ETV Bharat / state

ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছৰ বেহা উৎখাত

author img

By

Published : Aug 26, 2020, 1:52 PM IST

ডিব্ৰুগড়ৰ কালিবাড়িত পূৰ্বে ড্ৰাগছ সম্ৰাট ইলাহী শ্বেইখে ড্ৰাগছৰ ঘাটি পাতি ড্ৰাগছৰ সাম্ৰাজ্য ৰূপে গঢ়ি তুলিছিল যদিও এতিয়া ডিব্ৰুগড়ৰ এই সুন্দৰ পুৰত গঢ়ি উঠিছে ড্ৰাগছৰ বৃহৎ ঘাটি । পূৰ্বে খগেন গগৈৰ বাসগৃহতে নিষিদ্ধ ড্ৰাগছ সেৱন কৰি থকা এক্সক্লোছিভ ভিডিঅ' প্ৰকাশ পাইছিল সংবাদ মাধ্যমত ৷

Huge market of drugs busted in Dibrugarh
ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছৰ বেহা উৎখাত

ডিব্ৰুগড়, 26 আগষ্টঃ ডিব্ৰুগড় আৰক্ষীৰ ড্ৰাগছ বিৰোধী অভিযান । ডিব্ৰুগড়ৰ সুন্দৰ পুৰৰ পৰা ১১০ গ্ৰাম ব্ৰাউন চুগাৰ সহ নগদ ৭৩,০০০ টকা জব্দ কৰিবলৈ সক্ষম হৈছে অভিযানকাৰী দলে । উল্লেখযোগ্য যে, খগেন গগৈ নামৰ ব্যক্তিজনৰ বাসগৃহত দীৰ্ঘদিনৰ পৰা চলি আছিল ড্ৰাগছৰ ৰমৰমীয়া ব্যৱসায় । খগেন গগৈৰ পুত্ৰ তুষাৰজ্যোতি গগৈয়ে চলাই আছিল নিজ বাসগৃহৰ পৰাই ড্ৰাগছৰ ব্যৱসায় । ডিব্ৰুগড়তে নহয়, উজনি অসম আৰু অৰুণাচল, নাগালেণ্ড লৈকো সৰবৰাহ হয় নিষিদ্ধ ড্ৰাগছ ।

ডিব্ৰুগড়ত নিষিদ্ধ ড্ৰাগছৰ বেহা উৎখাত

আনহাতে, আৰক্ষীৰ অভিযানৰ সময়ত উপস্থিত হোৱা সাংবাদিকক দুৰ্ব্যৱহাৰ ড্ৰাগছ ব্যৱসায়ীৰ । বাতৰি সংগ্ৰহত তীব্ৰ বাধা দিয়াৰ লগতে সাংবাদিকক প্ৰহাৰ কৰাৰ চেষ্টা । অৱশ্যে আৰক্ষীয়ে নিয়ন্ত্ৰণ কৰে পৰিস্থিতি । ডিব্ৰুগড় কালিবাড়িত পূৰ্বে ড্ৰাগছ সম্ৰাট ইলাহী শ্বেইখে ড্ৰাগছৰ ঘাটি পাতি সাম্ৰাজ্য গঢ়ি তুলিছিল যদিও এতিয়া ডিব্ৰুগড়ৰ সুন্দৰ পুৰত গঢ়ি উঠিছে এন বৃহৎ ঘাটি । পূৰ্বে খগেন গগৈৰ বাসগৃহতে নিষিদ্ধ ড্ৰাগছ সেৱন কৰি থকা এক্সক্লোছিভ ভিডিঅ' প্ৰকাশ পাইছিল সংবাদ মাধ্যমত । অৱশ্যে ডিব্ৰুগড়ৰ উপ আৰক্ষী অধীক্ষক(প্ৰভিজনেল) ড° অনুপ জ্যোতি বৰা, সদৰ আৰক্ষী বিষয়া ৰাজীৱ শইকীয়া, নগৰ পৰিদৰ্শক মনোৰঞ্জন শইকীয়া সহ বৃহৎ আৰক্ষী দলে অভিযান চলাই বহু পলমকৈ হ'লেও সফল অভিযান চলাবলৈ সক্ষম হয় ।

মঙলবাৰে মাজনিশা ডিব্ৰুগড় আৰক্ষীয়ে চলোৱা এক বৃহৎ অভিযানত ১১০ গ্ৰাম ব্ৰাউন চুগাৰ জব্দ কৰা লগতে তুষাৰজ্যোতি গগৈক গ্ৰেপ্তাৰ কৰে । জানিব পৰা মতে, জব্দকৃত ড্ৰাগছৰ মূল্য প্ৰায় ১০ লাখ টকা । আৰক্ষীৰ তদন্ততহে পোহৰলৈ আহিব যুৱ প্ৰজন্মক ধ্বংসৰ মুখলৈ ঠেলি দিয়া নিষিদ্ধ ড্ৰাগছ ব্যৱসায়ত আৰু কোন কোন জড়িত ।

লগতে পঢ়কঃ নাৰীদেহ সৰবৰাহকাৰীৰ কবলৰ পৰা বাংলাদেশী মহিলাক উদ্ধাৰ বি এছ এফৰ

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.