ETV Bharat / state

তহঁতৰ সংগ্ৰাম কেতিয়াবা সফল হ'বনে ? তীব্ৰ ক্ষোভত আলফা স্বাধীনলৈ প্ৰশ্ন সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীৰ

author img

By ETV Bharat Assamese Team

Published : Dec 8, 2023, 3:40 PM IST

ফেচবুকযোগে সাংবাদিক বিদ্যুৎ মহন্তৰ পত্নীৰ আবেগ আৰু ক্ষোভ মিশ্ৰিত পোষ্ট ৷ স্বামীক আলফা স্বাধীনত যোগ নিদি ঘূৰি আহিবলৈ জনালে আহ্বান ৷ শুনক কি ক’লে বিদ্যুৎ মহন্তৰ পত্নী প্ৰণামী মহন্তই...

Assam Journalist Join ULFA I
Pranami Mahanta requestd to husband Bidyut Mahanta

মৰাণ, 8 ডিচেম্বৰ: ফেচবুকত তীব্ৰ জাতীয়তাবোধ ভৰা এটা পোষ্ট আৰু এক চাঞ্চল্যকৰ সিদ্ধান্ত স্বীকাৰোক্তিৰে সম্প্ৰতি চৰ্চাত নাহৰকটীয়াৰ সাংবাদিক বিদ্যুৎ মহন্ত ৷ কলমৰ বিপ্লৱ এৰি সশস্ত্ৰ বিপ্লৱৰ পথত খোজ দিয়াৰ কথা কৈ আলফা স্বাধীনত যোগ দিয়াৰ উদ্দেশ্যে পিতৃ-মাতৃ, পত্নী-পুত্ৰ এৰি ঘৰৰ পৰা নোহোৱা হ’ল বিদ্যুৎ ৷ তাৰ পিচতেই বিদ্যুতৰ নাহৰকটীয়াৰ ঘৰখনত বিৰাজ কৰিছে অস্থিৰ এক পৰিবেশে ৷

  • " class="align-text-top noRightClick twitterSection" data="">

বিদ্যুৎ যোৱাৰ পিচতে ঘনে ঘনে অজ্ঞান হৈ পৰিছে মাতৃ ৷ শোকবিহ্বল পিতৃয়েও কান্দিছে হুকহুকাই ৷ বুকুৰ আপোনজনৰ এই সিদ্ধান্তক মানি ল’ব নোৱাৰি কান্দোনত গগণ ফালিছে পত্নীয়ে ৷ কি হৈছে, দেউতাক কলৈ গৈছে একো বুজিব নোৱৰা কণমানি পুত্ৰই এবাৰ ককাক-আইতাক আৰু এবাৰ মাকৰ মুখলৈ চাইছে ৷ হতভম্ভ হৈ পৰিছে বিদ্যুতৰ বন্ধুবৰ্গৰ লগতে ওচৰ-চুবুৰীয়াও ৷

পত্নীয়ে চিঞৰি চিঞৰি কৈছে, ‘‘মোৰ হকা-বাধা নামানিলে, মই বাৰে বাৰে কৈছিলোঁ এনেকুৱা সিদ্ধান্ত ল’ব নালাগে ৷ সপোনত দেখিছিলোঁ তেওঁ গুচি যোৱা ৷ তেওঁক সপোনৰ কথা কওঁতে হাঁহিছিল মাত্ৰ ৷ শেষত তেওঁ মোৰ কথা নামানি তাকেই কৰিলে ৷’’ স্বামীৰ শোকত ম্ৰিয়মান হৈ পৰিছে বিদ্যুতৰ পত্নী প্ৰণামী মহন্ত ৷

বিদ্যুৎ আলফা স্বাধীনলৈ যোৱাৰ দুদিন পিচত শুকুৰবাৰে পত্নী প্ৰণামীয়ে ফেচবুকত লিখিছে এক ক্ষোভ আৰু আবেগ মিশ্ৰিত পোষ্ট ৷ তেওঁ লিখিছে, ‘‘মোৰ বহুত প্ৰশ্ন আছে তোমাক সুধিবলৈ । মোক মোৰ উত্তৰ লাগে । তুমি মোক এবাৰ নিজ মুখে কোৱা যে তুমি গুচি গৈছা । মোৰ আৰু এটা প্ৰশ্ন সেই কাপুৰুষ কেইটালৈ, যি তোমাক ফুচুলাই এই পথলৈ নিছে ৷ তহঁতৰ সংগ্ৰাম কেতিয়াবা সফল হ'বনে ? ইমান মানুহৰ শাওপাত লৈ তহঁত সকলো আওমৰণে মৰিবি । এয়া এগৰাকী নিঠৰুৱা পত্নীৰ শাও । চাই থাক তহঁতে ইয়াৰ পৰিণাম অতি সোনকালে পাবি, বুকুত এচটা শিল লৈ জীয়াই আছোঁ ৷’’

  • " class="align-text-top noRightClick twitterSection" data="">

আনহাতে, সামাজিক মাধ্যমৰ জৰিয়তে বৰ্তমান ঘৰখনৰ পৰিস্থিতিৰ বিৱৰণ দি বিদ্যুৎ মহন্তক ঘৰলৈ ঘুৰি অহাৰ আহ্বান জনায় পত্নী প্ৰণামীয়ে । ইফালে বিদ্যুতে আলফা স্বাধীনলৈ যোৱা বুলি খবৰ বিয়পি পৰাৰ পিচতে আৰক্ষীয়ে তেওঁৰ দুগৰাকী সুহৃদ সাংবাদিককো সোধাপোছা কৰিছে ৷ সাংবাদিক বুলন কুমাৰ শইকীয়াই নিজৰ ফেচবুক একাউন্টযোগে বিদ্যুতৰ যে এই সিদ্ধান্ত ভুল সেয়া বাৰে বাৰে উল্লেখ কৰা দেখা গৈছে ৷

তেওঁ সাংবাদিকৰ আগত উল্লেখ কৰিছে যে অত্যন্ত অন্তৰংগ হোৱাৰ পিচতো বিদ্যুতে এবাৰলৈও তেওঁক জনোৱা নাছিল এই সিদ্ধান্তৰ কথা ৷ পৰেশ বৰুৱাৰে থকা যোগাযোগৰ বাবে বিদ্যুতৰ এই সিদ্ধান্তত অনুঘটকৰ ভূমিকা পালন কৰা বুলি আৰক্ষীৰ লগতে আন বহুতে তেওঁক সন্দেহ কৰিছে যদিও, তেওঁ একোৱেই গম পোৱা নাছিল ৷

বিদ্যুতক ঘূৰি আহিবলৈ অনুৰোধ জনোৱাৰ লগতে আলফা স্বাধীনৰ সৰ্বাধিনায়ক পৰেশ বৰুৱাকো সাংবাদিকগৰাকীক ওভতাই পঠিয়াবলৈ আহ্বান জনাইছে শইকীয়াই ৷ আনকি বিদ্যুতৰ পৰিয়ালৰ লোকেও একেই দাবী জনাইছে পৰেশ বৰুৱাক ৷

লগতে পঢ়ক: বিদ্যুৎ মহন্তৰ আলফা স্বাধীনত যোগদানৰ পিচতে নাহৰকটীয়াৰ দুই সাংবাদিকক আৰক্ষীৰ জেৰা

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.