ETV Bharat / state

লাহোৱালৰ চেঁচা নৈত কৰ ফাঁকি দি অবৈধ খনন চলাৰ অভিযোগ; চকু মুদা কুলিৰ ৰূপত বন বিভাগ

author img

By ETV Bharat Assamese Team

Published : Nov 18, 2023, 7:06 AM IST

Illegal land excavation
কৰ ফাঁকি দি চলিছে অবৈধ মাটি আৰু পলস খনন

লাহোৱালৰ বকুল মাজগাঁৱৰ চেঁচা নৈত লাখ লাখ কৰ ফাঁকি দি চলিছে অবৈধভাৱে মাটি আৰু পলসখনন ৷ চকু মুদা কুলিৰ ভাওত ডিব্ৰুগড়ৰ বন বিভাগ, আৰক্ষী প্ৰশাসন ৷ এই অভিযোগ স্থানীয় ৰাইজৰ (Illegal land excavation) ৷

কৰ ফাঁকি দি চলিছে অবৈধ মাটি আৰু পলস খনন

ডিব্ৰুগড়, 18 অক্টোবৰ : ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব লৈয়ে ড৹ হিমন্ত বিশ্ব শৰ্মাই ঘোষণা কৰিছিল ৰাজ্যত কোনেও অবৈধ কাম-কাজ কৰিব নোৱাৰিব । কিন্তু সময় পাৰ হোৱাৰ লগে লগে যেন সকলো ফুটুকাৰ ফেন হ'ল । ৰাজ্যৰ বিভিন্ন প্ৰান্তৰত এতিয়া অবাধে চলিছে গৰু, কাঠ, বালি, পলসৰ অবৈধ সৰবৰাহ ।

ইয়াৰ মাজতে পোহৰলৈ আহিছে লাহোৱালৰ বকুল মাজগাঁৱৰ চেঁচা নৈত লাখ লাখ কৰ ফাঁকি দি চলিছে অবৈধ মাটি আৰু পলস খনন । লাহোৱালত এতিয়া ভূ-মাফিয়াৰ দপদপনিত অসহায় হৈ পৰিছে অঞ্চলটোৰ ৰাইজ । ডিব্ৰুগড় জিলাৰ লাহোৱাল সমষ্টিৰ অন্তৰ্গত বকুল মাজগাঁৱৰ চেঁচা নৈত ভূ-মাফিয়াই এফালৰ চৰকাৰী ভূমিত দিনে-নিশাই চলাই গৈছে ধ্বংসযজ্ঞ ।

ৰাইজৰ অভিযোগ, ভূ-মাফিয়াই চেঁচা নৈৰ পাৰত খনন কৰি নিতৌ শ শ ডাম্পাৰ, ট্ৰাক আৰু ট্ৰেক্টৰেৰে ডিব্ৰুগড়ৰ বিভিন্ন ঠাইত মাটি আৰু পলস বিক্ৰী কৰি আহিছে । প্ৰকাণ্ড প্ৰকাণ্ড পুখুৰী খান্দি মাটি সৰবৰাহ কৰাত তীব্ৰ ভাবুকিৰ সৃষ্টি হৈছে স্থানীয় 50 খনতকৈ অধিক গাঁৱলৈ ।

কোনো ধৰণৰ কানসাৰ নাই ডিব্ৰুগড়ৰ আঞ্চলিক বন সংমণ্ডলৰ কাৰ্যালয়ৰ । চকুমুদা কুলিৰ ভাওত ডিব্ৰুগড়ৰ বন বিভাগ আৰু আৰক্ষী প্ৰশাসন । ডিব্ৰুগড়ৰ বন বিভাগ আৰু লাহোৱাল আৰক্ষীয়ে কমিচনৰ অংকত চৰকাৰী ভূমি খননৰ অনুমতি প্ৰদান কৰাৰ অভিযোগ স্থানীয় অঞ্চলবাসীৰ ।

ফলত চৰকাৰে লাখ লাখ টকা ৰাজহ হেৰুৱাব লগা হোৱাৰ লগতে অঞ্চলটোৰ ৰাইজে কেইজনমান ভূ-মাফিয়াৰ বাবে ক্ষতিগ্ৰস্ত হ'ব লগা হৈছে । এই অবৈধভাৱে মাটি আৰু পলস খনন আৰু সৰবৰাহ বন্ধ কৰিবলৈ চৰকাৰক দাবী অঞ্চলটোৰ ৰাইজৰ ।

লগতে পঢ়ক : ৩৩ খন জিলাৰ কাৰ্যালয়ত মাত্ৰ ১০জন বিষয়া; ব্যাহত অসম বীজ নিগমৰ কাম-কাজ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.