ETV Bharat / state

Firing in Dehing Patkai National Park: চোৰাং চিকাৰীৰ বিৰুদ্ধে দিহিং পাটকাইত বন বিভাগৰ অভিযান

author img

By

Published : Feb 1, 2022, 9:05 PM IST

Firing in Dehing Patkai National Park
চোৰাং চিকাৰীৰ বিৰুদ্ধে দিহিং পাটকাইত বন বিভাগৰ অভিযান

দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰীৰ বিৰুদ্ধে চলিল বন বিভাগৰ অভিযান (Forest department operation in Dehing Patkai)। বনকৰ্মী আৰু চোৰাং চিকাৰীৰ মাজত গুলীয়াগুলি । মেচিন কৰতসহ এটা হস্তনিৰ্মিত বন্দুক আৰু গুলী উদ্ধাৰ ।

মৰাণ,১ ফেব্ৰুৱাৰী : ৰাজ্যত অব্যাহত আছে চোৰাং চিকাৰীৰ কাৰ্যকলাপ । বিভিন্ন অভয়াৰণ্যত বন বিভাগৰ চকুত ধুলি দি চোৰাং চিকাৰীয়ে কাৰ্যকলাপ অব্যাহত ৰাখিছে । অৱশ্যে তাৰ মাজতে চোৰাং চিকাৰীৰ বিৰুদ্ধে অভিযানো চলাই গৈছে বন বিভাগে । এইবাৰ দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানত চোৰাং চিকাৰী লগতে বন ধ্বংসকাৰীৰ বিৰুদ্ধে চলিল বন বিভাগৰ অভিযান (Forest department operation in Dehing Patkai)।

চোৰাং চিকাৰীৰ বিৰুদ্ধে দিহিং পাটকাইত বন বিভাগৰ অভিযান

একাংশ লোক বন ধ্বংসত জড়িত হৈ থকাৰ খবৰ লাভ কৰিছিল বন বিভাগে । তাৰ পাছতে দিহিং পাটকাই ৰাষ্ট্ৰীয় উদ্যানৰ জয়পুৰ বনাঞ্চলিক বিষয়া পুষ্পধৰ বৰগোঁহাইৰ তৎপৰতাত কঁঠালগুৰি খণ্ড বন বিষয়া অজিত গগৈ আৰু ৰাকেশ সিংহৰ নেতৃত্বত এটা দলে নতুন বস্তি অঞ্চলত সোমবাৰে নিশা অভিযান চলায় । অভিযানৰ সময়ত বনবিভাগৰ লোক আৰু আৰক্ষীয়ে চোৰাং চিকাৰীক লক্ষ্য কৰি গুলী চালনা কৰে ।

কিন্তু আন্ধাৰৰ সুযোগ লৈ চোৰাং চিকাৰীৰ তিনি জনীয়া দলটোৱে পলায়ন কৰিবলৈ সক্ষম হয় । অৱশেষত আৰক্ষী আৰু বন বিভাগে চোৰাং চিকাৰীৰ দলটোৱে কাঠ কাটিবলৈ ব্যৱহাৰ কৰা মেচিন কৰতসহ এটা হস্তনিৰ্মিত বন্দুক আৰু কেইবাজাই গুলী উদ্ধাৰ কৰিবলৈ সক্ষম হয় ।

লগতে পঢ়ক :Cattle smuggling in Assam : গোৱালপাৰাত চোৰাংভাৱে সৰবৰাহ কৰা গৰুসহ আটক দুজন

TAGGED:

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.