ETV Bharat / state

অতুল দত্ত ওৰফে সমীৰণ অসমক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পৰিয়ালৰ

author img

By ETV Bharat Assamese Team

Published : Jan 14, 2024, 10:27 AM IST

family urged ulfa i cadre atul dutta to come back
3 দশকৰো অধিক দিন আলফা শিবিৰত কটোৱা অতুল দত্ত ওৰফে সমীৰণ অসমক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পৰিয়ালৰ

Family urged ULFA I cadre to come back: 32 বছৰে আলফা শিবিৰত থকা টিংখাঙৰ অতুল দত্ত ওৰফে সমীৰণ অসমক ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান পৰিয়ালৰ ৷ পৰেশ বৰুৱালৈ আকুল আহ্বান পৰিয়ালৰ ৷

3 দশকৰো অধিক দিন আলফা শিবিৰত কটোৱা অতুল দত্ত ওৰফে সমীৰণ অসমক ঘৰলৈ ঘূৰি অহাৰ আহ্বান পৰিয়ালৰ

মৰাণ, 14 জানুৱাৰী: সম্পন্ন হ'ল আলফাৰ শান্তি চুক্তি । এতিয়া আলফা শিবিৰৰ পৰা ঘৰৰ ল’ৰা ঘৰলৈ ঘূৰি অহাৰ আহ্বান জনাইছে টিংখাঙৰ আলফা নেতা সমীৰণ অসম ওৰফে অতুল দত্তক তেওঁৰ আত্মীয়ই । ডিব্ৰুগড় জিলাৰ টিংখাঙৰ ৰাজগড় আৰক্ষী চকীৰ অন্তৰ্গত ৰঙাবননি গাঁৱৰ প্ৰয়াত ভোলানাথ দত্ত আৰু বৰআইতি দত্তৰ কনিষ্ঠ পুত্ৰ অতুল দত্ত ওৰফে সমীৰণ অসমে যোৱা 32 বছৰে আলফাৰ শিৱিৰত আছে বুলি পৰিয়ালটোৱে জনায় ৷ 3 দশকৰো অধিক সময় পৰিয়ালৰ লোকৰ সৈতে সম্পৰ্ক বিচ্ছিন্ন হৈ আছে অতুলৰ ৷

পৰিয়ালৰ লোকে জানিবলৈ দিয়া অনুসৰি এতিয়া অতুলৰ বয়স প্ৰায় 55 বছৰ ৷ জীৱনৰ বিয়লি বেলাত আপোনজনক ঘৰলৈ ঘূৰাই বিচাৰিছে পৰিয়ালৰ লোকে ৷ পৰেশ বৰুৱালৈ আকুল আহ্বান জনাইছে সমীৰণ অসম ওৰফে অতুল দত্তৰ পৰিয়ালৰ লোকে - "আমাৰ অতুলক ঘূৰাই দিয়ক ৷"

ভোগালী বিহুৰ প্ৰাকমূহূৰ্তত আলফা কেডাৰজনৰ ৰঙাবননি গৃহত সংবাদ মাধ্যমৰ আগত পৰিয়ালৰ লোকে অতুল দত্তক নিজ ঘৰলৈ ঘূৰি আহিবলৈ আহ্বান জনায় ৷ উল্লেখ্য যে, 1991 চনত আলফাত যোগদান কৰা অতুল 1995 চনত শিমলুগুৰিত আৰক্ষীৰ হাতত ধৰা পৰি শিৱসাগৰৰ কাৰাগাৰত বন্দী হৈছিল যদিও পুনৰ কাৰাগাৰৰ পৰা ওলাই আলফাৰ শিবিৰলৈ গমন কৰে ৷ ডিব্ৰুগড় কানৈ কলেজত বাণিজ্য শাখাত অধ্যয়ন কৰি থকাৰ সময়তে অতুল দত্ত আলফাত যোগদান কৰিছিল বুলি পৰিয়ালৰ লোকে জনায় ৷ সেই সময়ত অতুলৰ বয়স আছিল 22 বছৰ ৷

সেই 22 বছৰীয়া ল’ৰাজনৰ বৰ্তমান বয়স প্ৰায় 55 বছৰ ৷ জীৱনৰ মূল্যৱান সময়খিনি আলফাতে কটোৱা অতুল দত্ত ওৰফে সমীৰণ অসমক ঘৰলৈ ঘূৰি আহিবলৈ কাতৰ আহ্বান জনাইছে তেওঁৰ পৰিয়ালৰ লোকে ৷

লগতে পঢ়ক: সশস্ত্ৰ সংগ্ৰামক বিশ্বাস কৰিছিলো, আমি নোৱাৰিলো, হাৰিলো: শশধৰ চৌধুৰী

ETV Bharat Logo

Copyright © 2024 Ushodaya Enterprises Pvt. Ltd., All Rights Reserved.