ETV Bharat / state

Platinum Jubilee of AMCH: AMCHৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত ধিং এক্সপ্ৰেছ হিমা দাস

author img

By

Published : Nov 1, 2022, 10:17 PM IST

Hima Das participated Platinum Jubilee of AMCH
AMCH ত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত ধিং এক্সপ্ৰেছ হীমা দাস

AMCH ত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত অংশগ্ৰহণ কৰে ধিং এক্সপ্ৰেছ হিমা দাসে(Hima Das participated Platinum Jubilee of AMCH) । AMCHত অত্যাধুনিক প্ৰযুক্তিৰে নিৰ্মাণ কৰা "স্পাইক ভিল ১৯৯১" ভলীবলৰ খেলপথাৰ মুকলি কৰে খেলুৱৈগৰাকীয়ে ।

ডিব্ৰুগড়,১ নৱেম্বৰ: অসম চিকিৎসা মহাবিদ্যালয়ে উদযাপন কৰিছে মহাৰজত জয়ন্তী(Assam Medical College celebrates Platinum Jubilee) । অসম চিকিৎসা মহাবিদ্যালয়ত উপস্থিত তাৰকা খেলুৱৈ হিমা দাস । চিকিৎসা মহাবিদ্যালয়খনৰ মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত আজি ধিং এক্সপ্ৰেছখ্যাত হিমা দাসক গায়ন-বায়নেৰে চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উদযাপন সমিতিয়ে আদৰণি জনায় । এক গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত হিমাই অংশগ্ৰহণ কৰি ঐতিহ্যমণ্ডিত চিকিৎসা মহাবিদ্যালয়খনত উপস্থিত হ'বলৈ পাই নিজকে সৌভাগ্যবান অনুভৱ কৰা বুলি মন্তব্য কৰে(Hima Das participated Platinum Jubilee of AMCH) ।

AMCH ত মহাৰজত জয়ন্তীৰ সামৰণি অনুষ্ঠানত ধিং এক্সপ্ৰেছ হিমা দাস

লগতে চিকিৎসক সকলক ভগৱান আখ্যা দি হিমাই কয় যে বহিঃৰাষ্ট্ৰত থকা কৰ্মৰত অধিকাংশ চিকিৎসকেই ভাৰতৰ । ভাৰতৰ চিকিৎসা ব্যৱস্থা অতি উন্নত বুলিও দাবী কৰিলে হিমাই । তদুপৰি চিকিৎসা সেৱাৰ উপৰি ক্ৰীড়া ক্ষেত্ৰখনৰ জৰিয়তে নিজক প্ৰতিষ্ঠা কৰিবলৈ আহ্বান জনালে চিকিৎসক সকললৈ । ইয়াৰ পিছতে হিমাই ১৯৯১ বৰ্ষৰ প্ৰাক্তন শিক্ষাৰ্থী সকলৰ বৰঙণিৰে ১৬ লাখ টকা ব্যয়েৰে নিৰ্মাণ কৰা "স্পাইক ভিল ১৯৯১" ভলীবলৰ খেলপথাৰ মুকলি কৰি হাতত বল তুলি লয় (Hima Das launches Spike Ville 1991) ।

উল্লেখযোগ্য যে উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমখন চিকিৎসা মহাবিদ্যালয় ডিব্ৰুগড়স্থিত অসম চিকিৎসা মহাবিদ্যালয়ৰ মহাৰজত জয়ন্তী উপলক্ষে বছৰজোৰা বিভিন্ন কাৰ্যসূচী পালন কৰি থকা হৈছে (Platinum Jubilee of AMCH) । যোৱা ২৯ আগষ্টৰ পৰা আৰম্ভ হোৱা মহাৰজত জয়ন্তী বৰ্ষৰ কাৰ্যসূচী ৩ নৱেম্বৰলৈকে অনুষ্ঠিত হ'ব বুলি জানিবলৈ দিছে উদ্যোক্তাসকলে ।

লগতে পঢ়ক: OC Utpal Borah arrested: আৰক্ষী বিষয়া উৎপল বড়াৰ গ্ৰেপ্তাৰ প্ৰসংগত কি ক'লে ডি জি পিয়ে

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.