীৰ বিৰুদ্ধে ৰাজপথত প্ৰতিবাদত নামি পৰিছে কৃষক মুক্তি, ছাত্ৰ মুক্তি আৰু ‘কা’ বিৰোধী ঐক্য মঞ্চ ৷

KMSS protest
এচ আই পৰীক্ষা কেলেংকাৰী: বিধায়ক বিমল বৰাৰ বিৰুদ্ধে দল সংগঠন

টিংখাং, 26 ছেপ্তেম্বৰ: অসম আৰক্ষীৰ উপ পৰিদৰ্শকৰ লিখিত পৰীক্ষাৰ গাফিলতিত টিংখাঙৰ বিধায়ক বিমল বৰাৰ নাম সাঙোৰ খোৱাৰ বাতৰি বৈদ্যুতিন মাধ্যমত সম্প্ৰচাৰ হোৱা পাচতে বিধায়ক গৰাকীৰ বিৰুদ্ধে টিংখাঙত উত্তাল প্ৰতিবাদ ।

এচ আই পৰীক্ষা কেলেংকাৰী: বিধায়ক বিমল বৰাৰ বিৰুদ্ধে দল সংগঠন

শনিবাৰে টিংখাঙৰ ৰাজগড়ত কৃষক মক্তি সংগ্ৰাম সমিতি, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতিৰ লগতে ‘কা’ বিৰোধী ঐক্য মঞ্চই বিধায়ক বিমল বৰাৰ পুত্তলিকা দাহ কৰি তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে । বিমল বৰা মূৰ্দাবাদ, সৰ্বানন্দ সোণোৱাল মূর্দাবাদ, গৃহ বিভাগ হায় হায়, এছআই পৰীক্ষাৰ প্ৰশ্নকাকত ফাদিলৰ তদন্ত চিআইডিৰ সলনি চিবিআইক দিয়ক আদি শ্ল’গানাৰে টিংখাঙৰ আকাশ-বতাহ কঁপাই তোলে সংগঠনকেইটাই । ইয়াৰ ক্ষীপ্ৰ তদন্ত কৰি অতি শীঘ্ৰেই দোষীক গ্ৰেপ্তাৰৰ দাবী জনালে প্ৰতিবাদকাৰীসকলে ৷

লগতে পঢ়ক: প্ৰাক্তন মুখ্যমন্ত্ৰী তৰুণ গগৈৰ আশু আৰোগ্য কামনাৰে সৰ্বধৰ্মীয় প্ৰাৰ্থনা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.