ETV Bharat / state

বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ চৰাইদেউত ভেকুলীৰ বিয়া

author img

By

Published : Apr 30, 2021, 10:02 AM IST

পানীৰ বাবে জীয়াতু ভুগি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ভেকুলীৰ বিয়া পাতিলে চৰাইদেউ নাহৰপুখুৰী কোঁৱৰ গাঁৱৰ ৰাইজে ৷ অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি বৰষুণৰ কামনা ৰাইজৰ ৷

চৰাইদেউত ভেকুলীৰ বিয়া
চৰাইদেউত ভেকুলীৰ বিয়া

মৰাণ, 30 এপ্ৰিল : বৰষুণৰ বাবে ভেকুলীৰ বিয়া পাতিলে চৰাইদেউ নাহৰপুখুৰী কোঁৱৰপুৰ গাঁৱৰ ৰাইজে ৷ বহু দিন ধৰি বৰষুণ নোহোৱাৰ বাবে বতৰ খৰাং হোৱাৰ ফলত পুখুৰী, নাদ শুকাই যোৱাত এটুপি খোৱা পানীৰ বাবে ৰাইজে জীয়াতু ভুগিব লগা হৈছে ।

চৰাইদেউত ভেকুলীৰ বিয়া

তদুপৰি পথাৰ শুকাই চিৰাল ফাট দিয়াত গৰু, ম'হ, আদি জন্তু সমূহো খোৱাপানীৰ অভাৱত ভুগিছে । এনে পৰিপেক্ষিতত চৰাইদউ নাহৰপুখুৰী কোঁৱৰ চোক আৰু পূৱ নলবৰীয়া গাঁৱৰ ৰাইজে সমিল মিলেৰে সম্পূৰ্ণ অসমীয়া ৰীতি-নীতি, পৰম্পৰা ৰক্ষা কৰি বৰুণ দেৱতাক সন্তুষ্ট কৰিবলৈ ভেকুলীৰ বিয়া পাতি পৃথিৱীলৈ বৰষুণ নমাই অনাৰ বাবে অসমীয়া লোক বিশ্বাস মতে ভেকুলীৰ বিয়া পাতে ।

গাঁৱৰ যুৱক যুৱতী, ডেকা, বুঢ়া সকলো ঢোলে দগৰে নাহৰপুখুৰী কোঁৱৰ চোকৰ দৰা ঘৰে পূৱ নলবৰীয়াৰ কইনা ঘৰলৈ আহি কন্যাক বিয়া পাতি লৈ যায় । উল্লেখ যে, অনাবৃষ্টিৰ সময়তে মানুহে প্ৰকৃতিক সন্তুষ্ট কৰিবলৈ কিছুমান লোকাচাৰ পালন কৰে । তেনে বিভিন্ন অনুষ্ঠানসমূহৰ ভিতৰত ভেকুলী বিয়া অন্যতম । অসমীয়া বিবাহ উৎসৱৰ পৰাম্পৰাগত ৰীতি-নীতিসমূহৰ পালনেৰে দুটা ভেকুলীৰ বিয়া পাতি ৰাইজে আনন্দ উল্লাস কৰি বৰষুণৰ কামনা কৰে ।

লগতে পঢ়ক : হোজাইৰ নীলবাগান ক’ভিড কেয়াৰ চেন্টাৰত উত্তপ্ত পৰিস্থিতি

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.