ETV Bharat / state

Cattle smuggling in Assam : গোৱালপাৰাত চোৰাংভাৱে সৰবৰাহ কৰা গৰুসহ আটক দুজন

author img

By

Published : Jan 31, 2022, 7:26 PM IST

ৰাজ্যত অব্যাহত আছে গৰুৰ চোৰাং বেহা (Cattle smuggling in Assam) ৷ সোমবাৰে দুখন গৰুভৰ্তি বাহন জব্দ কৰে গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীয়ে ৷

Cattle smuggling in Assam
গোৱালপাৰাত চোৰাংভাৱে সৰবৰাহ কৰা গৰুসহ আটক দুজন

গোৱালপাৰা, 31 জানুৱাৰী: ৰাজ্যৰ অন্য প্ৰন্তৰ দৰে গোৱালপাৰাতো অব্যাহত আছে গৰুৰ চোৰাং ব্যৱসায় । সোমবাৰে দুখনকৈ গৰুভৰ্তি বাহন জব্দ কৰে গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীয়ে ৷ লগতে আটক কৰে দুজন চোৰাং ব্যৱসায়ীক (Cattle Smugglers arrested at Goalpara)৷

গৰুৰ চোৰাং ব্যৱসায়ৰ বিৰুদ্ধে সৰৱ হৈ পৰিছে গোৱালপাৰা আৰক্ষী (Police raids against smuggling cows in Goalpara) । সোমবাৰে পুৱতি নিশা আৰক্ষীয়ে অভিযান চলাই ২৯ টা চোৰাং গৰু জব্দ কৰা ঘটনাই চাঞ্চল্যৰ সৃষ্টি কৰিছে ৷ গোৱালপাৰাৰ শিমলীতোলা আৰক্ষীয়ে নিয়মীয়া তালাচীত জব্দ কৰে চোৰাং গৰুভৰ্তি দুখনকৈ বাহন ৷ শিমলীতোলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিৎ দাসৰ নেতৃত্বত যোৱা আৰক্ষীৰ দলটোৱে কমাৰপোতাত জব্দ কৰে চোৰাংভাৱে অনা গৰু ভৰ্তি বাহন দুখন ৷

AS-25C-C8098 নম্বৰৰ বলেৰ’ আৰু নম্বৰ বিহীন আন এখন গৰুভৰ্তি বাহনেৰে জিলাখনৰ ধূপধৰালৈ গৈ থকা অৱস্থাত আৰক্ষীয়ে জব্দ কৰে গৰুভৰ্তি বাহন দুখন ৷ আৰক্ষীয়ে ইয়াৰ লগত জড়িত দুজন চোৰাং ব্যৱসায়ীকো আটক কৰিবলৈ সক্ষম হয় ৷ চোৰাং গৰু ব্যৱসায়ী দুজন ক্ৰমে হাবাল খণ্ডকাৰ আৰু দিলবৰ হ’ক ৷ সম্প্ৰতি জব্দকৃত গৰুভৰ্তি বাহন দুখনৰ লগতে আটকাধীন লোক দুজনক শিমলীতোলা আৰক্ষী চকীত ৰখা হৈছে ৷

আনহাতে জব্দ কৰা গৰুকেইটা চোৰাং ব্যৱসায়ীয়ে বাংলাদেশলৈ নি থকাৰো সন্দেহ প্ৰকাশ কৰে শিমলীতলা আৰক্ষী চকীৰ ভাৰপ্ৰাপ্ত আৰক্ষী বিষয়া বিক্ৰমজিৎ দাসে ।

লগতে পঢ়ক: Constables being used as labourers : শীৰ্ষ বিষয়াৰ ব্যক্তিগত গৃহ নিৰ্মাণত নিয়োজিত আৰক্ষীৰ জোৱান

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.